ETV Bharat / state

পুনৰ চিকিৎসক প্ৰহাৰৰ ঘটনা: উত্তপ্ত পৰিস্থিতি - উত্তপ্ত পৰিস্থিতি

নগাঁৱৰ ম'হখুলি মাতৃ আৰু শিশু চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি । মহিলা চিকিৎসকক প্ৰহাৰ প্ৰসূতিৰ আত্মীয়ৰ । আৰক্ষী থানাত ৰুজু গোচৰ ৷

attack on lady doctor in nagaon assam etv bharat news
উত্তপ্ত পৰিস্থিতি
author img

By

Published : Oct 6, 2020, 7:36 PM IST

নগাঁও, 6 অক্টোবৰ: ৰাজ্যত পুনৰ সংঘটিত হৈছে চিকিৎসকক প্ৰহাৰৰ ঘটনা ৷ কৰ’ণা সৃষ্ট পৰিৱেশৰ মাজতো নিৰৱচ্ছিন্নভাৱে দায়িত্বত নিয়োজিত চিকিৎসকসকলে অহৰহ আগবঢ়াই আহিছে চিকিৎসা সেৱা ৷ একপ্ৰকাৰ ত্ৰাণকৰ্তাৰ ৰূপত স্থান দিয়া চিকিৎসকসকলক একাংশ অবিবেচক লোকে কৰ্তব্যক্ষেত্ৰত অপদস্থ কৰাৰ ঘটনায়ো লাভ কৰি আহিছে চৰ্চা ৷ ডাঃ দেৱেন দত্তৰ হত্য়াৰ চূড়ান্ত ৰায়দান ঘোষণা নৌহওঁতেই পুনৰ তেনে এক ঘটনা সংঘটিত হৈছে নগাঁৱত । নগাঁৱৰ ম’হখুলিৰ মাতৃ আৰু শিশু চিকিৎসালয়ৰ ডাঃ চেমিম নামৰ এগৰাকী মহিলা চিকিৎসকক মঙলবাৰে পুৱা চিকিৎসালয়ৰ চৌহদতে শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে ৰেজিনা বেগম নামৰ এগৰাকী প্ৰসূতিৰ আত্মীয়ৰ বিৰুদ্ধে । ইয়াতে ক্ষান্ত নাথাকি প্ৰসূতিগৰাকীৰ আত্মীয়ই চিকিৎসকগৰাকীৰ বাহনখনো ক্ষতিগ্ৰস্ত কৰাৰ চেষ্টা চলায় । যি ঘটনাই এতিয়া সমগ্ৰ নগাঁৱতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

চিকিৎসকক প্ৰহাৰৰ ঘটনা

উল্লেখ্য যে, জখলাবন্ধাৰ পৰা অহা এগৰাকী প্ৰসূতিক জখলাবন্ধা চিকিৎসালয়ৰ পৰা তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰাৰ পৰামৰ্শ প্ৰদান কৰা হৈছিল যদিও প্ৰসূতিগৰাকীৰ আত্মীয়ই তেজপুৰৰ পৰিৱৰ্তে নগাঁৱলৈ নিয়ে । কিন্তু প্ৰসূতিগৰাকীৰ ৰক্তচাপ বৃদ্ধি হৈ থকাত নগাঁৱত অস্ত্ৰোপচাৰ অসম্ভৱ বুলি ব্যক্ত কৰে চিকিৎসকগৰাকীয়ে ৷ চিকিৎসকৰ এই কথাতে খড়্গহস্ত হৈ পৰে প্ৰসূতিগৰাকীৰ পৰিয়াল আৰু চিকিৎসকগৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰে ৷ ইপিনে এই সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰা বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে ডাঃ চেমিমে ।

উত্তপ্ত পৰিস্থিতি

ইপিনে প্ৰসূতিগৰাকীক চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত গাফিলতি কৰাৰ অভিযোগ উত্থাপন কৰে প্ৰসূতিগৰাকীৰ আত্মীয়ই । তদুপৰি মঙলবাৰে পুৱা প্ৰসূতিগৰাকীক ভৰ্তি কৰোৱা হয় নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ৷

লগতে চাওকঃ SI কেলেংকাৰীঃ দ্বিবন ডেকাক CIDৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.