ETV Bharat / state

বঢ়মপুৰক লৈ অগপত লাগিছে আউল !

author img

By

Published : Mar 7, 2021, 6:44 PM IST

অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্রী প্ৰফুল্ল কুমাৰ মহন্তক বঢ়মপুৰ সমষ্টিৰ পৰা এইবাৰ টিকট দিয়া নহল। সমষ্টিটোত বিজেপিয়ে নিজা প্ৰাৰ্থী দিছে । অগপই সমষ্টিটো এৰি দিয়াৰ লগে লগে প্ৰাক্তন মুখ্যমন্ত্রী মহন্তই ক্ষোভ আৰু অসন্তুষ্টিৰে কংগ্ৰেছৰ যোগেদি সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰাৰ কুচ-কাবাজ আৰম্ভ কৰিছে ।

বঢ়মপুৰ সমষ্টিত অগপৰ স্থিতি সবল নহয়ঃ অতুল বৰা

গুৱাহাটী, ৭মাৰ্চঃ অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্রী প্ৰফুল্ল কুমাৰ মহন্তক বঢ়মপুৰ সমষ্টিৰ পৰা এইবাৰ টিকট দিয়া নহল। সমষ্টিটোত বিজেপিয়ে নিজা প্ৰাৰ্থী দিছে । অগপই সমষ্টিটো এৰি দিয়াৰ লগে লগে প্ৰাক্তন মুখ্যমন্ত্রী মহন্তই ক্ষোভ আৰু অসন্তুষ্টিৰে কংগ্ৰেছৰ যোগেদি সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰাৰ কুচ-কাবাজ আৰম্ভ কৰিছে ।

দেওবাৰে ৰাজ্যিক বিজেপিৰ গুৱাহাটীৰ খানাপাৰাস্থ নিৰ্বাচনী সংবাদকোষৰ কাৰ্যালয়ত আয়োজন কৰা মিত্রদলৰ এখন যৌথ সংবাদমেলত এই সন্দৰ্ভত অগপৰ সভাপতি অতুল বৰাক প্ৰশ্ন কৰা হৈছিল । উত্তৰত সভাপতি বৰাই কয়- ' আমি কোনো চক্ৰান্ত কৰি তেওঁক টিকটৰ পৰা বঞ্চিত কৰা নাই । আমি মিত্রদলে জয়ৰ সম্ভাৱনীয়তাৰ ওপৰত গভীৰভাৱে বিশ্লেষন কৰিছো । ব্যক্তি বিশেষক লৈ কৰা নাই । সম্ভাৱনীয়তাৰ ক্ষেত্রত গুৰুত্ব দিয়া হৈছে । বঢ়মপুৰ সমষ্টিটো দীৰ্ঘদিন ধৰি আমাৰ দখলত আছিল । কিন্তু এতিয়া তাত আমাৰ স্থিতি সবল নহয় । বিগত লোকসভা নিৰ্বাচনত প্ৰফুল্ল কুমাৰ মহন্তই নিজৰ গণতান্ত্রীক অধিকাৰ সাব্যস্ত নকৰাৰ পাছৰে পৰা তেওঁ দলটোৰ পৰা ক্ৰমাৎ আঁতৰি গৈছে । মিত্রদলৰ মাজত হোৱা আলোচনাৰ মাজেৰে আসন বুজাবুজি হৈছে । আনহাতে তেওঁৰ স্বাস্থ্যজনিত কথাও আছে ।'

উল্লেখ যে, এইবাৰ বঢ়মপুৰ সমষ্টিত বিজেপিয়ে জিতু গোস্বামীক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে । ইফালে সমষ্টিটো হেৰুৱাই প্ৰাক্তন মুখ্যমন্ত্রী মহন্তই কংগ্ৰেছৰ মহাজোঁটবন্ধনৰ অংশীদাৰ হোৱাৰ বাবে যোগাযোগ অব্যাহত ৰাখিছে ।

লগতে পঢ়কঃ বিজেপি প্ৰাৰ্থী প্ৰদানৰ দাবীত উত্তাল হাইলাকান্দি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.