ETV Bharat / state

Assam tutor protest : চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে ক্ষোভ টিউটৰ শিক্ষকৰ

author img

By

Published : Mar 22, 2023, 10:56 PM IST

বিধানসভাত শিক্ষামন্ত্ৰীৰ বক্তব্যৰ বিৰুদ্ধে সদৌ অসম প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক (টিউটৰ) সংস্থাৰ প্ৰতিক্ৰিয়া ৷ চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে ক্ষোভ 'টিউটৰ' শিক্ষকৰ (Assam tutor associations press meet at Kaliabor press club) ৷

Assam tutor associations press meet
কলিয়াবৰ প্ৰেছ ক্লাবত টিউটৰ শিক্ষকৰ সংবাদ মেল

কলিয়াবৰ, 22 মাৰ্চ : বিধান সভাত অসমৰ শিক্ষামন্ত্ৰীৰ দ্বাৰা প্ৰদান কৰা বক্তব্যৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰে সদৌ অসম প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক (টিউটৰ) সন্থাই ৷ অসমৰ প্ৰাদেশিকীকৃত উচ্চ প্ৰাথমিকৰ ৬৪৮৬ জন আৰু নিম্ন প্ৰাথমিকৰ ৩৩০৯ জন মুঠ ৯৭৯৫ জন টিউটৰ শিক্ষক-শিক্ষয়িত্ৰী শিক্ষা মন্ত্ৰীৰ বক্তব্যৰ দ্বাৰা হতাশ হোৱা বুলি মন্তব্য আগবঢ়ায় সদৌ অসম প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক (টিউটৰ) সংস্থাই ।

২০২১ বৰ্ষৰ পাঁচ ফেব্ৰুৱাৰীৰ দিনা নিযুক্তি প্ৰদান কৰা অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষক পদ প্ৰাদেশীকৃত কৰি শিক্ষক শব্দৰ পৰিৱৰ্তে টিউটৰ বিশেষণৰে নিযুক্তি দিয়া হৈছিল শিক্ষকসকলক ৷ এতিয়া পদে-পদে তেওঁলোক বঞ্চনাৰ সন্মুখীন হোৱা আহিছে বুলি ক্ষোভ ব্যক্ত সদৌ অসম প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক (টিউটৰ) সন্থাৰ (Assam tutor reactions on Education minister comment)।

দুটা বছৰ চৰকাৰৰ চৰম অমনযোগিতা আৰু বঞ্চনা সহ‍্য কৰি অহাৰ পিচত চলিত অসম বিধান সভাৰ বাজেট অধিৱেশনত ৰাজ‍্যৰ শিক্ষা মন্ত্ৰীগৰাকীৰ বক্তব‍্যত ক্ষুব্ধ হৈ পৰিছে টিউটৰ শিক্ষকসকল । বিধানসভাত শিক্ষা মন্ত্ৰী গৰাকীয়ে যিধৰণৰ নাভূত-নাশ্ৰুত বক্তব‍্যৰে পুনৰ আভুৱা ভৰা যুক্তিৰে বিষয়টো এৰাই চলিব খুজিছে সেই বিষয়ত অসন্তুষ্ট প্ৰাপ্য বঞ্চিত শিক্ষক সমাজ । আজি কলিয়াবৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত সন্থাৰ মুখ্য সম্পাদক ভুৱন শৰ্মাই ৰাজ্য চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এনেদৰে কয় (Assam tutor associations press meet at Kaliabor press club) ।

তেওঁ লগতে শিক্ষামন্ত্ৰী আৰু চৰকাৰৰ এই অবিবেচক সিদ্ধান্তক গৰিহণা প্ৰদান কৰে । উল্লেখযোগ্য যে, অসম চৰকাৰে যোৱা ৫ ফেব্ৰুৱাৰী ২০২১ তাৰিখে অসমৰ প্ৰায় ১৬ হাজাৰ ভেঞ্চাৰ শিক্ষকক 'টিউটৰ' হিচাপে প্ৰাদেশিকীকৃত কৰিছিল । প্ৰাদেশিকীকৰণ পত্ৰ প্ৰদান কৰাৰ সময়ত তদানীন্তন শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যিবোৰ ঘোষণা কৰিছিল সেইবোৰ সময়ত ফুটুকাৰ ফেনত পৰিণত হৈছে বুলি সন্থাই কয় । হাজাৰ-হাজাৰ শিক্ষকক প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত কৰা হ’ল বুলিও উল্লেখ কৰে সদৌ অসম প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক (টিউটৰ) সন্থাই (Assam Tutors angry against government deprivation)।

শিক্ষকসকলক 'ডি. এল. এড.' আৰু 'টেট'ৰ দৰে অৰ্হতাৰ প্ৰয়োজনীয়তা ৰাজ্য চৰকাৰে আৰোপ কৰিছে । ২০ পৰা ২৫ বছৰ পূৰ্বে অসমৰ ৰাইজৰ দ্বাৰা নিযুক্ত হৈ শিক্ষাদানত ব্ৰতী যোগ্যতাসম্পন্ন শিক্ষক-শিক্ষয়িত্ৰীক ২০০৯ চনৰ শিশুৰ শিক্ষাৰ অধিকাৰ আইনৰ চৰ্ত বিধি প্ৰযোজ্য কৰাটো কোনোপধ্যে গ্ৰহণযোগ্য নহয় বুলি স্পষ্ট কৰি দিয়ে সদৌ অসম প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক (টিউটৰ) সন্থাই ।

লগতে পঢ়ক : Congress slams BJP : ৰাজ্যৰ প্ৰতিটো ক’লা বেপাৰৰ সৈতে বিজেপি জড়িত; কংগ্ৰেছৰ দাবী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.