ETV Bharat / state

নগাঁও-ধিং সংযোগী পথত দুৰ্ঘটনাঃ আহত এজন

author img

By

Published : Mar 15, 2020, 8:08 AM IST

শুকুৰবাৰে নগাঁও-ধিং সংযোগী গড়কাপ্তানী পথত তীব্ৰবেগী ট্ৰেভেলাৰৰ খুন্দাত এজন পথাচাৰী নিহত হোৱা পিচত শনিবাৰে পুনৰ সেই স্থানত সংঘটিত হয় আন এক দুৰ্ঘটনা ৷ দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হয় এগৰাকী ঠেলাচালক ৷

আহত এজন
আহত এজন

বটদ্ৰৱা, 14 মাৰ্চঃ পুনৰ দুৰ্ঘটনা সংঘটিত হয় নগাঁও-ধিং সংযোগী গড়কাপ্তানী পথত ৷ অভিযোগ অনুসৰি তীব্ৰ বেগী বাহনৰ দৌৰাত্ম্যৰ ফলত সংঘটিত হয় দুৰ্ঘটনাতো ৷ শুকুৰবাৰে নগাঁও-ধিং সংযোগী গড়কাপ্তানী পথত তীব্ৰবেগী ট্ৰেভেলাৰৰ খুন্দাত এজন পথাচাৰী নিহত হোৱা পিচত শনিবাৰে পুনৰ সংঘটিত হয় এই দুৰ্ঘটনা ৷ বটদ্ৰৱা বাছ আস্থানৰ সমীপত এজন বৃদ্ধ ঠেলা চালকে বটদ্ৰৱা শান্তিযান বজাৰৰ পৰা কিছু সামগ্ৰী কঢ়িয়াই নি থকা অৱস্থাত নগাঁৱৰ পৰা মৌৰাবাৰী অভিমুখে গৈ থকা তীব্ৰবেগী AS-21 0922 নম্বৰৰ ট্ৰাক এখনে খুন্দিয়ায় ঠেলা চালক জনক ৷ ফলত আহত হয় ঠেলাচালক গৰাকী ৷ আহত লোকগৰাকী ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে স্থানীয় ৰাইজে ৷

নগাঁও-ধিং সংযোগী পথত দুৰ্ঘটনাঃ আহত এজন

উল্লেখ্য যে, এই ঘটনা সংঘটিত কৰিয়েই ট্ৰাকখন পলায়ন কৰিবলৈ লওতেই স্থানীয় ৰাইজে ট্ৰাকখন কৰায়ত্ত্ব কৰি চমজাই দিয়ে বটদ্ৰৱা আৰক্ষীক ৷

লগতে পঢ়কঃ তীব্ৰ বেগী ট্ৰেভেলাৰৰ খুন্দাত ধিঙত এজন লোক নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.