ETV Bharat / state

বটদ্ৰৱাত অগপক ছহিদ তৰ্পন কৰিবলৈ নিদিলে আছুৱে

author img

By

Published : Dec 7, 2019, 11:12 PM IST

বটদ্ৰৱাৰ চকলাঘাটত সংঘটিত হ'ল এই ঘটনা ৷ আছুৰ ৰোষত পৰিল অগপ মহিলা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মামনি বৰা ৷ ছাত্ৰ প্ৰতিবাদত হাৰ মানি অতুল বৰাক ধিক্কাৰ বটদ্ৰৱা অগপৰ বিষয়ববীয়াৰ ৷

বটদ্ৰৱাত অগপৰ ছহিদ তৰ্পনত আছুৰ বাধা প্ৰদান
বটদ্ৰৱাত অগপৰ ছহিদ তৰ্পনত আছুৰ বাধা প্ৰদান

বটদ্ৰৱা, 7 ডিচেম্বৰ: কেবৰ সমৰ্থনত অগপ সভাপতি অতুল বৰাৰ মন্তব্যৰ পাছত এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাইজৰ ৰোষত পৰিছে জাতিৰ বিপদৰ সময়ত পিছ হুহকা অসম গন পৰিষদ দলৰ নেতৃত্ব ৷ নগাওঁ জিলাৰ বটদ্ৰৱাতো শনিবাৰে পুনৰাবৃত্তি ঘটিল এক অনুৰূপ ঘটনা ৷ আছুৰ ৰোষত পৰিল অগপ মহিলা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মামনি বৰা ৷

বটদ্ৰৱা সমষ্টিৰ দলটোৰ সাংগঠনিক সভাত শ্বহীদ তৰ্পন কৰাত বাধা প্ৰদান কৰিলে আছুৱে ৷ এইদৰে ৮৫৫ জন ছহিদৰ তেজৰ বিনিময়ত ৰাজপাতৰ সোৱাদ লোৱা অগপৰ সভাপতিগৰাকীৰ বিবেকহীন তথা ছহিদৰ পৰিয়ালক অপমান কৰা মন্তব্যৰ বিৰুদ্ধে ক্ষোভৰ বহিৰ্প্ৰকাশ ঘটিল আছুৰ । ছাত্ৰ সংগঠনটোৰ স্পষ্ট মত অগপৰ ছহিদ সকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ নৈতিক অধিকাৰ নাই ৷ ইয়াৰ পাছতে উপায়ন্তৰ হৈ ছহিদ তৰ্পন অনুস্থান বাতিল কৰিব লগীয়া হ'ল বটদ্ৰৱা অগপই ৷ এতিয়া এইদৰেই তৃণমূল পৰ্যায়ত থৰক-বৰক হৈ পৰিছে এসময়ত অসমীয়াই বৰপীৰা পাৰি দিয়া দলটোৰ অৱস্থা ৷

আৰু পঢ়ক: নলবাৰীত অগপ কৰ্মীৰ 'অতুল বৰা মুৰ্দাবাদ' ধ্বনি; খাৰুপেটীয়াত দলৰ স্থিতি স্পষ্ট কৰিলে সত্যব্ৰত কলিতাই

Intro:অগপৰ বটদ্ৰৱা সমষ্টিৰ সাংগঠনিক সভাত উত্তপ্ত পৰিস্থিতি । সভাৰ ছহিদ তৰ্পন কাৰ্যসূচীত বাধা অাছু কৰ্মীৰ ।Body:অসম অান্দোলন অাৱেগিক অাছিল বুলি কেৱ সম্পৰ্কত অগপৰ সভাপতি অতুল বৰাই কৰা মন্তব্যত শলঠেকত পেলাইছে অগপৰ তৃনমূল পৰ্যায়ত । ৮৫৫ জন ছহিদৰ তেজৰ বিনিময়ত ৰাজপাতৰ সোৱাদ লোৱা অগপৰ সভাপতিগৰাকীৰ বিৱেকহীন তথা ছহিদৰ পৰিয়ালক অপমান কৰা মন্তব্যৰ ক্ষোভৰ বহিৰ্প্ৰকাশ দেখা পোৱা গল বটদ্ৰৱা সমষ্টিৰ চকলাঘাটত । শনিবাৰে সমষ্টি ভিত্তিত হোৱা সাংগঠনিক সভাত ঘটিল অঘটন । সভাৰ অাৰম্ভণিত কাৰ্যসূচী ছহিদ তৰ্পন অনুস্থানত বাধা দিলে স্থানীয় অাছুৰ নেতা-কৰ্মীয়ে । অগপই ছহিদ সকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ কোনো নৈতিক অধিকাৰ নাই বুলি মন্তব্য কৰে অাছুৱে । অগপ গ' বেক ধ্বনি, বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে অাছুৰ নেতা-কৰ্মীয়ে । উপায়ন্তৰ হৈ ছহিদ তৰ্পন অনুস্থান বাতিল কৰিব লগীয়া হল বটদ্ৰৱা অগপই । অগপৰ এই সাংগঠনিক সভাত উপস্থিত নাথাকি বৰ্জ্জন কৰিলে সমষ্টিটোৰ অধিকাংশ আঞ্চলিক পঞ্চায়তে । অগপ মহিলা পৰিষদৰ কেন্দ্ৰীয় কমিটি কাৰ্য্যকৰী সভানেত্রী মামনি বৰাক স্থানীয় আছু নেতা কৰ্মীৰ লগতে অগপৰ তৃনমূল পৰ্যায়ৰ কৰ্মীয়ে বিভিন্ন প্ৰশ্নৰে থকা সৰকা কৰে । অতুল বৰাৰ মন্তব্যই ক্ষোভিত কৰি তুলিছে দলটোৰ তৃনমুল পৰ্যায়ত । বিধান সভা নিৰ্বাচনৰ অাগমূহুৰ্তত সংগঠন মজবুত কৰিবলৈ লোৱা সভাই উদঙাই দিলে অগপৰ ভিতৰচৰাৰ থৰক-বৰক অৱস্থাৰ ছবি ।____________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.