ETV Bharat / state

আজিকোপতি প্ৰাক্তন সেনাই নাপালে নিজৰ নামত আবন্টিত ভূমি

১৯৮৮ চনতে ৪৪ জন প্ৰাক্তন সৈনিকৰ নামত চৰকাৰে আবন্টন দিছিল ২৬৪ বিঘা ভূমি ৷ কিন্তু আজিকোপতি অসম চৰকাৰে এই সকল বীৰ জোৱানক চমজাই দিবলৈ সক্ষম নহ'ল তেওঁলোকৰ নামত আবন্টিত ভূমি ৷

নিজৰ নামত আবন্টিত ভূমি
নিজৰ নামত আবন্টিত ভূমি
author img

By

Published : Mar 18, 2020, 11:26 PM IST

ধনীয়াভেটি, 18 মাৰ্চঃ ৩২ বছৰে বেদখল মুক্ত নহ'ল প্ৰাক্তন সেনা জোৱানৰ নামত আবন্টিত বটদ্ৰৱাৰ ধনীয়াভেটি লালুং গাঁৱৰ ২৬৪ বিঘা ভূমি ৷ ১৯৮৮ চনতে ৪৪ জন প্ৰাক্তন সৈনিকৰ নামত চৰকাৰে আবন্টন দিছিল ২৬৪ বিঘা ভূমি ৷ ১৯৮৮ চনতে ভাৰত চৰকাৰৰ গৃহ বিভাগৰ তৰফৰ পৰা আজীৱন দেশ সেৱাত ব্ৰতী হৈ অৱসৰ গ্ৰহণ কৰা বটদ্ৰৱা সমষ্টিৰ ৪৪ গৰাকী অসমীয়া বীৰ জোৱানৰ নামত আবন্টিত হৈছিল ২৬৪ বিঘা ভূমি ৷ কিন্তু আজিকোপতি অসম চৰকাৰে এই সকল বীৰ জোৱানক চমজাই দিবলৈ সক্ষম নহ'ল এই ভূমি ৷

আজিকোপতি প্ৰাক্তন সেনাই নাপালে নিজৰ নামত আবন্টিত ভূমি

যাৰ বাবে বুধবাৰে প্ৰবজন বিৰোধী মঞ্চৰ আহ্বায়ক অধিবক্তা উপমন্যু হাজৰিকা সেই স্থানত উপস্থিত হৈ বেদখলীকৃত ভূমি পৰিদৰ্শন কৰে ৷ তাৰ পৰৱৰ্তী সময়ত প্ৰাক্তন সেনা জোৱান সকলক লগত লৈ উপস্থিত হয় বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাৰ কপাহেৰাস্থিত বাসগৃহত ৷ বিধায়িকা গৰাকী বাসগৃহত অনুপস্থিত আছিল যদিও আৰক্ষী যোৱানৰ সন্মুখতে ক্ষোভ উজাৰিলে প্ৰাক্তন সেনা সকলে ৷ আবন্টিত ভূমি নাপালে আগন্তুক নিৰ্বাচনত ইয়াৰ উচিত শিক্ষা দিয়াৰ হুংকাৰ প্ৰদান কৰে প্ৰাক্তন সেনা জোৱান ৷

লগতে পঢ়কঃ চৰকাৰী নিৰ্দেশনা ভংগ মন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.