ETV Bharat / state

অৱহেলিত শ্ৰীমন্ত শংকৰ সংঘৰ প্ৰতিষ্ঠাপক হলধৰ ভূঞা!

কামপুৰ তেতেলিসৰাত বৰ্তমান অৱহেলিত হৈ পৰিছে শংকৰদেৱ সংঘ প্ৰতিষ্ঠাপক হলধৰ ভূঞাৰ আৱক্ষ মূৰ্ত্তি ৷ এফালে কোটি টকা ব্যয়ৰে জাকজমকতাপূৰ্ণ শ্ৰীমন্ত শংকৰ সংঘৰ অধিবেশন অনুষ্ঠিত কৰা সময়তে প্ৰতিষ্ঠাপক গৰাকীৰ আৱক্ষ মূৰ্ত্তি অৱহেলিত হৈ থকাত ক্ষোভ প্ৰকাশ কৰে স্থানীয় লোকে ৷

author img

By

Published : Jan 31, 2020, 2:11 PM IST

হলধৰ ভূঞা
অৱহেলিত শ্ৰীমন্ত শংকৰ সংঘৰ প্ৰতিষ্ঠাপক হলধৰ ভূঞা!

বঢ়মপুৰ, 31 জানুৱাৰীঃ জহি খহি গৈছে শংকৰদেৱ সংঘ আৰু শ্ৰীমন্ত শংকৰ মিচন প্ৰতিষ্ঠাপক হলধৰ ভূঞাৰ আৱক্ষ মূৰ্ত্তি ৷ জন্মভূমিতে অৱহেলিত লোকসেৱক হলধৰ ভূঞা ৷ এফালে কোটি টকা ব্যয়ৰে জাকজমকতাপূৰ্ণ শ্ৰীমন্ত শংকৰ সংঘৰ অধিবেশন আনফালে জন্মভূমিতে অৱহেলিত প্ৰতিষ্ঠাপকজন ৷

অৱহেলিত শ্ৰীমন্ত শংকৰ সংঘৰ প্ৰতিষ্ঠাপক হলধৰ ভূঞা!

উল্লেখ্য যে, কামপুৰ তেতেলিসৰাত 2010 চনত হলধৰ ভূঞাৰ ১১৮ তম জন্মজয়ন্তী উপলক্ষে নিৰ্মাণ কৰা হয় আৱক্ষ মূৰ্ত্তি ৷ তাৰোপৰি নগাঁৱৰ কঠিয়াতলীত তোৰণ নিৰ্মানৰ প্ৰস্তাৱ লয় তেতিয়াৰ কংগ্ৰেছৰ প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইনে ৷ কিন্তু বৰ্তমান পৰ্যন্ত তোৰণ নিৰ্মাণকাৰ্য আৰম্ভ নকৰিলে উক্ত স্থানত৷ আনকি বৰ্তমান জহি খহি যোৱা মূৰ্ত্তিটো মেৰামতি কৰিবলৈ আহোৰী নাই চৰকাৰৰ ৷ যাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজৰ লগতে পৰিয়ালবৰ্গই ৷ আনহাতে, শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু শ্ৰীমন্ত শংকৰ মিচনে লোকসেৱক জনৰ আৱক্ষ মূৰ্ত্তিটোৰ প্ৰতি অৱহেলা কৰাৰ অভিযোগ তোলো স্থানীয় ৰাইজে ৷

