ETV Bharat / state

কামপুৰৰ পুখুৰীত বিষক্ৰিয়া, হতাশ দুই যুৱক ! - মাছ পোহা পুখুৰীত বিষক্ৰিয়া

মৎস্য পালনেৰে নিজৰ উপাৰ্জনৰ পথ বাছি লৈছিল দুই যুৱকে ৷ কিন্তু বিষক্ৰিয়াৰ ফলত মৃত্যু হয় সকলো মাছৰ ৷

হতাশ দুই যুৱক
মৎস্য পালনেৰে স্বাৱলম্বীতাৰ পথ বাছি লৈছিল দুই যুৱকে
author img

By

Published : Nov 29, 2019, 11:35 AM IST

কামপুৰ, নৱেম্বৰ 29: চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খোৱাৰ পৰিৱৰ্তে, নিজস্ব প্ৰচেষ্টাৰে স্বাৱলম্বী হোৱা দুজন যুৱক ! কামপুৰ পতিয়াপামৰ অৰ্ণৱ বৰুৱা আৰু মৃণ্ময় শইকীয়া নামৰ দুই যুৱকে, মৎস্য পালন কৰি নিজৰ উপাৰ্জনৰ পথ বাছি লৈছিল ৷

মৃত্যু হয় সকলো মাছৰ
প্ৰায় ডেৰ বিঘাজোৰা পুখুৰীত বিষক্ৰিয়া

আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ দুই যুৱকে ঋণলৈ ধন যোগাৰ কৰি, ৬০ হাজাৰৰো অধিক টকা ব্যয় কৰি বৈজ্ঞানিক পদ্ধতিৰে, প্ৰায় ডেৰ বিঘা মাটিৰ পুখুৰী এটাত মাছ পোহা আৰম্ভ কৰিছিল ৷

কিন্তু যোৱানিশা কোনো সন্দেহজনক দুস্কৃতিকাৰীয়ে বিহ দিয়াৰ ফলত মৃত্যু হয় সকলো মাছৰ ৷ ফলত ভাগি পৰিছে উদ্যমী যুৱক দুজন ৷

পুখুৰীত বিষক্ৰিয়াৰ ফলত মৃত্যু মাছৰ

লগতে পঢ়ক: জোঙালবলহুত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ

Intro:মৎস্য পালনেৰে স্বাৱলম্বী হব খোজা বঢ়মপুৰৰ কামপুৰ দুই যুৱকৰ কৰুণ কাহিনী।
Anchor= কামপুৰ পতিয়াপামৰ দুই যুৱকৰ কৰুণ কাহিনী। এটা চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাই ভাগৰি পৰি অৱশেষত মৎস্য পালন কৰি নিজৰ উপাৰ্জনৰ পথ বাছি লৈছিল পতিয়াপামৰ অৰ্ণৱ বৰুৱা আৰু মৃণ্ময় শইকীয়া নামৰ দুই যুৱকে। অতি দুখীয়া পৰিয়ালৰ দুই যুৱকে ঋণলৈ ধন আনি বৈজ্ঞানিক পদ্ধতিৰে মাছ পোহা আৰম্ভ কৰিছিল। ৬০ হাজাৰো অধিক টকা ব্যয় কৰি মাছ পালন কৰা প্ৰায় ডেৰ বিঘা মাটিৰ এই পুখুৰীটোলৈ মন কৰক চোন। কি দৰে পানীত ওপঙি আছে মাছ সমূহ। নিশা কোনো দুস্কৃতি কাৰীয়ে বিহ দিয়াৰ ফলত সকলো মাছ মৰি যোৱাত হতাশ হৈ পৰিছে দুই যুৱক। নিজৰ উপাৰ্জন পথ নিজে বাছি লৈছিল যদিও একাংশ দুস্কৃতি কাৰীৰ বাবে সকলো শেষ হৈ যোৱাত দুখত ভাগি পৰিছে অৰ্ণৱ আৰু মৃণ্ময় নামৰ দুই যুৱক।
Byte= যুৱক।

Body:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.