ETV Bharat / state

ছিণ্ডিকেটৰাজঃ নগাঁৱত ইউৰিয়া বিক্ৰীৰ নামত ৰামঠগন কৃষকক - নগাওঁ জিলা প্ৰশাসন

ইউৰিয়া সাৰ বিক্ৰীৰ নামত নগাঁও জিলাত সংঘটিত হৈছে বৃহৎ জালিয়াতি । কৃষকক সাৰ ক্ৰয়ৰ নামত ৰামঠগন দিছে জিলাখনৰ একাংশ খুচুৰা ব্যৱসায়ীয়ে ৷ চৰকাৰী নিৰিখ মতে প্ৰতি ৪৫ কেজি ইউৰীয়া বেগৰ মূল্য ২৬৬.৫০ টকা যদিও কৃষকে ৪০০ পৰা ৪৫০ টকালৈকে ইউৰীয়া ক্ৰয় কৰি আহিছে । কৃষকসকলক চৰকাৰী মূল্য অৱগত নকৰে খুচুৰা ব্যৱসায়ীসকলে ৷

Barhampur Fertilizer Corraption Nagaon Assam Etv Bharat News
সাৰৰ ছিণ্ডিকেট
author img

By

Published : Feb 22, 2020, 4:34 PM IST

বঢ়মপুৰ,22 ফেব্ৰুৱাৰীঃ ৰাজ্যৰ কৃষি বিভাগত চলিছে ছিণ্ডিকেটৰাজ ৷ কৃষকক ইউৰিয়া সাৰ বিক্ৰীৰ নামত নগাওঁ জিলাত সংঘটিত হৈছে বৃহৎ জালিয়াতি। কৃষকক সাৰ ক্ৰয়ৰ নামত ৰামঠগন দিছে জিলাখনৰ একাংশ খুচুৰা ব্যৱসায়ীয়ে ৷ চৰকাৰী নিৰিখতকৈ যথেষ্ঠ উচ্চহাৰত ইউৰিয়া সাৰ বিক্ৰী কৰি আহিছে ব্যৱসায়ীসকলে ফলত লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে কৃষকসকল ৷

সাৰ বিক্ৰীত কেলেংকাৰী সংঘটিতৰ অভিযোগ

অভিযোগ অনুসৰি,জিলাখনত ৩৫০ৰো অধিক চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত খুচুৰা বিক্ৰেতায়ে গ্ৰাহকক দীৰ্ঘদিনৰ পৰা ঠগি আহিছে ৷ চৰকাৰী নিৰিখ মতে প্ৰতি ৪৫ কেজি ইউৰীয়া বেগৰ মূল্য ২৬৬.৫০ টকা যদিও কৃষকে ৪০০ পৰা ৪৫০ টকালৈকে ইউৰীয়া ক্ৰয় কৰি আহিছে। কৃষকসকলক চৰকাৰী মূল্য অৱগত নকৰে খুচুৰা ব্যৱসায়ীসকলে ৷ এইক্ষেত্ৰত নীৰৱ দৰ্শকৰ ভূমিকা গ্ৰহণ কৰিছে নগাঁও জিলা প্ৰশাসন তথা অতুল বৰা নেতৃত্বাধীন বিয়াগোম কৃষি বিভাগে ৷

ইফালে,গ্ৰামাঞ্চলত বহু ব্যৱসায়ীয়ে অনুজ্ঞাপত্ৰ অবিহনে বিক্ৰী কৰিছে কীটনাশক ঔষধ আৰু বিভিন্ন ৰাসায়নিক দ্ৰব্য ৷ যাৰবাবে ভয়ানক বিপদ সংঘটিত হোৱাৰ আশংকা কৰা হৈছে অঞ্চলবোৰত ৷

লগতে চাওকঃঅবিশ্বাস্যঃ এটা বৃহৎ মাছৰ পেটৰ পৰা ওলাল অসংখ্য মাছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.