ETV Bharat / state

গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত কৃত্ৰিম বান - কৃত্রিম বান

বাঢ়নী পানীয়ে শ শ মৎস্য পালকৰ পুখুৰী বুৰাই পেলোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বটদ্ৰৱাত । কৃত্ৰিম বাঢ়নী পানীয়ে ভাবুকি কঢ়িয়াই আনিছে দৌল মন্দিৰলৈ ৷

BATADRAVA FLOOD
গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত কৃত্রিম বান
author img

By

Published : Jul 7, 2020, 10:13 AM IST

Updated : Jul 7, 2020, 12:03 PM IST

নগাঁও, 7 জুলাই : বটদ্ৰৱাত কেইজনমান দুষ্ট প্ৰকৃতিৰ লোকৰ বাবেই কৃত্রিম বানৰ কবলত পৰিছে পোন্ধৰখনতকৈ অধিক গাওঁ । কৃত্ৰিম বানত বুৰ গৈছে কেইবাহাজাৰ বিঘা শালি ধানৰ খেতি । ফলত মুৰে কপালে হাত দিবলগীয়া হৈছে বটদ্ৰৱা অঞ্চলৰ মৎস্য পালকে । বাঢ়নী পানীয়ে শ শ মৎস্য পালকৰ পুখুৰী বুৰাই পেলোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । কৃত্ৰিম বাঢ়নী পানীয়ে ভাবুকি কঢ়িয়াই আনিছে দৌল মন্দিৰলৈ ৷

গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত কৃত্রিম বান

গুৰুজনাৰ বহু স্মৃতি বিজড়িত ঐতিহাসিক শান্তিজানৰ এটা প্ৰান্তত কেইবাটাও পুখুৰী খান্দি দিয়াৰ ফলতেই ওলাই যাব পৰা নাই শান্তিজানৰ জলধাৰা । যাৰ ফলস্বৰূপে অঞ্চলটোত মানুহৰ ঘৰ, নামঘৰ, মছজিদ, বিদ্যালয় আদি বানৰ কবলত পৰিছে । কৃত্ৰিম বানত অতিকৈ ক্ষতিগ্রস্ত হোৱা গাঁওকেইখন ক্ৰমে বটদ্ৰৱা বৰহিছা, সৰুহিছা, ভোমোৰাগুৰি, লালুং গাঁও, বাটমাৰী, কেৰিমেৰি, ধুনীয়াভেঁটি পথাৰ, গা খজুৱা । উল্লেখ্য যে দেওবাৰে ধিং ৰাজহ চক্ৰৰ চক্র বিষয়া আৰু বটদ্ৰৱা আৰক্ষীয়ে বন্ধ হোৱা শান্তিজান খুলি দিবলৈ চেষ্টা কৰিছিল যদিও একাংশ লোকে বাধা প্ৰদান কৰে । যাক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক : বকোত পানীত পৰি দুই যুৱকৰ মৃত্যু

Last Updated : Jul 7, 2020, 12:03 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.