ETV Bharat / state

বঢ়মপুৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত ব্যাপক লুণ্ঠনৰাজ - প্ৰধানমন্ত্ৰী আৱাস গৃহ

বঢ়মপুৰত দৰিদ্ৰ লোকৰ বাবে চৰকাৰে প্ৰদান কৰা চৰকাৰী ঘৰৰ হিতাধিকাৰী তালিকাত এতিয়া একাংশ চৰকাৰী কৰ্মচাৰী আৰু উচ্চ শ্ৰেণী লোকৰ নাম ৷ যাৰ বাবে বাদ পৰি ৰৈছে দৰিদ্ৰ লোক সকল ৷

বঢ়মপুৰত প্ৰধানমন্ত্ৰী আৱাস গৃহৰ নামত অৰাজকতা; বাদ পৰিছে দৰিদ্ৰ লোক
author img

By

Published : Jul 28, 2019, 1:24 PM IST

Updated : Jul 28, 2019, 1:35 PM IST

বঢ়মপুৰ,28জুলাইঃ : দৰিদ্ৰ লোকৰ বাবে চৰকাৰে প্ৰদান কৰা প্ৰধানমন্ত্ৰী আৱাস গৃহ এতিয়া লাভ কৰে চৰকাৰী বেতন ভোগী কৰ্মচাৰীয়ে ৷ এই ঘটনা সংঘটিত হৈছে কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত চাংচকী গাঁও পঞ্চায়তত ৷ শেহতীয়াকৈ পঞ্চায়তটোত ৫২ টা প্ৰধানমন্ত্ৰী আৱাস গৃহ আবন্টন হৈছে যদিও বহুকেইটা গৃহ লাভ কৰিছে চৰকাৰী কৰ্মচাৰী আৰু উচ্চ শ্ৰেণীৰ লোকে ৷ যাৰ বাবে বাদ পৰি ৰৈছে প্ৰকৃত দৰিদ্ৰ লোক সকল ৷ চৰকাৰী নিয়ম অনুসৰি পকী ঘৰ থকা লোক সকলে প্ৰধানমন্ত্ৰী আৱাস গৃহ লাভ কৰিব নোৱাৰিব বুলি নিৰ্দেশ জাৰি কৰাৰ পাছতো পঞ্চায়তটোৰ সচিৱৰ লগতে কৰ্মচাৰী সকলে জি'অ টেগ কৰাৰ নামতো লৈছে অনিয়মৰ আশ্ৰয় ৷

বঢ়মপুৰত প্ৰধানমন্ত্ৰী আৱাস গৃহৰ নামত অৰাজকতা; বাদ পৰিছে দৰিদ্ৰ লোক

তদুপৰি চৰকাৰী আৱাস গৃহ প্ৰদান কৰাৰ নামত জনপ্ৰতিনিধিয়ে ধন সংগ্ৰহ কৰাৰো অভিযোগ কৰিছে একাংশ বঞ্চিত হিতাধিকাৰীয়ে ৷

Intro:প্ৰধানমন্ত্ৰী আৱাস গৃহৰ নামত চলা ব্যাপক অনিয়মৰ তথ্য ৷ দৰিদ্ৰ লোকৰ বাবে চৰকাৰে প্ৰদান কৰা চৰকাৰী ঘৰৰ হিতাধিকাৰী তালিকাত এতিয়া চৰকাৰী কৰ্মচাৰী নাম ।

Anchor=পৰিবৰ্তনগামী চৰকাৰে যিমানেই দূৰ্নীতিত শূন্য সহনশীলতাৰ কথা নকওক কিয় একাংশ পঞ্চায়ত কৰ্মচাৰীয়ে বৰ্তমানো অব্যাহত ৰাখিছে দূৰ্নীতিৰ বেহা ৷ হয় এইবাৰ পোহৰলৈ আহিছে প্ৰধানমন্ত্ৰী আৱাস গৃহৰ নামত চলা ব্যাপক অনিয়মৰ তথ্য ৷ দৰিদ্ৰ লোকৰ বাবে চৰকাৰে প্ৰদান কৰা চৰকাৰী ঘৰৰ হিতাধিকাৰী তালিকাত এতিয়া চৰকাৰী কৰ্মচাৰী আৰু উচ্চ শ্ৰেনী লোকৰ নাম ৷ যাৰ বাবে বাদ পৰি ৰৈছে দৰিদ্ৰ লোক সকল ৷

