ETV Bharat / state

কৃষি কৰ্মৰে স্বাৱলম্বী চাৰিগৰাকী মহিলাৰ কাহিনী

author img

By

Published : Nov 23, 2019, 1:03 PM IST

Updated : Nov 23, 2019, 1:09 PM IST

নগাঁৱৰ কামপুৰত চাৰিগৰাকী মহিলাৰ প্ৰশংসনীয় পদক্ষেপ । যি সময়ত কৰ্ম সংস্থাপনৰ বাবে যুৱক যুৱতী সকলে হাবাথুৰি খাৱ লগা হৈছে তেনে সময়তে নগাওঁ জিলাৰ কামপুৰ দক্ষিণ চাংচকীৰ চাৰি গৰাকী মহিলাই কৃষি কৰ্মৰে স্বাৱলম্বী হোৱাৰ লগতে আন দহজনৰ বাবে আৰ্দশ হৈ পৰিছে ।

বঢ়মপুৰত পাকঘৰতে ব্যস্ত নাথাকি কৃষি কৰ্মৰে স্বাৱলম্বীতাৰ বাট দেখিছে চাৰিগৰাকী মহিলাই

বঢ়মপুৰ,23 নৱেম্বৰ : দৈনন্দিন ঘৰুৱা কামকাজৰ মাজতে সীমাৱদ্ধ নাথাকি কামপুৰৰ চাৰিগৰাকী মহিলাই কৃষি কৰ্মৰে স্বাৱলম্বীতাৰ সপোন দেখিছে । বছৰ বছৰ ধৰি পৰি থকা ভূমিত কৃষি কৰ্ম কৰি নিজৰ লগতে আন দহজনক উপাৰ্জনৰ পথ দেখুৱাইছে চাৰিগৰাকী মহিলাই । নগাওঁ জিলাৰ কামপুৰ দক্ষিণ চাংচকীৰ চাৰি গৰাকী আত্মসহায়ক গোটৰ মহিলাই ৮ বিঘা মাটিত মাটিমাহ আৰু ৭ বিঘা মাটিত সৰিয়হ খেতি কৰি স্বাৱলম্বীতাৰ পথ ৰচিছে ।

মহিলা কেইগৰাকীৰ এই উদ্যম দেখি সহায়ৰ বাবে আগবাঢ়ি আহিছে নগাওঁ জিলাৰ কৃষি বিভাগ । নগাঁও জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰই এই উদ্যমী মহিলা কেইগৰাকীক কৃষিৰ বাবে মাটিমাহ আৰু সৰিয়হৰ বীজ যোগান ধৰাৰ লগতে সাৰ যোগান ধৰিছে । মহিলা কেইগৰাকীয়ে ৮ বিঘা মাটিত মাটিমাহৰ খেতি কৰি পতিত ভূমি এতিয়া সেউজীয়া কৰি তুলিছে । উল্লখ্যে যে, এই মহিলা সকলক কৃষিকৰ্ম কৰি স্বাৱলম্বী হোৱাত পথ পদৰ্শক হিচাপে সকলো প্ৰকাৰৰ সহায়ৰে আগবঢ়াই লৈ গৈছে অসম ৰাজ্যিক জীৱিকা অভিযান কঠিয়াতলী শাখাৰ খণ্ড বিষয়া কুলদ্বীপ লেখাৰুয়ে ৷

বঢ়মপুৰত পাকঘৰতে ব্যস্ত নাথাকি কৃষি কৰ্মৰে স্বাৱলম্বীতাৰ বাট দেখিছে চাৰিগৰাকী মহিলাই

লগতে পঢ়ক:মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ আসনত পুনৰ দেবেন্দ্ৰ ফাড়নাৱিছ
লগতে পঢ়ক:মাজুলীত ব্ৰহ্মপুত্ৰৰ মাজত আৱদ্ধ যাত্ৰীবাহী ফেৰী

Intro:
পাকঘৰতে ব্যস্ত নাথাকি কৃষি কৰ্মৰে স্বাৱলম্বীতাৰ বাট দেখিছে বঢ়মপুৰৰ কামপুৰৰ চাৰি মহিলাই ৷

Anchor=কেৱল পাকঘৰতে ব্যস্ত নাথাকি কৃষি কৰ্মৰে স্বাৱলম্বীতাৰ বাট দেখিছে কামপুৰৰ চাৰি মহিলাই । যি খিনি সময়ত কৰ্ম সংস্থাপনৰ বাবে যুৱক যুৱতী সকলে হাবাথুৰি খাৱ লগা হৈছে তেনে সময়ত নগাওঁ জিলাৰ কামপুৰ দক্ষিণ চাংচকীৰ চাৰি গৰাকী মহিলাই কৃষি কৰ্মৰে নিজে স্বাৱলম্বী হোৱাৰ লগতে আন দহজনৰ বাবে আৰ্দশ হৈ পৰিছে । চাংচকী পঞ্চায়তৰ লক্ষিমী গ্ৰাম্য সংগঠনৰ সভানেত্ৰী সম্পাদিকা সহ চাৰি গৰাকী মহিলাই মাহজাতীয় খেতি কৰি স্বাৱলম্বিতাৰ বাট ৰচিছে ।
Body:Vo=দৈন্দন্দিন কামকাজ আৰু নিজৰ পৰিয়াল পোহপাল দিয়ো কামপুৰৰ এইসকল মহিলাই কৃষি কৰ্মৰে স্বাৱলম্বিতাৰ সপোন দেখিছে । বছৰ বছৰ ধৰি পৰি থকা পতিত ভূমিত কৃষি কৰ্ম কৰি নিজৰ লগতে আন দহজনক উপাৰ্জনৰ পথ দেখুৱাইছে ।নগাওঁ জিলাৰ কামপুৰ দক্ষিণ চাংচকীৰ চাৰি গৰাকী আত্মসহায়ক গোটৰ মহিলাই ৮ বিঘা মাটিত মাটিমাহ আৰু ৭ বিঘা মাটিত সৰিয়হ খেতি কৰি স্বাম্বলম্বিতাৰ পথ ৰচিছে । মহিলা কেইগৰাকীৰ এই উদ্যম দেখি সহায়ৰ বাবে আগবাঢ়ি আহিছে নগাওঁ জিলাৰ কৃষি বিভাগ । নগাঁও জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰই উদ্যমী মহিলা সকলক মাটিমাহ আৰু সৰিয়হৰ বীজ যোগান ধৰাৰ লগতে সাৰ যোগান ধৰিছে । উদ্যমী মহিলা সকলে ৮ বিঘা মাটিত মাটিমাহৰ খেতি কৰি পতিত ভূমি এতিয়া সেউজীয়া কৰিছে । বৰ্তমান মাহ চপোৱাৰ বাবে এনেদৰে ব্যস্ত হৈ পৰিছে মহিলা সকল ৷ এই মহিলা সকলক কৃষিকৰ্ম কৰি স্বাৱলম্বী হোৱাত পথ পদৰ্শক হিচাবে সকলো সহায়ৰে আগবঢ়াই লৈ গৈছে অসম ৰাজ্যিক জীৱিকা অভিযান কঠিয়াতলী শাখাৰ খণ্ড বিষয়া কুলদ্বীপ লেখাৰুয়ে ৷

Byte=উদ্যমী মহিলা ৷Conclusion:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা EtvBharat Assam
Last Updated : Nov 23, 2019, 1:09 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.