ETV Bharat / state

Youth Missing in Chennai: চেন্নাইত সন্ধানহীন কৰ্ম সংস্থাপনৰ বাবে যোৱা অসমৰ যুৱক

author img

By

Published : Feb 22, 2022, 9:06 PM IST

18 দিনে সন্ধান নাই শিলঘাটৰ এজন যুৱকৰ ৷ কৰ্ম সংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ যোৱা যুৱকজন ৰেল ষ্টেচনৰ পৰাই হঠাৎ নিৰুদ্দেশ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে (Nagaon youth missing in Chennai)৷

Nagaon youth missing in Chennai
চেন্নাইত সন্ধানহীন কৰ্ম সংস্থাপনৰ বাবে যোৱা অসমৰ যুৱক

কলিয়াবৰ, 22 ফেব্ৰুৱাৰী: বিগত 18 দিনে বহিঃৰাজ্যত সন্ধানহীন হৈ আছে অসমৰ এজন যুৱক ৷ তামিলনাডুৰ তাম্বাৰাম ষ্টেচনৰ পৰা সন্ধানহীন হয় যুৱকজন (Nagaon youth missing in Chennai) ৷ 7 ফেব্ৰুৱাৰীৰ পৰাই বহিঃৰাজ্যত সন্ধানহীন হৈ আছে নগাঁৱৰ শিলঘাটৰ গনেশ ভুমিজ নামৰ যুৱকজন৷ কৰ্ম সংস্থাপনৰ আশাৰে 4 ফেব্ৰুৱাৰীত শিলঘাট-তাম্বাৰাম এক্সপ্ৰেছ ৰেলেৰে আন কেইজনমান যুৱকৰ সৈতে চেন্নাইলৈ বুলি যাত্ৰা যুৱকজনে ৷

কিন্তু ৭ ফেব্ৰুৱাৰীত তামিলনাডুৰ তাম্বাৰাম ষ্টেচনত ৰেলৰ পৰা নমাৰ পিছৰে পৰা কোনো শুংসূত্ৰ লাভ কৰা নাই যুৱকজনৰ ৷ স্বামীৰ নিৰুদ্দেশ সন্দৰ্ভত ইতিমধ্যে পত্নীয়ে শিলঘাট আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে । বিগত ১৮ দিনে গনেশ ভুমিজৰ কোনো সন্ধান লাভ নকৰাত দিকবিদিক হেৰুৱাইছে দুই পুত্ৰসহ পত্নীয়ে ৷

লগতে পঢ়ক: Fire breaks out in goalpara : নিমিষতে ছাঁই হ’ল ছামাদ আৰু আনোৱাৰৰ সপোনৰ ঘৰখন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.