ETV Bharat / state

এটা ৰহস্যজনক হত্যাৰ সন্ধানত নগাঁৱত বাক্সা আৰক্ষীৰ অভিযান - মকবুল হুছেইনৰ হত্যাকাণ্ড

এটা চাঞ্চল্যকৰ অপহৰণ আৰু হত্যাকাণ্ডৰ অনুসন্ধান কৰিবলৈ নগাঁৱত উপস্থিত বাক্সা আৰক্ষীৰ এটা দল । হত্যাকাণ্ডত জড়িত দুই অভিযুক্তক লগত লৈ আৰক্ষীৰ দলে আৰম্ভ কৰিছে অনুসন্ধান । আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য । কিয় কেনেকৈ সংঘটিত হৈছিল এই চাঞ্চল্যকৰ হত্যাকাণ্ড? ই টি ভি ভাৰতৰ এক exclusive প্ৰতিবেদন ।

baksa police investigating in Nagaon along with two accused
দুই অভিযুক্তক লগত নগাঁৱত অনুসন্ধান বাক্সা আৰক্ষীৰ
author img

By

Published : Oct 4, 2021, 9:40 PM IST

Updated : Oct 5, 2021, 6:21 AM IST

নগাঁও, 4 ছেপ্টেম্বৰ : এটা চাঞ্চল্যকৰ অপহৰণ আৰু হত্যাকাণ্ডৰ ক্লু বিচাৰি নগাঁৱত উপস্থিত বাক্সা আৰক্ষীৰ এটা দল । দুই অভিযুক্ত লগত লৈ নগাঁৱত অপহৰণ আৰু হত্যাকাণ্ডৰ অনুসন্ধান চলালে বাক্সা আৰক্ষীয়ে ৷ যোৱা ১৯ ছেপ্টেম্বৰত এখন গাড়ী বিক্ৰী কৰিবলৈ গৈ মেৰাপানী আৰক্ষীৰ জালত পৰিছিল হত্যাকাণ্ডত জড়িত এই দুই অভিযুক্ত ।

এজন গুৱাহাটীৰ গড়চুকৰ প্ৰদীপ বৰ্মন আনজন কাৰ্বি আংলং শান্তিপুৰৰ বিকাশ তাঁতী । উল্লেখ্য যে, যোৱা ২১ চেপ্টেম্বৰত নগাঁৱৰ বৰঘাটৰ সমীপৰ বাইপাছত উদ্ধাৰ হৈছিল এটা মৃতদেহ । উদ্ধাৰ হোৱা মৃতদেহটো আছিল বাক্সা জিলাৰ শালনাবাৰীৰ মকবুল হুছেইনৰ ।

দুই অভিযুক্তক লগত নগাঁৱত অনুসন্ধান বাক্সা আৰক্ষীৰ

শালনাবাৰীৰ পৰাই প্ৰথমে অপহৰণ হৈছিল মকবুল হুছেইন । এখন ALTO বাহনসহ মকবুল হুছেইন অপহৰণ হোৱা সন্দৰ্ভত বাক্সাৰ শালবাৰী আৰক্ষী থানাত ৰুজু হৈছিল এক অপহৰণৰ গোচৰ । যি গোচৰৰ তদন্ত চলি থকাৰ মাজতেই নগাঁৱৰ বৰঘাটৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ এই স্থানত উদ্ধাৰ হৈছিল মকবুলৰ মৃতদেহ ।

লগতে পঢ়ক: RSS সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি আইনৰ মেৰপাকত জাভেদ আখতাৰ

কিন্তু সেই সময়ত মকবুলৰ চাৰিচকীয়া বাহনখন বিক্ৰী কৰিছিল এই চক্ৰটোৱে । চুৰি গাড়ী বিক্ৰীৰ অভিযোগতে মেৰাপানী আৰক্ষীয়ে আটক কৰিছিল গুৱাহাটীৰ প্ৰদীপ বৰ্মন আৰু কাৰ্বি আংলঙৰ বিকাশ তাঁতীক ।

হত্যাৰ এই দুই অভিযুক্তক ১ অক্টোবৰত বাক্সাৰ শালনাবাৰী আৰক্ষীয়ে নিজৰ জিম্মাত লৈ কৰা জেৰাত মকবুলক হত্যা কৰাৰ কথা স্বীকাৰ কৰা বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে । প্ৰদীপ বৰ্মন আৰু হত্যাৰ বলি হোৱা মকবুলৰ মাজত পূৰ্বৰ আখেজ থকা বুলিও আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে ।

হত্যাকাণ্ড সংঘটিত কৰি সমগ্ৰ ঘটনা গাপ দিয়া বাবেই নগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মকবুলৰ মৃতদেহ পেলোৱা হৈছিল বুলিও সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । আৰক্ষীৰ অনুসন্ধান আৰু কি কি তথ্য পোহৰলৈ আহে সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হ'ব ।

লগতে পঢ়ক: 21 নৱেম্বৰত পৰাগ কুমাৰ দাসৰ সোঁৱৰণত অন্তিমখন তৰ্ক প্ৰতিযোগিতা

Last Updated : Oct 5, 2021, 6:21 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.