ETV Bharat / state

Lok Sabha Election 2024: নগাঁৱত সভা অনুষ্ঠিত কৰি অসমৰ মুখ্যমন্ত্ৰীক কঠোৰ সমালোচনা তৃণমূল কংগ্ৰেছ অসমৰ - Assam TMc president Ripun Bora

লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যত ব্যাপক তৎপৰতা তৃণমূল কংগ্ৰেছৰ (TMC preparation for Lok Sabha polls 2024) । নগাঁৱত তৃণমূল কংগ্ৰেছৰ মাণ্ডলিক প্ৰশিক্ষণ । প্ৰশিক্ষণত অংশগ্ৰহণ তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱ, ৰাজ্যিক সভাপতি ৰিপুণ বৰাৰ । বিজেপিক সমালোচনা সুস্মিতা, ৰিপুণ বৰাৰ । তৃণমূল কংগ্ৰেছে ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা হেৰুওৱা বিষয়টোৱে কোনো প্ৰভাৱ নেপেলায় আগন্তুক লোকসভা নিৰ্বাচনত ।

TMC meeting at Nagaon
TMC meeting at Nagaon
author img

By

Published : Apr 27, 2023, 10:39 PM IST

লোকসভা নিৰ্বাচনৰ বাবে অসমত তৃণমূল কংগ্ৰেছৰ তৎপৰতা

নগাঁও, ২৭ এপ্ৰিল : "অমিত শ্বাহে অসমত আহি কৈছিল বিজেপিৰ চৰকাৰ আহিলে হিমন্ত বিশ্ব শৰ্মাৰ ফাইল খোলা হ'ব আৰু হিমন্ত বিশ্বক জে'ললৈ প্ৰেৰণ কৰা হ'ব (Home Minister Amit Shah) । কিন্তু বৰ্তমান সেই হিমন্ত বিশ্ব শৰ্মাক বিজেপিয়ে অসমৰ মুখ্যমন্ত্ৰী বনালে । হিমন্তৰ দুৰ্নীতি বিজেপিৰ ৱাশ্বিং মেচিনত শেষ হৈ গ'ল । বিজেপিত যোগদান কৰিলে সকলো দোষ চাফা হৈ পৰে । হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ ৱাশ্বিং মেচিনত সোমাই চাফা হৈ আছে (CM Himanta Biswa Sarma) ।" বৃহস্পতিবাৰে নগাঁৱত অনুষ্ঠিত তৃণমূল কংগ্ৰেছৰ মাণ্ডলিক প্ৰশিক্ষণত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ অসম প্ৰদেশৰ সভাপতি ৰিপুণ বৰাই (Assam TMC training programme at Nagaon) ।

নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে অনুষ্ঠিত তৃণমূল কংগ্ৰেছৰ মাণ্ডলিক প্ৰশিক্ষণত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ সন্মুখত বিজপি দল আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ কৰাৰ লক্ষ্য কৰি লয় তৃণমূল কংগ্ৰেছৰ নেতা ৰিপুণ বৰাই (Assam TMc president Ripun Bora) । বিজেপি চৰকাৰক ৱাশ্বিং মেচিনৰ সৈতে তুলনা কৰি কটাক্ষ কৰাৰ লগতে আগন্তুক দেশৰ সাধাৰণ নিৰ্বাচনত বিৰোধীৰ ঐক্য চৰকাৰ আহিলে বিজেপিৰ ৱাশ্বিং মেচিনে কাম নিদিব বুলি মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ নেতা ৰিপুণ বৰাই ।

আগন্তুক লোকসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছ বিৰোধী ঐক্যৰ সৈতে থকাৰেই ইংগিত প্ৰদান কৰি তৃণমূল কংগ্ৰেছে ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা হেৰুওৱাৰ বাবে লোকসভা নিৰ্বাচনত কোন প্ৰভাৱ নপৰে বুলিও মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ অসম প্ৰদেশৰ সভাপতি ৰিপুণ বৰাই । বৃহস্পতিবাৰে নগাঁৱত অনুষ্ঠিত তৃণমূল কংগ্ৰেছৰ মাণ্ডলিক প্ৰশিক্ষণত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰক সমালোচনা কৰে তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱেও । দলটোৰ গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱৰ মন্তব্য, তৃণমূল কংগ্ৰেছে ৰাষ্ট্ৰীয় মৰ্যাদা হেৰুৱালেও লোকসভাত এতিয়াও শক্তিশালী হৈ আছে ।

২০২৪ চনত মমতা দিদিৰ শক্তি আৰু বৃদ্ধি হ'ব (MP Susmita Dev) । চিপিআই, চিপিএম ৰাষ্ট্ৰীয় দল যদিও দলত লোকসভাৰ সাংসদকেইজন আছে বুলিও প্ৰশ্ন সাংসদ সুস্মিতা দেৱৰ । নগাঁৱৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে অনুষ্ঠিত অসম তৃণমূল কংগ্ৰেছৰ মাণ্ডলিক প্ৰশিক্ষণ শিবিৰত তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা, সাংসদ সুস্মিতা দেৱৰ লগতে দলটোৰ নেতা ময়ূৰ মজুমদাৰ, ইক্রমূল হুদাকে আদি কৰি বহুকেইজন নেতা, দলীয় কৰ্মী উপস্থিত থাকে ।

লগতে পঢ়ক :Lok Sabha Polls 2024: লক্ষ্য লোকসভা নিৰ্বাচন; গুৱাহাটীত শুকুৰবাৰে অগপৰ বিশাল কৰ্মকৰ্তা সন্মিলন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.