ETV Bharat / state

কামপুৰত বন্যহস্তীৰ আক্ৰমণত নিহত এজন,আহত দুজন

কামপুৰ ৰজাগাঁও কলনিত বন্যহস্তীৰ আক্ৰমণত নিহত হয় এজন যুৱক আৰু আহত হয় দুজন ৷ কাজিৰঙাৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই অঞ্চলটোৰ তিনিটাকৈ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে ৷

author img

By

Published : Aug 8, 2020, 12:14 PM IST

Updated : Aug 8, 2020, 1:38 PM IST

BARHAMPUR_ELEPHANT TERROR
কামপুৰত বন্যহস্তীৰ আক্ৰমণত নিহত এজন,আহত দুজন

কামপুৰ,8আগষ্ট: কামপুৰ ৰজাগাঁও কলনিত সংঘটিত হৈছে শোকাৱহ ঘটনা । শুকুৰবাৰে নিশা বনৰীয়া হাতীৰ গচকত একেটা পৰিয়ালৰে এজন যুৱক নিহত হোৱাৰ লগতে আহত হয় ২জনকৈ লোক ৷ নিহত যুৱকজন নাম চন্দন বিশ্বাস আৰু আহত পিতৃ বাবলু বিশ্বাস আৰু মাতৃ পান্না বিশ্বাস বুলি জানিব পৰা গৈছে । বন্যহস্তীৰ গচকত গুৰুতৰভাৱে আহত পান্না বিশ্বাসক ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে ।

অন্য এক খবৰৰ বাবে:কেৰালাত বিমান দুৰ্ঘটনাত 18 জন নিহত

উল্লখ্য, বিগত কিছুদিন ধৰি কাজিৰঙাৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে অঞ্চলটোত । নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ জাকটোৱে কঠাল খাই বাবুল বিশ্বাস নামৰ ব্যক্তিজনৰ বাসগৃহ ভাঙি ব্যক্তিজনৰ পৰিয়ালটোক আক্ৰমণ কৰে ৷ যাৰ ফলত তেওঁৰ পুত্ৰ চন্দন বিশ্বাসৰ মৃত্যু হোৱাৰ লগতে পত্নী পান্না বিশ্বাস গুৰুতৰভাৱে আহত হয় ৷ আনহাতে তিনিটাকৈ বাসগৃহও ভাঙি লণ্ড-ভণ্ড কৰে হাতীৰ জাকটোৱে | ইফালে,ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষা ব্যৱস্থা কৰিছে

Last Updated : Aug 8, 2020, 1:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.