আৰু পঢ়কঃ সহস্ত্ৰ সংগ্ৰাম ত্যাগ কৰি শান্তি আলোচনালৈ আহক আলফাঃ সৰ্বানন্দ সোণোৱাল

Intro:Story= জন্মভূমিতে অৱহেলিত লোকসেৱক হলধৰ ভূঞা ৷ জহিখহি গৈছে তেতেলিসৰাস্থিত আৱক্ষ মূৰ্ত্তি ৷
Anchor=এফালে কোটি টকা ব্যয়ৰে জাকজমকতাৰে শ্ৰীমন্ত শংকৰ সংঘ অধিবেশন আনফালে জন্মভূমিতে অৱহেলিত হৈ আছে শংকৰদেৱ সংঘৰ প্ৰতিষ্ঠাপক হলধৰ ভূঞাৰ আৱক্ষ মূৰ্ত্তি ৷ শ্ৰীমন্ত শংকৰ মিচন আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ দুয়োটাই উত্তৰ পূৰ্ব্বাঞ্চলৰ সৰ্ব্ববৃহৎ অনুস্থান প্ৰতিষ্ঠা কৰিছিল লোকসেৱক হলধৰ ভূঞাই । কিন্তু দুয়োটা অনুস্থানেই পাহৰিলে প্ৰতিষ্ঠাপক হলধৰ ভূঞাক ৷ বৰ্তমান জহি খহি গৈছে কামপুৰ তেতেলিসৰাস্থিত হলধৰ ভূঞাৰ আৱক্ষ মূৰ্ত্তিটো ৷
Body:Vo=উত্তৰ পূৰ্ব্বাঞ্চলৰ সৰ্ব্ববৃহৎ ধৰ্মীয় অনুস্থান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশন অনুস্থিত কৰিবলৈ লক্ষ লক্ষ টকা প্ৰতিবছৰে অনুমোদন দি আহিছে যদিও শংকৰদেৱ সংঘৰ প্ৰতিস্থাপক হলধৰ ভূঞাৰ প্ৰতিমূৰ্ত্তিৰ জৰাজীৰ্ণ অৱস্থাটো চাওঁক ৷ শংকৰদেৱ সংঘৰ প্ৰতিস্থাপক লোকসেৱক হলধৰ ভূঞাৰ জন্মভূমিতে নিৰ্মান কৰা আৱক্ষ মূৰ্ত্তিৰ বৰ্তমান এই দুৰৱস্থা । উল্লেখ্য যে ২০১০ চনত লোকসেৱক হলধৰ ভূঞাৰ ১১৮ তম জন্মজয়ন্তী উপলক্ষে কামপুৰৰ তেতেলিসৰা গাঁৱত অনুস্থিত অনুষ্ঠানত জন্মভূমিতে লোকসেৱক জনৰ আৱক্ষ মূৰ্ত্তি আৰু নগাঁৱৰ কঠিয়াতলীত তোৰণ নিৰ্মানৰ প্ৰস্তাৱ লয় যদিও আজিকোপতি কঠিয়াতলীৰ তোৰণ নিৰ্মান নহল ৷ তেতেলীসৰাত আৱক্ষমূৰ্ত্তি নিৰ্মান হ'ল যদিও নিৰ্মানৰ এটা বছৰৰ পিছতে মূৰ্ত্তিটো ভাঙিবলৈ আৰম্ভ কৰে । আৱক্ষ মূৰ্ত্তি উন্মোচন কৰিছিল প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিতিত ৰকিবুল হুচেইনে ৷ বৰ্তমান জহি খহি যোৱা মূৰ্ত্তিটো মেৰামতি কৰিবলৈ কাৰোৰে সময় নহ'ল ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু শ্ৰীমন্ত শংকৰ মিচনে লোকসেৱক জনৰ আৱক্ষ মূৰ্ত্তিটোৰ প্ৰতি অৱহেলা কৰাৰ অভিযোগ উঠিছে ৷ প্ৰতিমূত্তিটো এনে দুৰৱস্থাই ক্ষোভিত কৰি তুলিছে লোকসেৱক হলধৰ ভূঞাৰ পৰিয়ালৰ লগতে স্থানীয় কামপুৰ আৰু তেতেলিসৰা বাসীক ।
Byte=স্থানীয় লোক ।
Conclusion:Vo=স্থানীয় লোক সকলে অসমৰ কেইবাটাও অনুস্থানৰ প্ৰতিস্থাপক লোকসেৱক হলধৰ ভূঞাৰ আৱক্ষ মূত্তিটো পুনৰ নিৰ্মান কৰাৰ দাবী জনাইছে ।

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.