চামগুৰি,8 জানুৱাৰী : নগাঁৱৰ পানীগাঁওস্থিত বন্ধন বেংকত বৃহস্পতিবাৰে সৃষ্টি হয় এক হুলস্থুলীয়া পৰিৱেশৰ ৷ বেংকৰ শাখাটোত গ্ৰাহকসকলে নিজ নিজ একাউণ্টত সোমোৱা ধন বিচাৰি সৃষ্টি কৰে এক উত্তপ্ত পৰিস্থিতিৰ ৷
জানিব পৰা মতে, ৰিজাৰ্ভ বেংকৰ পৰা বন্ধন বেংকৰ গ্ৰাহকলৈ অহা কিছু টকা গ্ৰাহকৰ অনুমতি অবিহনেই সোমোওৱা হৈছে গ্ৰাহকৰ একাউণ্টত ৷ কিন্তু একাউণ্টৰ পৰা টকা উলিয়াবলৈ যোৱাৰ পাচতো বেংক কৰ্তৃপক্ষই টকা নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে গ্ৰাহকসকলে ৷
ইফালে গ্ৰাহকৰ অভিযোগ খণ্ডন কৰি বেংক কৰ্তৃপক্ষই কয় যে, গ্ৰাহকৰ একাউণ্টত Emergency Credit Line নামেৰে এটা ঋণ সোমাইছে ৷ এই ঋণৰ জৰিয়তে গ্ৰাহকসকলৰ লেনদেন সুশৃংখলিত হোৱাৰ ব্যৱস্থা কৰা হৈছে ৷
লগতে পঢ়ক : বাইহাটাত ক’ভিড হাস্পতালৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