ETV Bharat / state

শ্বহীদ গুণাভিৰাম বৰদলৈৰ প্ৰতিমূৰ্তি স্থাপন বিধায়িকা আঙুৰলতা ডেকাৰ - Gunabhiram Bordoloi

ই টি ভি ভাৰতৰ বাতৰিৰ পিছতেই শ্বহীদ গুণাভিৰাম বৰদলৈৰ প্ৰতিমূৰ্তি স্থাপন কৰিলে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাই

শ্বহীদ গুণাভিৰাম বৰদলৈৰ প্ৰতিমূৰ্তি স্থাপন বিধায়িকা আঙুৰলতা ডেকাৰ
author img

By

Published : Aug 14, 2019, 4:17 PM IST

বটদ্ৰৱা, 14 আগষ্টঃ ই টি ভি ভাৰতৰ বাতৰিৰ পিছতেই শ্বহীদ গুণাভিৰাম বৰদলৈৰ প্ৰতিমূৰ্তি স্থাপন কৰে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাই । 1942 চনৰ স্বাধীনতা আন্দোলনত দেশক পৰাধীনতাৰ শিকলিৰ পৰা মুক্ত কৰি শ্বহীদ হোৱা গুণাভিৰাম বৰদলৈৰ জ্যেষ্ঠ পুত্ৰৰ দুভৰি শিকলিৰে বন্দী হৈ থকা শ্বহীদ গৰাকীৰ জ্যেষ্ঠ পুত্ৰ ডিম্বেশ্বৰ বৰদলৈ স্মৃতিভ্ৰম (আলজেইমাৰ) ৰোগত আক্ৰান্ত হোৱাৰ বাতৰি ই টি ভি ভাৰতত প্ৰকাশ হোৱাৰ পাছতেই স্বাধীনতা দিৱসৰ প্ৰাকমূৰ্হতত 42ৰ শ্বহীদ গুণাভিৰাম বৰদলৈৰ প্ৰতিমূৰ্তি স্থাপন কৰে বিধায়িকা আঙুৰলতা ডেকাই । 42ৰ শ্বহীদ গুণাভিৰাম বৰদলৈৰ জ্যেষ্ঠ পুত্ৰ কিছু দিন ধৰি জটিল মানসিক ৰোগত আক্ৰান্ত হৈ পৰা ডিম্বেশ্বৰ বৰদলৈক শিকলিৰে ভৰিত বান্ধি থোৱাৰ বাতৰি প্ৰকাশ হৈছিল ই টি ভি ভাৰতত। আৰ্থিক দুৰৱস্থাই কোঙা কৰা পৰিয়ালটো দীৰ্ঘদিন ধৰি চৰকাৰৰ ঘৰৰ পৰা হৈ আছিল অৱহেলিত । কিন্তু এই দুৰ্ভগীয়া পৰিয়ালটোৰ বাতৰি ই টি ভি ভাৰতত প্ৰকাশিত হোৱাৰ পিচতেই পৰিয়ালটোৰ ঘৰত বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা,মৰিগাঁও জিলাৰ উপায়ুক্ত আৰু মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক উপস্থিত হৈছিল। জটিল মানসিক ৰোগত আক্ৰান্ত শ্বহীদ গুনাভিৰাম বৰদলৈৰ জ্যেষ্ঠ পুত্ৰ ডিম্বেশ্বৰ বৰদলৈৰ সু চিকিৎসাৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আঙুৰলতা ডেকাই। শিকলিৰে বন্দীত্বৰ জীৱন কটোৱা ডিম্বেশ্বৰ বৰদলৈক শৃংখল মুক্ত কৰাৰ বাবে আছুতীয়া কক্ষৰ ব্যৱস্থা কৰা,শ্বহীদ গুনাভিৰাম বৰদলৈৰ বাসগৃহলৈ যোৱা পথৰ উন্নীতকৰণ কৰা,শ্বহীদ গুনাভিৰাম বৰদলৈৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰা,শ্বহীদ গৰাকীৰ নাতি তথা শিল্পী গোলাপ বৰদলৈৰ বাবে শিল্পী পেঞ্চনৰ ব্যৱস্থা কৰা আদি বহু প্ৰতিশ্ৰুতি প্ৰদান কৰে। সেই প্ৰতিশ্ৰুতিৰ প্ৰতি সঁহাৰি জনাই বুধবাৰে 1942 চনত বৃটিছৰ গুলীত প্ৰাণ আহুতি দিয়া গুনাভিৰাম বৰদলৈৰ এটা প্ৰতিমূৰ্তি স্থাপনৰ আধাৰশিলা কৰে বিধায়িকা আঙুৰলতা ডেকাই । ইফালে ছাত্ৰ ছাত্ৰীৰ সৈতে হাতে হাতে ঝাৰু লৈ বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাৰ চাফাই। লং পেন্ট আৰু স্পটিং পৰিধান কৰি এজাক ছাত্ৰ ছাত্ৰীৰ সৈতে চাফ-চিকুণ কৰাত ব্যস্ত আঙুৰলতা ডেকা । অভিনয় জগতৰ পৰা ৰাজনৈতিক ক্ষেত্ৰখনত ভৰি দি সমষ্টিবাসীৰ মন জয় কৰিবলৈ বিভিন্ন সময়ত বিভিন্ন ৰূপত দেখিবলৈ পোৱা বিধায়িকা গৰাকীক এইবাৰ দেখিবলৈ পোৱা গ'ল ঝাৰু মাৰি হাবি জংঘল চাফ-চিকুণ কৰাত । উল্লেখ্য যে স্বাধীনতা দিৱস উপলক্ষে ভাৰতীয় জনতা পাৰ্টীৰ দলংঘাট মণ্ডলৰ সহযোগত বিধায়িকা আঙুৰলতা ডেকাই একতাৰ দৌৰত অংশগ্ৰহণ কৰে। এই একতাৰ দৌৰ কাৰ্যসূচীত চাবুকধৰাৰ পৰা আৰম্ভ কৰি অন্ত পৰে কপাহেৰাত। একতা দৌৰৰ অন্তত ৰাইজৰ উপস্থিতিত গুনাভিৰাম বৰদলৈৰ প্ৰতিমূৰ্তি স্থাপন কৰে বিধায়িকা গৰাকীয়ে ৷

