ETV Bharat / state

ৰহস্যজনক অৱস্থাত পুখুৰীত উদ্ধাৰ বাহন : এজনৰ মৃত্যু - ACCIDENT

দুৰ্ঘটনাত মৃত্যু হয় জাজৰিৰ বগৰীগুৰিৰ লুইত জ্যোতি মহন্ত নামৰ এজন যুৱকৰ ।

BATADRAVA ACCIDENT DEATH ONE
নগাঁৱত নিশা ৰহস্যজনকভাবে পুখুৰীত উদ্ধাৰ বাহন: নিহত এজন
author img

By

Published : Jun 26, 2020, 12:28 PM IST

নগাঁও, 26 জুন : নগাঁও জিলাৰ চকলাঘাটত নিশা ৰহস্যজনকভাৱে পুখুৰীৰ মাজত উদ্ধাৰ হয় এখন টাটা টিয়াগ' গাড়ী । চকলাঘাট সাহিত্য সভাৰ কাষতে থকা বৰপুখুৰীত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয় গাড়ীখন । গাড়ীখনৰ ভিতৰত থকা এজন যুৱকৰ মৃত্যু হয় । মৃত যুৱকজনৰ জাজৰিৰ বগৰীগুৰিৰ লুইত জ্যোতি মহন্ত (ভাইটিকণ মহন্ত) বুলি জানিব পৰা হৈছে ।

নগাঁৱত নিশা ৰহস্যজনকভাবে পুখুৰীত উদ্ধাৰ বাহন: নিহত এজন

গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই দ' খাৱৈত পৰাৰ সন্দেহ স্থানীয় লোকৰ ৰাইজৰ । এএছ 02 এএ 3638 নম্বৰৰ টাটা টিয়াগ' গাড়ীখনত মৃত লুইত জ্যোতি মহন্তৰ লগতে সোণমনি দাস, মইনুল ইছলাম নামৰ যুৱক কেইজন আছিল । নিশাই ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ গাড়ীখন উদ্ধাৰ কৰি আৰম্ভ কৰিছে তদন্ত । বৰ্তমান ৰহস্যৰ আৱৰ্তত সমগ্ৰ ঘটনা । দুৰ্ঘটনাৰ পাছত লুইত জ্যোতি মহন্তক মূৰ্মুষ অৱস্থাত নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ পাছত যুৱকজনক মৃত বুলি উল্লেখ কৰে চিকিৎসকে ৷

লগতে পঢ়ক: গোলাঘাটত আৰম্ভ ক'ৰণাৰ গণ সংক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.