ETV Bharat / state

অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীৰ একাউন্টৰ পৰা দুৰ্বৃত্তই লুটিলে ধন - নগাঁৱত মহিলাৰ এ টি এমৰ পৰা লুটিলে ধন

নগাঁৱৰ এটা মন্দিৰত হুকহুকাই কান্দিলে এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীয়ে । মহিলাগৰাকীৰ একাউন্টৰ পৰা দুৰ্বৃত্তই লুটিলে ধন । এ টি এমৰ পৰা ধন উলিওৱাৰ সময়তে এগৰাকী বোৰ্খা পৰিহিত মহিলাই সলাই নিলে মহিলাগৰাকীৰ এ টি এম ।

নগাঁৱত মহিলাৰ এ টি এমৰ পৰা দুৰ্বৃত্তই লুটিলে ধন
author img

By

Published : Nov 7, 2019, 8:42 PM IST

নগাঁও, 7 নবেম্বৰ: এ টি এমৰ পৰা ধন উলিয়াওঁতে সাৱধান হঁওক আপুনি । ওচৰত কোনো অজ্ঞাত ব্যক্তি থাকিলে সাৱধানে ৰাখক আপোনাৰ এ টি এম । গোপন ৰাখক আপোনাৰ পাছৱাৰ্ড । কাৰণ এ টি এমত খাপ পিটি থাকে দুৰ্বৃত্তই । লুটি নিব পাৰে আপোনাৰ সমস্ত সাঁচতীয়া ধন । এন এক ঘটনাই সংঘটিত হৈছে নগাঁৱত । নগাওঁ চহৰৰ শিৱ মন্দিৰত উপস্থিত হৈ হুকহুকাই কান্দিছে এগৰাকী মহিলাই । মহিলাগৰাকী নগাঁৱৰ বুঢ়াগোহাঁই আদৰ্শ গাঁৱৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী, নাম কনকলতা হাজৰিকা । ২০১৬ চনতে অৱসৰ গ্ৰহণ কৰা কনকলতা হাজৰিকাই নিজৰ পেঞ্চনৰ ধনেৰে চলাই আছিল পৰিয়াল । কিছুদিন পূৰ্বে মহিলাগৰাকী আক্ৰান্ত হৈছিল বৃক্কৰ এক জটিল ৰোগতো । মাটি বিক্ৰী কৰা ধনেৰে চিকিৎসা গ্ৰহণ কৰি আছিল মহিলাগৰাকীয়ে । মাটি বিক্ৰীৰ কিছু ধন জমা কৰি ৰাখিছিল ভাৰতীয় ষ্টেট বেংকত থকা নিজৰ একাউন্টত ৷

নগাঁৱত মহিলাৰ এ টি এমৰ পৰা দুৰ্বৃত্তই লুটিলে ধন
৩০ অক্টোবৰৰ দিনা মহিলাগৰাকীয়ে কঠীয়াতলীস্থিত এছ বি আইৰ এটি এমৰ পৰা ধন উলিয়াইবলৈ গৈ এতিয়া সৰ্বস্বান্ত হল মহিলাগৰাকী । ধন উলিওৱাৰ সময়ত এ টি এমৰ ভিতৰত আছিল এগৰাকী বোৰ্খা পৰিহিত মহিলা । সেই সময়তে সলনি হৈছিল অসুস্থ বৃদ্ধ মহিলাগৰাকীৰ এ টি এম । মহিলাগৰাকীৰ এ টি এমৰ বিপৰীতে মহিলাগৰাকীৰ এ টি এমৰ বেগত ভৰাই দিয়া হৈছিল তাফজ্জুল ইছলাম নামৰ এজন লোকৰ এ টি এম কাৰ্ড । একেদিনাই মহিলাগৰাকীৰ একাউন্টৰ পৰা এ টি এম যোগে ধন উলিওৱাৰ লগতে আন এটা একাউণ্টলৈ ট্ৰেন্সফাৰ হৈছিল মুঠ এক লাখ ১২ হাজাৰ টকা । পৰৱৰ্তী সময়ত ধন উলিয়াবলৈ যোৱাৰ সময়ত পোহৰলৈ আহিছে এই ঘটনা । একাউন্টৰ পৰা সমূদায় ধন উলিয়াই নিয়াৰ পিছত মহিলাগৰাকীয়ে বেংক কৰ্তৃপক্ষক অৱগত কৰাৰ উপৰিও নগাওঁ সদৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ । এতিয়া ভাত এমুঠিৰ চিন্তাত মন্দিৰত উপস্থিত হৈ হুকহুকাই কান্দিছে মহিলাগৰাকীয়ে । এতিয়া প্ৰশ্ন এ টি এমত থকা চি চি টি ভিৰ ফুটেজ অথবা একাউণ্টলৈ ধন ট্ৰেন্সফাৰ কৰাৰ পিছতো জালত পৰিব নে এনে অপৰাধী ।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Intro:নগাঁৱৰ এটা মন্দিৰত হুকহুকাই কান্দিলে এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীয়ে। মহিলাগৰাকীৰ একাউন্টৰ পৰা দুৰ্বৃত্তই লুটিলে ধন। এ টি এমৰ পৰা ধন উলিওৱাৰ সময়তে এগৰাকী বোৰ্খা পৰিহিত মহিলাই সলাই নিলে মহিলাগৰাকীৰ এ টি এম।

