বটদ্ৰৱা,১৯ জুন: পুনৰ বাতৰি শিৰোনামালৈ আহিল নগাঁও জিলাৰ দলংঘাট উন্নয়ন খণ্ড । দৰিদ্ৰ হিতাধিকাৰীৰ বাবে ৰূপায়িত অভিলাষী আঁচনিত লোলুপ দৃষ্টি এগৰাকী পঞ্চায়ত সচিবৰ । চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনি ৰূপায়ণৰ নামত সংঘটিত হৈ অহা ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ।
![BATADRAVA_GP_SECY_SUSPENDED](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-btdva-801-19jun-batadrava-gp-secty-suspended-pranjal-bora_19062020145810_1906f_1592558890_376.jpg)
বিশেষকৈ খাদ্য সুৰক্ষা কাৰ্ড নথকা দৰিদ্ৰ পৰিয়ালক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত প্ৰদান কৰা ১০০০ টকীয়া অৰ্থ সাহাৰ্য বিতৰণত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগত নিলম্বন কৰা হয় আইভেটি গাঁও পঞ্চায়তৰ সচিব প্ৰবোধ নাথ নামৰ ব্যক্তিজনক । নগাঁও জিলাৰ দলংঘাট উন্নয়ন খণ্ডৰ অধীনৰ আইভেটি গাঁও পঞ্চায়ৰ সচিব প্ৰবোধ নাথক তৎকালীন ভাৱে বলবৎ হোৱাকৈ নিলম্বন কৰা হৈছে ।
খাদ্য সুৰক্ষা কাৰ্ড নথকা গ্ৰাম্য দুখীয়া পৰিয়াললৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত প্ৰদান কৰি থকা ১০০০ টকীয়া অৰ্থ সাহাৰ্য বিতৰনত আইভেটি গাঁও পঞ্চায়তত হোৱা ব্যাপক খেলিমেলিৰ সম্পৰ্কত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ প্ৰতিবেদনৰ ভিত্তিত বিভাগৰ আয়ুক্ত হেমেন দাসে এই নিৰ্দেশ জাৰি কৰে । উল্লেখ্য যে লক ডাউনৰ সময়চোৱাত খাদ্য সুৰক্ষা কাৰ্ড নথকা ৪ লাখ ১৮ হাজাৰ ১৮৩ গ্ৰাম্য দুখীয়া পৰিয়াললৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে এই ধন ৰাশি প্ৰদান কৰিছিল ।
![BATADRAVA_GP_SECY_SUSPENDED](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-btdva-801-19jun-batadrava-gp-secty-suspended-pranjal-bora_19062020145810_1906f_1592558890_528.jpg)
লগতে চাওকঃ বৰপেটাত 16 বস্তা চোৰাং চাউল জব্দ