ধিং, 13 জুন : শনিবাৰে লাহৰীঘাটত সংঘটিত হৈছে অঘটন ৷ লাহৰীঘাটৰ ৰজা গাধোৱা গাঁৱত দাৰে ঘপিয়াই প্ৰাণে মৰাৰ চেষ্টা এজন যুৱকক । আঘাতপ্ৰাপ্ত যুৱকজনৰ নাম ছুফিয়ান উল্লাহ(৩১) বুলি জানিব পৰা গৈছে । প্ৰাপ্ত তথ্য অনুসৰি, মছজিদৰ পৰা আহি থাকোতে একেখন গাঁৱৰে আবুল ছত্তাৰ নামৰ (৪১) লোকজনে দাৰে ঘপিয়াই আঘাত কৰে ছুফিয়ান উল্লাহক ৷ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় উল্লাহ ৷
পৰিয়ালৰ লোকে উল্লাহক লগে লগে লাহৰীঘাটৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে ৷ পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে চিকিৎসকে গুৱাহাটীলৈ প্ৰেৰণ কৰে ছুফিয়ানক ।
উল্লেখ্য যে, ঘটনা সন্দৰ্ভত লাহৰীঘাট আৰক্ষীক অৱগত কৰে ভূক্তভোগীৰ পৰিয়ালে ৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ৷ আনকি এই ঘটনাত ব্যৱহৃত এখন দা আৰক্ষীয়ে উদ্ধাৰ কৰে ৷
লগতে পঢ়ক: সোণতলীত দুই ফৈদৰ পাৰিবাৰিক কন্দল: কিশোৰক হত্যাৰ চেষ্টা