ETV Bharat / state

নগাঁৱত আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ এটি হাতী পোৱালী - নগাঁও

বুধবাৰে নগাঁৱত বোকাত আবদ্ধ হৈ ভৰিত আঘাতপ্ৰাপ্ত হোৱা এটি কণমানি বন্যহস্তীৰ পোৱালী উদ্ধাৰ প্ৰকৃতি প্ৰেমী যুৱক বিনোদ দুলু বৰা আৰু উদমাৰী বন বিভাগৰ ৷ পোৱালীটো চিকিৎসাৰ বাবে কাজিৰঙাস্থিত পশু চিকিৎসালয়লৈ প্ৰেৰণ ৷

elephant rescued in nagaon
নগাঁৱত আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ এটি হাতী পোৱালী
author img

By

Published : Dec 9, 2020, 1:22 PM IST

চামগুৰি,9 ডিচেম্বৰ : নগাঁও জিলাৰ চামগুৰিৰ বিভিন্ন অঞ্চলত দীৰ্ঘদিন ধৰি চলি থকা হাতী-মানুহৰ সংঘাতৰ মাজতে বন্যপ্ৰাণীৰ প্ৰতি থকা মানুহৰ মৰমৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে উদমাৰীবাসীয়ে । বুধবাৰে প্ৰকৃতি প্ৰেমী যুৱক বিনোদ দুলু বৰা আৰু উদমাৰী বন বিভাগৰ কৰ্মচাৰীয়ে বোকাত আবদ্ধ হৈ থকা ভৰিত আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰে এটি কণমানি বন্যহস্তীৰ পোৱালী ।

elephant rescued in nagaon
নগাঁৱত আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ এটি হাতী পোৱালী

বন্যহস্তীৰ জাকৰ পৰা ভৰিত আঘাত পোৱাৰ পাচত বোকাত আবদ্ধ হৈ পৰিছিল হাতী পোৱালীটো । বহু চেষ্টা কৰিও মাকে উদ্ধাৰ কৰিব নোৱাৰিলে হাতী পোৱালীটো । পুৱাৰ ভাগতে পোৱালীটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি ততালিকে বন বিভাগক খবৰ দিয়ে ।

বন বিভাগে খবৰ পোৱাৰ লগে লগে চাপানালাৰ প্ৰকৃতি প্ৰেমী যুৱক বিনোদ দুলু বৰাৰ সহযোগত ঘটনাস্থলীত উপস্থিত হৈ হাতী পোৱালীটো উদ্ধাৰ কৰে। কোনো ধৰণৰ হানি-বিঘিনি নোহোৱাকৈ বন্যহস্তীৰ পোৱালীটো চিকিৎসাৰ বাবে কাজিৰঙাস্থিত পশু চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে বন বিভাগৰ লগতে প্ৰকৃতি প্ৰেমী যুৱক বিনোদ দুলু বৰাই ।

লগতে পঢ়ক : কলগাছিয়াত ব্যৱহাৰৰ অনুপযোগী কোটিটকীয়া পকী দলং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.