নগাঁও, 12 ফেব্ৰুৱাৰী: অসম বচাওঁ আহক শীৰ্ষক ব্ৰেণ্ডিং থকা এখন বাছৰে গৈ শুকুৰবাৰে নগাঁৱত 21ৰ নিৰ্বাচনী ৰণডংকা বজালে অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং, ৰিপুণ বৰা সহ কংগ্ৰেছৰ এটা সজাতি দলে ৷ আগন্তুক নিৰ্বাচনত জনতাৰ আস্থা লাভৰ উদ্দেশ্যে কংগ্ৰেছে আৰম্ভ কৰিছে অসম বচাওঁ আহক কাৰ্যসূচী ৷ উল্লেখ্য যে, কংগ্ৰেছৰ প্ৰতীক সম্বলিত এখন বাছেৰে ৰাজ্যৰ প্ৰতিটো সমষ্টিতে নিৰ্বাচনীক তৎপৰতা আৰম্ভ কৰিছে কংগ্ৰেছে ৷
এই উপলক্ষে অসম বচাওঁ আহক বাছৰে গৈ নগাঁও জিলাৰ ধিঙত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে অসম কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং, সাংসদ গৌৰৱ গগৈ, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, সাংসদ প্ৰদ্যুৎ বৰদলৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আদিয়ে ৷ সভাস্থলীত সাংবাদিকক সম্বোধন কৰি অসম কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে কয়, এইবাৰৰ নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ অসম বচাওঁক কাৰ্যসূচীৰে সংকল্পবদ্ধ হৈছে কংগ্ৰেছ ৷
ইয়াৰ সমান্তৰালভাৱে কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই শাসকীয় বিজেপিক কটাক্ষ কৰি বিজেপিয়ে অসমখনক বিক্ৰী কৰি দিয়া বুলি মন্তব্য প্ৰকাশ কৰে ৷ গতিকে বিজেপিৰ পৰা অসমক বচোৱাৰ উদ্দেশ্যে অসম প্ৰদেশ কংগ্ৰেছে অসম বচাওঁ আহক কাৰ্য্যসূচী গ্ৰহণ কৰিছে ৷ ৰিপুন বৰাই কয় ৷
ইফালে অখিল গগৈৰ সন্দৰ্ভতো মত প্ৰকাশ কৰে কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ পোনছাতেই অখিল গগৈৰ মুক্তিৰ দাবী উত্থাপন কৰি ৰিপুন বৰাই বিজেপিয়ে অখিল গগৈক বন্দী কৰি মানৱ অধিকাৰ উলংঘা কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে ।
লগতে পঢ়ক: কি কি আছে চাৰি মাহৰ অন্তৱৰ্তীকালীন বাজেটত