Intro:ই টি ভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ।৪২ৰ শ্বহীদ পৰাধীনতাৰ শিকলি ছিঙা শ্বহীদ গুণাভিৰাম বৰদলৈৰ প্ৰতিমূৰ্তি স্থাপন বিধায়িকা আঙুৰলতা ডেকাৰ । Body:ই টি ভি ভাৰতৰ বাতৰিৰ পিছতেই শ্বহীদ গুণাভিৰাম বৰদলৈৰ প্ৰতিমূৰ্তি স্থাপন কৰে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাৰ । ১৯৪২ চনৰ স্বাধীনতা আন্দোলনত দেশক পৰাধীনতাৰ শিকলিৰ পৰা মুক্ত কৰি শ্বহীদ হোৱা গুণাভিৰাম বৰদলৈৰ জ্যেষ্ঠ পুত্ৰৰ  দুভৰি শিকলিৰে বন্দী হৈ থকা শ্বহীদ গৰাকীৰ জ্যেষ্ঠ পুত্ৰ ডিম্বেশ্বৰ বৰদলৈ স্মৃতিভ্ৰংশ (আলজেইমাৰ) ৰোগত আক্ৰান্ত হোৱাৰ বাতৰি ই টি ভি ভাৰতত প্ৰকাশ হোৱাৰ পাছতেই স্বাধীনতা দিৱসৰ প্ৰাকমূৰ্হতত ৪২ৰ শ্বহীদ গুণাভিৰাম বৰদলৈৰ প্ৰতিমূৰ্তি স্থাপন বিধায়িকা আঙুৰলতা ডেকাৰ । ৪২ৰ শ্বহীদ গুণাভিৰাম বৰদলৈৰ জ্যেষ্ঠ পুত্ৰ কিছু দিন ধৰি জটিল মানসিক ৰোগত আক্ৰান্ত হৈ পৰা ডিম্বেশ্বৰ বৰদলৈক শিকলিৰে ভৰিত বান্ধি থথোৱাৰ বাতৰি প্ৰকাশ হৈছিল ই টি ভি ভাৰতত । আৰ্থিক দুৰাবস্থাই কোঙা কৰা পৰিয়ালটো দীৰ্ঘদিন ধৰি চৰকাৰৰ ঘৰৰ পৰা হৈ আছিল অৱহেলিত । কিন্তু এই দূৰ্ভগীয়া পৰিয়ালটোৰ বাতৰি ই টি ভি ভাৰতত প্ৰকাশিত হোৱাৰ পিচতেই পৰিয়ালটোৰ ঘৰত বটদ্ৰৱা বিধান সভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা,মৰিগাঁও জিলাৰ উপায়ুক্ত আৰু মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক উপস্থিত হৈছিল । দিছিল বিভিন্ন চৰকাৰী সাহায্যৰ প্ৰতিশ্ৰুতি ।জটিল মানসিক ৰোগত আক্ৰান্ত শ্বহিদ গুনাভিৰাম বৰদলৈৰ জ্যেষ্ঠ পুত্ৰ ডিম্বেশ্বৰ বৰদলৈৰ সু চিকিৎসাৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আঙুৰলতা ডেকাই ।