Body:Vo=আপুনি চৰকাৰী কৰ্মচাৰী নেকি, আপুনিও লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস গৃহ ৷ হয়, দৰিদ্ৰ লোকৰ বাবে চৰকাৰে প্ৰদান কৰা প্ৰধানমন্ত্ৰী আৱাস গৃহ এতিয়া লাভ কৰে চৰকাৰী বেতন ভোগী কৰ্মচাৰীয়ে ৷ এই ঘটনা সংঘটিত হৈছে কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত চাংচকী গাঁও পঞ্চায়তত ৷ পঞ্চায়তটোত শেহতীয়াকৈ ৫২ টা প্ৰধানমন্ত্ৰী আৱাস গৃহ আবন্তন হৈছে যদিও বহুকেইটা গৃহ লাভ কৰিছে চৰকাৰী কৰ্মচাৰী আৰু উচ্চ শ্ৰেনীৰ লোকে ৷ যাৰ বাবে বাদ পৰি ৰৈছে প্ৰকৃত দৰিদ্ৰ লোক সকল ৷ চাঁৱক এই জৰাজীৰ্ন বাসগৃহটো, বৰষুন দিলে ভিতৰত থাকিব নোৱাৰে, ভূমিকম্প দিলে বাহিৰলৈ ওলাই যাব লাগে, আনকি এটা বাসগৃহৰ অভাৱত এগৰাকী বিধৱা মহিলাই ঘৰ এৰি মাতৃৰ গৃহত থাকিব লগা হৈছে, তাৰ পাছতো কিন্তু স্থানীয় পঞ্চায়ত খনৰ কোনো কাণষাৰ নাই ৷ দৰিদ্ৰ লোকৰ বাবে চৰকাৰে প্ৰদান কৰা বাসগৃহ এতিয়া লাভ কৰিছে চৰকাৰী কৰ্মচাৰীয়ে ৷ চৰকাৰী নিয়ম অনুসৰি পকী ঘৰ থকা লোক সকলে প্ৰধানমন্ত্ৰী আৱাস গৃহ লাভ কৰিব নোৱাৰিব বুলি নিৰ্দেশ জাৰি কৰা পাছতো পঞ্চায়তটোৰ সচিৱৰ লগতে কৰ্মচাৰী সকলে জি'অ টেগ কৰাৰ নামতো লৈছে অনিয়মৰ আশ্ৰয়, কাৰোবাৰ যদি পুখুৰী পাৰত থকা ঘৰত জি'অ টেগ কৰিছে, কাৰোবাৰ আকৌ পাকঘৰটোকে জি'অ টেগ কৰিছে ৷ শুনক ভূক্তভোগী বঞ্চিত হিতাধিকাৰীৰ মুখৰেই ৷

Conclusion:Byte=বঞ্চিত হিতাধিকাৰী ৷
Vo=উল্লেখ্য যে চৰকাৰী আৱাস গৃহ প্ৰদান কৰাৰ নামত কোনো জনপ্ৰতিনিধিয়ে ধন সংগ্ৰহ কৰাৰো অভিযোগ কৰিছে একাংশ বঞ্চিত হিতাধিকাৰীয়ে ৷ এতিয়া প্ৰশ্ন হয়, দূৰ্নীতিত শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰৰ বৰমূৰীয়া সকলে ইয়াৰ কিবা ব্যৱস্থা গ্ৰহন কৰিবনে, প্ৰকৃত দৰিদ্ৰ লোক সকলক প্ৰদান কৰিবনে এটি চৰকাৰী বাসগৃহ ৷

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat Assam
Last Updated : Jul 28, 2019, 1:35 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.