Body:এ টি এমৰ পৰা ধন উলিয়াওঁতে সাৱধান হওক আপুনি। ওচৰত কোনো অজ্ঞাত ব্যক্তি থাকিলে সাৱধানে ৰাখক আপোনাৰ এটি এম। সাৱধানে ৰাখক আপোনাৰ পাছৱাৰ্ড। কাৰণ এটি এম ত খাপ পিটি থাকে দুৰ্বৃত্ত। লুটি নিব পাৰে আপোনাৰ সমস্ত সাচুটীয়া ধন। এন এক ঘটনাই সংঘটিত হৈছে নগাঁৱত।
প্ৰথমে চাওক এই এই দৃশ্য। নগাওঁ চহৰৰ শিৱ মন্দিৰত উপস্থিত হৈ হুকহুকাই কান্দিছে এগৰাকী মহিলাই । মহিলাগৰাকী নগাঁৱৰ বুঢ়াগোহাঁই আদৰ্শ গাঁৱৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী। নাম কনকলতা হাজৰিকা। ২০১৬ চনতে অৱসৰ গ্ৰহণ কৰা কনকলতা হাজৰিকাই নিজৰ পেঞ্চনৰ ধনেৰে চলাই আছিল পৰিয়াল। কিছুদিন পূৰ্বে মহিলাগৰাকী আক্ৰান্ত হৈছিল বৃক্কৰ এক জটিল ৰোগতো। মাটি বিক্ৰী কৰা ধনেৰে চিকিৎসা গ্ৰহণ কৰা মহিলাগৰাকীয়ে। মাটি বিক্ৰীৰ কিছু ধন জমা কৰি ৰাখিছিল ভাৰতীয় ষ্টেট বেংকত থকা নিজৰ একাউন্টত। কিন্তু ৩০ অক্টোবৰৰ দিনা মহিলাগৰাকীয়ে কঠীয়াতলীস্থিত এছ বি আইৰ এটি এম ৰ পৰা ধন উলিয়াইবলৈ গৈ এতিয়া সৰ্বস্বান্ত হল মহিলাগৰাকী। ধন উলিওৱাৰ সময়ত এটি এমৰ ভিতৰত আছিল এগৰাকী বোৰ্খা পৰিহিত মহিলা। সেই সময়তে সলনি হৈছিল অসুস্থ বৃদ্ধ মহিলাগৰাকীৰ এটি এম। মহিলাগৰাকীৰ এটি এমৰ বিপৰীতে মহিলাগৰাকীৰ এটি এমৰ বেগত ভৰাই দিয়া হৈছিল তাফজ্জুল ইছলাম নামৰ এজন লোকৰ এটি এম। একেদিনাই মহিলাগৰাকীৰ একাউন্টৰ পৰা এটি এম যোগে ধন উলিওৱাৰ লগতে আন এটা একাউণ্টলৈ ট্ৰেন্সফাৰ হৈছিল মুঠ এক লাখ ১২ হাজাৰ টকা। পৰৱৰ্তী সময়ত ধন উলিয়াবলৈ যোৱাৰ সময়ত পোহৰলৈ আহিছে এই ঘটনা। একাউন্টৰ পৰা সমূদায় ধন উলিয়াই নিয়াৰ পিছত মহিলাগৰাকীয়ে বেংক কৰ্তৃপক্ষক অৱগত কৰাৰ উপৰিও নগাওঁ সদৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। এতিয়া ভাত এমুঠিৰ চিন্তাত মন্দিৰত উপস্থিত হৈ হুকহুকাই কান্দিছে মহিলাগৰাকীয়ে।
bite

Conclusion:এতিয়া প্ৰশ্ন এটি এমত থকা চি চি টি ভিৰ ফুটেজ অথবা একাউণ্টলৈ ধন ট্ৰেন্সফাৰ কৰাৰ পিছতো জালত পৰিব নে এনে অপৰাধী।
------------------------------------------------------------/--/----
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম।
৭-১১-১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.