নগাঁও,৭জুন : অসম গ্ৰামীন বিকাশ বেংকত আপোনাৰ একাউণ্ট আছে নেকি? যদি একাউণ্টত আছে তেন্তে সাৱধান হওক মহিলা সকল । কিয়নো এতিয়া মহিলা গ্ৰাহকে বেংকলৈ একাউণ্ট খুলিবলৈ গ'লে পৰিচালকক লগ কৰিব লাগিব অকলশৰীয়াকে । কাৰণ তেতিয়াহে পৰিচালকে কৰিব আপোনাৰ বেংকৰ কাম । নহলে মাহৰ পিছত মাহ ধৰি পৰি থাকিব আপোনাৰ বেংকৰ কাম । এনে এক ঘটনাই সংঘটিত হোৱাৰ অভিযোগ উথ্থাপিত হৈছে নগাঁও জিলাৰ বটদ্ৰৱাস্থিত অসম গ্ৰামীন বিকাশ বেংকত । বেংকলৈ অহা মহিলা গ্ৰাহকক কৰ্মচাৰীয়ে দিয়ে অশ্লীল ইংগিত । এই অভিযোগ ভুক্তভোগী বটদ্ৰৱা গ্ৰামীণ বিকাশ বেংকৰ মহিলা গ্ৰাহকৰ । বিভিন্ন সময়ত বটদ্ৰৱাস্থিত অসম গ্ৰামীন বিকাশ বেংকৰ গ্ৰাহকৰ ধন দূৰ্নীতি ,লুণ্ঠন চলাই বাতৰিৰ শিৰোনামা দখল কৰি আলোড়ন সৃষ্টি কৰা বেংকৰ শাখা পৰিচালক পি কে মহন্তৰ বিৰুদ্ধে এইবাৰ মহিলা গ্ৰাহকৰ বিস্ফোৰক অভিযোগ । বেংকৰ পৰিচালক পি কে মহন্তই মহিলা গ্ৰাহকক দিয়ে অশ্লীল ইংগিত । যাৰ বাবেই ভুক্তভোগী মহিলাই বেংকৰ ভিতৰতে উত্তপ্ত কৰি তোলে পৰিবেশ । ভুক্তভোগী মহিলাৰ অভিযোগ পৰিচালক গৰাকীয়ে নিজকে বিটিএডি অঞ্চলৰ মানুহৰ লগত সু সম্পৰ্ক থকাৰ ভাবুকি দি মহিলা গ্ৰাহকক প্ৰদান কৰে হুমকি ।
ইফালে আন এজন গ্ৰাহক জিয়াউৰ ৰহমানৰ অভিযোগ ২০১৬ চনতে তেওঁৰ নামত কোনো অজ্ঞাত লোকে বেংক পৰিচালকৰ লগত গোপন মিত্রতা কৰি বৃহৎ পৰিমানৰ ধন লোন লয় উধাও হয়।যাক লৈ হাবাথুৰি খাই বেংকলৈ অহা যোৱা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ভুক্তভোগী গ্ৰাহক গৰাকীৰ। কিন্তু এই ক্ষেত্ৰত আজিকোপতি গুৰুত্ব প্ৰদান নকৰিলে পৰিচালকগৰাকীয়ে । যাক লৈ জাঙুৰ খাই উঠিছে বটদ্ৰৱাৰ সচেতন মহল । এতিয়া প্ৰশ্ন হয় ৰক্ষকেই যদি ভক্ষক হয় তেন্তে ৰাইজে কাৰ ওপৰত কৰিব বিশ্বাস ? কি ভৰসাত মহিলা গ্ৰাহক আহিব বেংকলৈ ? এইক্ষেত্ৰত বিভাগীয় কতৃপক্ষই কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে সেইয়া সময়তহে লক্ষণীয় হব !