ETV Bharat / state

বিভিন্ন প্ৰজাতিৰ বগলীৰ কলকলনীৰে মুখৰিত বটদ্ৰৱাৰ ধনীয়াভেটি গাঁও - বটদ্ৰৱা

দিনে নিশাই গাঁও খনত গলীৰ সুমধুৰ কোলাহল শুনিবলৈ পোৱা যায় ৷ বগলীৰ কোলাহল গাওঁবাসীৰ বাবে যেন এক সুমধুৰ গীতহে। মাংসলুভী চিকাৰীৰ পৰা বগলীৰ সুৰক্ষাৰ দাবী ৰাইজৰ ৷

বগলীৰ কলকলনীৰে মুখৰিত বটদ্ৰৱাৰ ধনীয়াভেটি গাঁও
author img

By

Published : May 4, 2019, 11:58 AM IST

বটদ্ৰৱা ,04 মেঃ বিভিন্ন প্ৰজাতিৰ বগলীৰ কলকলনীৰে মুখৰিত হৈছে বটদ্ৰৱাৰ ধনীয়াভেটি গাঁও ৷ যি সময়ত একাংশ অসাধু লোকে বিলুপ্ত প্ৰায় বনৰীয়া দেশী বিদেশী চৰাই সমূহ বিভিন্ন কৌশলেৰে ধৰি বজাৰত অবাধে বিক্ৰী কৰি আহিছে সেই সময়ত বটদ্ৰৱাৰ ধনীয়াভোটিত গঞা ৰাইজে বিভিন্ন প্ৰজাতিৰ বগলীক সুৰক্ষা প্ৰদান কৰি পক্ষী প্ৰেমৰ এক সুন্দৰ নিৰ্দশন দাঙি ধৰিছে ।

বগলীৰ কলকলনীৰে মুখৰিত বটদ্ৰৱাৰ ধনীয়াভেটি গাঁও

গাঁওখনৰ প্ৰত্যেক ঘৰৰ বাহনী বাৰী সমূহ বিভিন্ন প্ৰজাতিৰ বগলীৰ বাবে এক সুৰক্ষিত বাসস্থান হৈ পৰিছে। দিনৰ ভাগত জাকে জাকে এই বগলীবোৰ উৰি গৈ গাঁওখনৰ খাল,বিল,পুখুৰী, জলাশয় বোৰত খাদ্য সংগ্ৰহ কৰা দৃশ্যই বাৰে বাৰে আকৰ্ষণ কৰে পক্ষী প্ৰেমী সকলক ৷ প্ৰত্যেক বছৰে বাৰিষা অহাৰ আগে আগে এই সমূহ পক্ষীয়ে আহি এই গাওঁ খনত বাঁহ সাজেহি বুলি গাওঁবাসীয়ে জানিবলৈ দিয়ে ৷ সম্প্ৰতি এই গাঁও খনত দিনে নিশাই এতিয়া বগলীৰ সুমধুৰ কোলাহল শুনিবলৈ পোৱা যায় । কিন্তু গাঁৱখনত বছৰ বছৰ ধৰি আশ্ৰয় গ্ৰহণ কৰি বংশ বৃদ্ধি কৰা বগলীবোৰ একাংশ মাংস লুভী চিকাৰীৰ পৰা সুৰক্ষিত নহয় ৷ বগলী চিকাৰ কৰিবলৈ অহা এনে মাংস লুভী চিকাৰীবোৰক বাধা প্ৰদান কৰিবলৈ গৈ প্ৰায়েই গাঁৱখনৰ ৰাইজ সংঘাতত লিপ্ত হ'বলগীয়া হয় বুলি অভিযোগ কৰে গাঁৱ বাসীয়ে ৷ ইয়াৰোপৰিও তেওঁলোকে কয় যে ৰাইজে এই পক্ষীকূলৰ সুৰক্ষাৰ লগতে সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ বন বিভাগক দাবী জনাই আহিছে ৷ গাঁৱখনৰ ৰাইজে এই পক্ষী কূলৰ কোনো ধৰণৰ অনিষ্ট হ'বলৈ নিদিয়াকৈ একে লগে সহাৱস্থান কৰাৰ বিষয়তো প্ৰকৃতিপ্ৰেমী ৰাইজে প্ৰশংসা কৰিছে ৷

Intro:বনৰীয়া বিভিন্ন প্ৰজাতিৰ বগলীৰ কলকলনীয়ে মুখৰিত বটদ্ৰৱাৰ ধনীয়াভেটি গাঁও । মাংসলুভী চিকাৰীৰ পৰা সুৰক্ষাৰ দাবী ৰাইজৰ ।
Body:যি সময়ত একাংশ অসাধু লোকে বিলুপ্ত প্ৰায় বনৰীয়া দেশী বিদেশী চৰাই বিভিন্ন কৌশলেৰে ফান্দ পাতি ধৰি বজাৰত অবাধে বিক্ৰী কৰি আহিছে সেই সময়ত বটদ্ৰৱাৰ ধনীয়াবেটিত গঞা ৰাইজে বিভিন্ন প্ৰজাতিৰ বগলীক সুৰক্ষা প্ৰদান কৰি পক্ষী প্ৰেমৰ এক সুন্দৰ নিৰ্দশন দাঙি ধৰিছে । গাওঁ খনৰ প্ৰত্যেক ঘৰৰ বাহনী বাৰীত বিভিন্ন প্ৰজাতিৰ বগলীৰ বাবে হৈছে পৰিছে এক সুৰক্ষিত বাসস্থান । দিনৰ ভাগত জাকে জাকে এই বগলীবোৰ উৰিগৈ গাঁওখনৰ খাল,বিল,পুখুৰী, জলাসয় বোৰত খাদ্য সংগ্ৰহ কৰাৰ দৃশ্যই বাৰে বাৰে আকৰ্ষণ কৰে পক্ষীপ্ৰেমিক ৷ বছৰ বছৰ ধৰি বাৰিষা অহাৰ আগে আগেই এই সমূহ পক্ষীয়ে আহি বাহ সাজেহি এই গাওঁ খনত । সম্প্ৰতি এই গাওঁ খনত দিনে নিশাই এতিয়া শুনিবলৈ পোৱা যায় বগলীৰ সুমধুৰ কোলাহল । বগলীৰ কোলাহল গাওঁ বাসীৰ বাবে যেন এক সুমধুৰ গীতহে । কিন্তু গাঁওখনত বছৰ বছৰ ধৰি আশ্ৰয় গ্ৰহন কৰি বংশবৃদ্বিকৰা বগলীবোৰ সুৰক্ষিত নহয় একাংশ মাংস লুভি চিকাৰীৰ পৰা ৷ বগলী চিকাৰ কৰিব অহা এনে মাংস লুভি চিকাৰিবোৰক বাধা প্ৰদান কৰিবগৈ প্ৰায়েই সংঘাতত লিপ্ত হবলগীয়া হয় গাঁওখনৰ ৰাইজ ৷ সেয়ে ৰাইজে এই পক্ষীকুলৰ সুৰক্ষাৰ লগতে সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ বন বিভাগক দাবী জনাই আহিছে ৷ গাঁওখনৰ ৰাইজে এই পক্ষী কুলৰ কোনো ধৰনৰ অনিষ্ট হব নিদিয়াকৈ একে লগে সহাৱস্থান কৰাৰ বিষয়তো প্ৰকৃতিপ্ৰেমী ৰাইজে কৰিছে ভূয়সী প্ৰশংসা ।_________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.