ETV Bharat / state

Ripun Bora in Nagaon: বিজেপি চৰকাৰৰ শাসনকালতে মহিলাৰ ওপৰত হৈছে সৰ্বাধিক অত্যাচাৰ: ৰিপুন বৰা

author img

By

Published : Jun 12, 2023, 10:52 PM IST

বিজেপি চৰকাৰৰ শাসনকালতে মহিলাৰ ওপৰত হৈছে সৰ্বাধিক অত্যাচাৰ; এই মন্তব্য অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ ৷ বিজেপি নেত্ৰী জোনালী নাথৰ হত্যাকাণ্ডক লৈ নগাঁৱত ৰিপুন বৰাৰ প্ৰতিক্ৰিয়া ৷

Assam TMC Chief Ripun Bora
নগাঁৱত ৰিপুন বৰা
বিজেপি নেত্ৰী জোনালী নাথৰ হত্যাকাণ্ডক লৈ নগাঁৱত ৰিপুন বৰাৰ প্ৰতিক্ৰিয়া

নগাঁও, 12 জুন: বিজেপি নেত্ৰী জোনালী নাথৰ হত্যাকাণ্ডক লৈ নগাঁৱত ৰিপুন বৰাৰ প্ৰতিক্ৰিয়া ৷ বিজেপি চৰকাৰৰ শাসনকালতে মহিলাৰ ওপৰত হৈছে সৰ্বাধিক অত্যাচাৰ; এই মন্তব্য অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ ৷ এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰসংগতো মন্তব্য কৰে ৰিপুন বৰাৰই ৷ আনহাতে এ আই ইউ ডি এফক বিজেপিক পূজা কৰা দল আখ্যা ৰিপুন বৰাৰ ৷

বিজেপিৰ শাসনকালতে অসমত আটাইতকৈ বেছি অত্যাচাৰ হৈছে মহিলাৰ ওপৰত; নগাঁৱত এই মন্তব্য তৃণমূল কংগ্ৰেছ অসম প্ৰদেশৰ সভাপতি ৰিপুন বৰাৰ ৷ গোৱালপাৰা জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী নেত্ৰী জোনালী নাথৰ হত্যাকাণ্ড সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তৃণমূল কংগ্ৰেছৰ অসম ৰাজ্যিক সভাপতি ৰিপুন বৰাই ৷ তেওঁ কয় যে, বিজেপি চৰকাৰে এফালে বেটি বচাও, বেটি পঢ়াও বুলি মন্তব্য কৰে ৷ আনফালে এইখন চৰকাৰৰ দিনতে দিনতে অসম তথা সমগ্ৰ ভাৰতবৰ্ষতে মহিলাৰ ওপৰত অত্যাচাৰ অধিক হৈছে ৷

মহিলা সকল নিৰ্যাতনৰ বলি হৈছে বুলি মন্তব্য কৰে নেতাজনে ৷ লগতে তেওঁ কয় যে, জোনমণি ৰাভাৰ ঘটনা বৰ্তমানেও মাৰ যোৱা নাই ৷ শেহতীয়াকৈ বিজেপি নেত্ৰী জোনালী নাথক দুৰ্বৃত্তই হত্যা কৰিছে ৷ তেওঁক ধৰ্ষণ কৰা বুলিও চর্চা হৈছে ৷ বিজেপি চৰকাৰৰ দিনত বিজেপি নেত্ৰীৰে যদি নিৰাপত্তা নাই, তেন্তে অন্য মহিলাৰ নিৰাপত্তাৰ প্ৰসংগত তেওঁলোকে মন্তব্য কৰি কি লাভ বুলিও কয় ৰিপুন বৰাই ৷

ৰিপুন বৰাই বিজেপি চৰকাৰৰ আমোলত আইন-শৃংখলাৰ অৱনতি ঘটিছে বুলি মন্তব্য কৰি কয় যে, এইখন চৰকাৰৰ কাৰ্যকালত ৰক্ষকেই ভক্ষক হৈছে ৷ জোনমনি ৰাভাৰ মৃত্যুৰ প্ৰসংগত আৰক্ষীৰ ওপৰত বিভিন্ন অভিযোগ আহিছে ৷ স্বয়ং সেই সময়ৰ নগাঁৱৰ আৰক্ষী অধীক্ষক জড়িত বুলি অভিযোগ আহিছে ৷ আভাজ্যোতি ৰাভা বুলি এগৰাকী আৰক্ষী বিষয়াৰ ওপৰত অভিযোগ আহিছে ৷ লক্ষীমপুৰৰ প্ৰাক্তন আৰক্ষী অধীক্ষকৰ ওপৰতো অভিযোগ আহিছে ৷ তদুপৰি আৰক্ষী নকল সোণৰ ব্যৱসায়ৰ লগত জড়িত বুলিও চৰ্চিত হৈছে ৷ আৰক্ষীৰ নগ্ন স্বৰূপ এই ঘটনাবোৰে প্ৰকাশ কৰিছে বুলি মন্তব্য কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷

গতিকে সেই আৰক্ষীয়ে সাধাৰণ জনতাক কেনেকৈ নিৰাপত্তা দিব বুলিও বৰাই প্ৰশ্ন কৰে ৷ ইফালে বিজেপিৰ বিৰুদ্ধে অসমত বিৰোধী ঐক্যবদ্ধ হোৱাৰ প্ৰসংগতো মন্তব্য কৰে ৰিপুন বৰাই ৷ এ আই ইউ ডি এফ দলক বিজেপিক পূজা কৰা দল আখ্যা দি বিজেপি বিৰোধী ঐক্যত এ আই ইউ ডি এফৰ অংশগ্ৰহণ বিৰোধিতা কৰে ৰিপুন বৰাই ৷

লগতে পঢ়ক: Ripun Bora controversy: দিনত এটা আৰু ৰাতি এটা আন এটা কথা কয় ৰিপুন বৰাই; দিলীপ শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.