ETV Bharat / state

নাবালিকাক অপহৰণ কৰিবলৈ গৈ আৰক্ষীৰ জালত চাৰি যুৱক - কলিয়াবৰ

কলিয়াবৰত প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে এগৰাকী নাবালিকাক অপহৰণ (Kidnap)ৰ চেষ্টা চলোৱাৰ অভিযোগ ৷ নাবালিকাগৰাকীক প্ৰেমৰ প্ৰস্তাৱ দিয়া এজন যুৱকৰ সৈতে অন্য তিনি যুৱকৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ ৷ ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে চাৰি অভিযুক্তক ৷

attempt to kidnap a minor girl at kaliabor
কলিয়াবৰত 4 জনক আটক
author img

By

Published : Aug 1, 2021, 8:31 PM IST

কলিয়াবৰ, 1 আগষ্ট : নগাঁও জিলাৰ কলিয়াবৰত প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে এগৰাকী নাবালিকাক নিৰ্যাতন (Torture) চলাই আৰক্ষীৰ জালত পৰিছে তিনি বন্ধুসহ প্ৰেমিক ৷ ইয়াৰ লগতে নাবালিকাগৰাকীক অপহৰণ (Kidnap)ৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে চাৰি যুৱকক আটক কৰিছে আৰক্ষীয়ে । প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই এজন যুৱকসহ অন্য তিনি যুৱকে নাবালিকাগৰাকীৰ বাসগৃহত উপস্থিত হৈ নাবালিকাগৰাকীক অত্যাচাৰ চলায় ৷

কলিয়াবৰত 4 জনক আটক

ইয়াৰ লগতে নাবালিকাগৰাকীৰ পৰিয়ালক ধন দাবী কৰি নাবালিকাগৰাকীৰ অপহৰণৰ চেষ্টা চলায় চাৰি অভিযুক্তই । ইতিমধ্যে চুলুং আৰক্ষীৰ জালত পৰিছে ধৃত চাৰি যুৱক ক্ৰমে- দিজু বস্তিৰ মিঠুন ঘোষ, মিছাৰ অজয় গুপ্তা, বৰচোঙৰ নৰেন দাস আৰু জিণ্টু বসুমতাৰী ।

ভুক্তভোগী নাবালিকাৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে চাৰি অভিযুক্ত যুৱকক । অভিযুক্তৰ পৰা আৰক্ষীয়ে এটা ম’বাইল ফোন আৰু A-AS-12_S-7571 নম্বৰৰ মাৰুতী বাহন জব্দ কৰিছে ৷

লগতে পঢ়ক : বন্যহস্তীয়ে নিদ্ৰা হৰিছে চামগুৰিবাসীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.