ETV Bharat / state

বৃদ্ধি পাইছে কপিলীৰ জলপৃষ্ঠ : আশংকাত নৈপৰীয়া ৰাইজ - BARHAMPUR_KAPILI WATER LEVEL

উমৰাংচু কপিলী পাৱাৰ হাউচত পাইপ ফাটি যোৱাৰ ফলত জলবিদ্যুৎ প্ৰকল্পটোৰ খুলি দিয়া হৈছে তিনিখন গেট । গেট খুলাৰ পাছতেই ঘণ্টাত প্ৰায় ১০ ছেন্টিমিটাৰলৈকে বৃদ্ধি পাইছে কপিলীৰ পানী আৰু আশংকাত ভুগিছে নৈ-পৰীয়া ৰাইজ ।

বৃদ্ধি পাইছে কপিলীৰ জলপৃষ্ঠ
author img

By

Published : Oct 9, 2019, 1:23 PM IST

বঢ়মপুৰ,9অক্টোবৰ : প্ৰতিদিনে ভয়ৰ আশংকাত ভুগিছে কপিলী নৈ পৰীয়া ৰাইজ ৷ কাৰণ ঘন্টাত প্ৰায় 10 ছেন্টিমিটাৰলৈকে বৃদ্ধি পাইছে কপিলী নৈৰ পানী ৷

উল্লেখ্য যে, 7 অক্টোবৰত উমৰাংচু কপিলী পাৱাৰ হাউচত সংঘটিত হৈছিল এক ভয়ংকৰ ঘটনা ৷ উমৰাংচু কপিলী পাৱাৰ হাউচত পাইপ ফাটি যোৱাৰ ফলত পানীৰ সোঁতত উটি গৈছিল এজন অভিযন্তাৰ লগতে তিনিজন কৰ্মচাৰী ৷ টানেল মেৰামতি কৰি থকাৰ সময়তে সংঘটিত হোৱা এই ঘটনাত উটি যোৱা লোককেইজনৰ বৰ্তমানেও পোৱা নাই কোনো সন্ধান ৷

বৃদ্ধি পাইছে কপিলীৰ জলপৃষ্ঠ

ইফালে, পাইপ ফাটি যোৱাৰ পিছতেই বৃদ্ধি পাইছে কপিলীৰ জলপৃষ্ঠ ৷ যাৰ বাবে উমৰাংছ জলবিদ্যুৎ প্ৰকল্পৰ খুলি দিয়া হৈছে তিনিখন গেট ৷ গেট খুলাৰ পাছতেই ঘণ্টাত প্ৰায় ১০ ছেন্টিমিটাৰলৈকে বৃদ্ধি পাইছে কপিলীৰ পানী৷ যাৰ বাবে চিন্তিত হৈ পৰিছে নৈ পৰীয়া ৰাইজসকল ৷ ইফালে
কৰ্তৃপক্ষই প্ৰকল্পটোৰ মেৰামতিৰ ক্ষেত্ৰত হেমাহী কৰাৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰে নৈপৰীয়া ৰাইজে ৷

Intro:কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত আশংকাত কপিলী নৈ পৰীয়া ৰাইজ ।

Anchor =সোমবাৰে কপিলী নদীৰ উমৰাংছ' জলবিদ্যুৎ প্ৰকল্পৰ পাইপ ফাটি যোৱা পিছতেই কপিলীৰ জলপৃষ্ঠ ক্ৰমান্বয়ে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।আনহাতে প্ৰকল্পটো তিনিখনগেট খুলি দিয়াত ঘণ্টাত প্ৰায় ১০ ছে:মি:ৰকৈ বৃদ্ধি পাইছে কপিলী পানী।এনেদৰে ১০ ছে:মি:ৰকৈ কপিলী নৈৰ পানী যদি বৃদ্ধি পায় বিয়লি ভাগলৈ বিপদ সীমাৰ লেভেল পাৰ হোৱাটো নিশ্চিত। উমৰাংছ'কপিলী জলবিদ্যুৎ প্ৰকল্পটোৰ মেৰামতি কাম সময়মতে নকৰি কৰ্তৃপক্ষই হেমাহী কৰাৰ বাবে আজি শংকাত ভুগিব লগা হৈছে কপিলী পৰীয়া ৰাইজ সকল ।

Byte = স্থানীয় লোক ।Body:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.