ETV Bharat / state

তামিলনাডুত আবদ্ধ অসমৰ যুৱকৰ মাজত হাহাকাৰ পৰিস্থিতি - আৰ্থিক সাহাৰ্য

বহিঃৰাজ্যত আবদ্ধ অসমৰ যুৱকৰ মাজত হাহাকাৰ পৰিস্থিতি ৷ তীব্ৰ খাদ্য সংকটৰ সন্মুখীন হৈ ইটিভি ভাৰতলৈ ভিডিঅ' প্ৰেৰণ তামিলনাডুত আৱদ্ধ অসমৰ যুৱকৰ ৷

Assamese youth facing problems in Tamilnadu
তামিলনাডুত আবদ্ধ অসমৰ যুৱকৰ মাজত হাহাকাৰ পৰিস্থিতি
author img

By

Published : May 15, 2020, 10:31 AM IST

নগাঁও,15 মে' : লকডাউনৰ বাবে তামিলনাডুত আৱদ্ধ হৈ পৰিছে ৰাজ্যৰ বহু যুৱক ৷ বহিঃৰাজ্যত আৱদ্ধ অসমৰ যুৱকসকলৰ মাজত এতিয়া সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ নগাঁও জিলাৰ ৰহা, কামপুৰ আদি অঞ্চলৰ যুৱককেইজন সম্প্ৰতি আৱদ্ধ হৈ আছে তামিলনাডুৰ কৃষ্ণাগিৰী জিলাত ৷ জানিব পৰা মতে, যুৱককেইজন তামিলনাডুত এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল ৷ কিন্তু বিগত দুমাহে কোম্পানীটোৰ পৰা লাভ কৰা নাই দৰমহা ৷ যাৰ ফলত এতিয়া পানীত হাঁহ নচৰা এক অৱস্থাৰ সৃষ্টি হৈছে অসমৰ যুৱককেইজনৰ ৷ তীব্ৰ খাদ্য সংকটৰ সন্মুখীন হৈ ইটিভি ভাৰতলৈ এক ভিডিঅ' প্ৰেৰণ কৰি বৰ্ণনা কৰিলে তেওঁলোকে সন্মুখীন হোৱা সমস্যাৰ বিষয়ে । ইপিনে অসম চৰকাৰে বহিঃৰাজ্যত থকা লোকৰ বাবে কিছু আৰ্থিক সাহাৰ্য আগবঢ়াইছে যদিও তামিলনাডুত আৱদ্ধ যুৱককেইজনে আবেদন কৰিও এইপৰ্যন্ত লাভ কৰিবলৈ সক্ষম হোৱা নাই কোনো ধৰণৰ সাহাৰ্য ৷ যাৰ পৰিপ্ৰেক্ষিতত যুৱককেইজনে তামিলনাডুৰ পৰা অসমলৈ উভতাই অনাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে অসম চৰকাৰক ৷

তামিলনাডুত আবদ্ধ অসমৰ যুৱকৰ মাজত হাহাকাৰ পৰিস্থিতি

লগতে পঢ়কঃমাস্ক বিক্ৰী কৰিয়েই আত্মসহায়ক গোটৰ হাতলৈ আহিল ৭.১৫ কোটি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.