ETV Bharat / state

প্লাষ্টিকমুক্ত ভাৰতৰ সপোনত বিভোৰ এজাক যুৱক-যুৱতী

author img

By

Published : Dec 4, 2019, 7:58 PM IST

ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানমৰ্মে চলি আছে পলিথিনমুক্ত ভাৰতৰ অভিযান ৷ ইয়াৰ সমান্তৰালকৈ অসমতো চলি আছে এই অভিযান ৷ বুধবাৰে ধিঙৰ কটহগুৰি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক ঘূৰি ফুৰা দেখা গ’ল ৰাজপথ আৰু দোকানত ৷ তেওঁলোকৰ উদ্দেশ্য প্লাষ্টিকৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰা ৷

কটহগুৰি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্য প্লাষ্টিকৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰাতো
প্লাষ্টিকমুক্ত ভাৰতৰ সপোনত বিভোৰ এজাক যুৱক-যুৱতী

বটদ্ৰৱা, 4 ডিচেম্বৰ: সম্প্ৰতি ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানমৰ্মে চলি আছে পলিথিনমুক্ত ভাৰত গঢ়াৰ অভিযান ৷ ইয়াৰ সমান্তৰালকৈ অসমতো চলি আছে এই অভিযান ৷ বুধবাৰে ধিঙৰ কটহগুৰি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক ঘূৰি ফুৰা দেখা গ’ল ৰাজপথ আৰু দোকানত ৷ তেওঁলোকৰ উদ্দেশ্য প্লাষ্টিকৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰা ৷ স্মৰ্তব্য যে,মহাত্মা গান্ধীৰ 150 সংখ্যক জন্মজয়ন্তীৰ লগত সংগতি ৰাখি এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিকৰ বিৰুদ্ধে সমগ্ৰ ভাৰততে এই অভিযান চলি আছে ৷ কটহগুৰি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে স্থানীয় দোকানসমুহলৈ গৈ প্লাষ্টিক পলিথিনৰ পৰিৱৰ্তে কাগজ আৰু কাপোৰৰ মোনা ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় ৷

ধিঙক পলিথিন মুক্ত কৰাৰ প্ৰয়াসেৰে ছাত্ৰ-ছাত্ৰীসকলে এক শোভাযাত্ৰা বাহিৰ কৰে ৷ তদুপৰি হাতে হাতে প্লে-কাৰ্ড লৈ জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে পথত পৰি থকা প্লাষ্টিক বুটলি দেখুৱালে স্বচ্ছতাৰ নিদৰ্শন ৷ দলটোৱে কটহগুৰী বজাৰত উপস্থিত হৈ খুচুৰা ব্যৱসায়ী, গ্ৰাহকক সাক্ষাৎ কৰি ব্যাখ্যা কৰে প্লাষ্টিকৰ ভয়াৱহতা । আনহাতে, সকলোকে প্লাষ্টিক বৰ্জনৰ বাবে আহ্বান জনোৱাৰ লগতে বজাৰ পৰিচালনা সমিতিকো প্লাষ্টিক নিষিদ্ধ কৰিবলৈ অনুৰোধ জনায় ছাত্ৰ-ছাত্ৰীসকলে । যুৱসমাজৰ প্ৰতিনিধি হিচাপে দলটোৰ এই কাৰ্যক সঁহাৰি জনায় স্থানীয় লোকে ।

লগতে চাওক:খাৰুপেটীয়াত প্ৰথমবাৰৰ বাবে মালচিং পদ্ধতিৰে খেতি শিক্ষিত যুৱক যুৱতীৰ

Intro:এবাৰ ব্যৱহাৰীত প্লাষ্টিকৰ বিৰুদ্ধে ধিঙৰ কটহগুৰি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্রীৰ সজাগতা । দোকানে দোকানে গৈ প্লাষ্টিক বৰ্জনৰ আহ্বান ছাত্ৰ ছাত্ৰীৰ ।
Body:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বান মৰ্মে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো চলি আছে পলিথিন মুক্ত কৰা অভিযান । সেই সংকল্পৰে বুধবাৰে এজাক ছাত্ৰ ছাত্ৰীক দেখা গল ৰাজপথ আৰু দোকানে দোকানে । উদ্দেশ্য পলিথিন মুক্ত কৰা । ছাত্ৰ ছাত্ৰী সকলে দোকানে দোকানে গৈ পলিথিনৰ পৰিবৰ্তে কাগজ আৰু কাপোৰৰ মোনা ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই ব্যৱসায়ী সকলক । পলিথিন মুক্ত কৰাৰ প্ৰয়াসেৰে ছাত্ৰ ছাত্ৰীয়ে উলিওৱা এক শোভাযাত্ৰাত হাতে হাতে প্লে কাৰ্ড লৈ জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যৰে ৰাজপথত পৰি থকা বিষাক্ত পলিথিন আৰু প্লাষ্টিক বুটলি দেখুৱালে স্বচ্ছতাৰ নিদৰ্শন দাঙি ধৰিলে আদৰ্শ ।কটহগুৰী বজাৰত উপস্থিত হৈ শতাধিক ছাত্ৰ ছাত্ৰীয়ে খুচুৰা ব্যৱসায়ী ,গ্ৰাহকক সাক্ষ্যৎ কৰি ব্যাখ্যা কৰে প্লাষ্টিকৰ ভয়াৱহতা ।সকলোকে প্লাষ্টিক বৰ্জনৰ ববে আহ্বান জনোৱাৰ লগতে বজাৰ পৰিচালনা সমিতিকো সাক্ষাৎ কৰি বজাৰত প্লাষ্টিক নিসিদ্ধ কৰিবলৈ আহ্বান জনাই । ইফালে ব্যৱসায়ী, প্ৰায়কাৰী ব্যৱসায়ীৰ লগতে গ্ৰাহক সকলক সাক্ষাৎ কৰি প্লাষ্টিক পলিথিনৰ বিপৰীতে কাপোৰৰ মোনা ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই । এই সজাগতা কাৰ্যসূচীক সহাঁৰি জনালে বহুজনে ।_________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.