নগাঁও,26 ফেব্ৰুৱাৰীঃ পাহাৰ ভৈয়ামৰ লোকসকলৰ মাজত সমন্বয় বাৰ্তা দি সফল সামৰণি পৰে নগাঁৱৰ বঢ়মপুৰৰ কন্দলীৰ বাদুলি খোৰোং মেলাৰ ৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলন থলীলৈ পৰিণত হ’ল তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বাদুলি খোৰোং মেলা ৷ পাহাৰৰ ভাই-ভনীসকলে বিক্ৰীৰ বাবে লৈ আহিছে বিভিন্ন জনজাতীয় খাদ্য সম্ভাৰ। পিঠা,কচু,ঢেঁকীয়া, গাহৰিৰ মাংসৰ সোৱাদ ল’লে সকলোৱে ৷
নগাঁও চহৰৰ পৰা পূৱে 23 কিলোমিটাৰ নিলগত কন্দলী অঞ্চলত অৱস্থিত বাদুলি থানত 2001 চনৰ পৰা অনুষ্ঠিত হৈ আহিছে বাদুলি খোৰোং মেলা ৷ প্ৰতি বছৰে শিৱৰাত্ৰিৰ ঠিক এদিনৰ পিছতে ঐতিহাসিক কন্দলী পাহাৰৰ নামনিত এই ইতিহাস প্ৰসিদ্ধ মেলাখন অনুষ্ঠিত হয় ৷ প্ৰবচন মতে,ঋষিৰ শাপত যুগ যুগ ধৰি একাংশ নাৰীয়ে এই স্থানত বাদুলী হৈ শিলত ওলমি আছে৷
বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ দৰ্শনাৰ্থীৰ সমাগম হয় এই মেলাখনিত ৷ মেলাখনিত বিভিন্ন আকৰ্ষণীয় সামগ্ৰী বেচা-কিনাৰ লগতে মনোৰঞ্জনধৰ্মী খেল-ধেমালি,নাম-কীৰ্তন, সাংস্কৃতিক অনুষ্ঠান, সভা-সমিতি আদি আকৰ্ষণীয় অনুষ্ঠানৰ আয়োজন কৰা হয় ৷
লগতে পঢ়কঃ আজি মণিৰাম দেৱানৰ আজি মৃত্যু দিৱস