শিকলিৰে বন্দিত্বৰ জীৱন কটোৱা ডিম্বেশ্বৰ বৰদলৈক শৃংখল মুক্ত কৰাৰ বাবে আছুতীয়া কক্ষৰ ব্যৱস্থা কৰা,শ্বহিদ গুনাভিৰাম বৰদলৈৰ বাসগৃহলৈ যোৱা পথৰ উন্নীতকৰণ কৰা,শ্বহীদ গুনাভিৰাম বৰদলৈৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰা,শ্বহীদ গৰাকীৰ নাতি তথা শিল্পী গোলাপ বৰদলৈৰ বাবে শিল্পী পেঞ্চনৰ ব্যৱস্থা কৰা আদি বহু প্ৰতিশ্ৰুতি প্ৰদান কৰে। আৰু সেই প্ৰতিশ্ৰুতিৰ প্ৰতি সঁহাৰি জনাই বুধবাৰে ১৯৪২ চনত  বৃটিছৰ গুলিত প্ৰাণ আহুতি দিয়া গুনাভিৰাম বৰদলৈৰ এটা প্ৰতিমূৰ্তি স্থাপনৰ আধাৰশিলা কৰে বিধায়িকা আঙুৰলতা ডেকাই । ইফালে ছাত্ৰ ছাত্ৰীৰ সৈতে হাতে হাতে ঝাৰু লৈ বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকা । উদ্দেশ্যে চাফ-চিকুণ কৰা । লং পেন্ট আৰু স্পৰটিং পৰিধান কৰি এজাক ছাত্ৰ ছাত্ৰীৰ সৈতে চাফ-চিকুণ কৰাত ব্যস্ত আঙুৰলতা ডেকা । অভিনয় জগতৰ পৰা ৰাজনৈতিক ক্ষেত্রখত ভৰি দি সমষ্টি বাসীৰ মন জয় কৰিবলৈ বিভিন্ন সময়ত বিভিন্ন ৰূপত দেখিবলৈ পোৱা বিধায়িকা গৰাকীক এইবাৰ দেখিবলৈ পোৱা গ'ল ঝাৰু মৰি হাবি জংঘল চাফা চিকুণ কৰাত ।স্বাধীনতা দিৱস উপলক্ষে স্বচ্ছ ভাৰত অভিযান আৰু বৃক্ষ ৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰি চাবুকধৰা চিকিৎসালয়ৰ চৌহদ চাফ-চিকুণত ব্যস্ত বিধায়িকা আঙুৰলতা ডেকাৰ লগতে সহস্রজনে । উল্লেখ্য যে স্বাধীনতা দিৱস উপলক্ষে ভাৰতীয় জনতা পার্টিৰ দলংঘাট মণ্ডলৰ সহযোগত বিধায়িকা আঙুৰলতা ডেকাই একতা দৌৰত কৰে অংশগ্ৰহণ কৰে । এই একতা দৌৰ কাৰ্য্যসূচীত চাবুকধৰাৰ পৰা আৰম্ভ কৰি অন্ত পৰে কপাহেৰাত । এই একতা দৌৰ অন্ত পৰাত গুনাভিৰাম বৰদলৈৰ প্ৰতিমূৰ্তি স্থাপন কৰে বিধায়িকা গৰাকীয়ে ।_________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.