ETV Bharat / state

জম্মু-কাশ্মীৰৰ অৰ্ধ সামৰিক বাহিনীত কৰ্মৰত অসমীয়া বিষয়াৰ আত্মহত্যা

author img

By

Published : Sep 4, 2020, 12:18 PM IST

জম্মু-কাশ্মীৰৰ দ'ডা জিলাৰ কুট্‌লি,ভদেৰৱাত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সহকাৰী উপ-পৰিদৰ্শক হিচাপে কৰ্মৰত হৈ থকা অমৃত বৰদলৈ নামৰ বিষয়াগৰাকীৰ আত্মহত্যা ৷ নিজৰ চাৰ্ভিছ ৰাইফলেৰে গুলিয়াই আত্মহত্যা কৰে বিষয়াগৰাকীয়ে ৷

Assam Paramilitary force officer suicide at J&k
জম্মু-কাশ্মীৰৰ অৰ্ধ সামৰিক বাহিনীত কৰ্মৰত অসমীয়া বিষয়াৰ আত্মহত্যা

কলিয়াবৰ, 4 ছেপ্তেম্বৰঃ জম্মু-কাশ্মীৰৰ অৰ্ধ সামৰিক বাহিনীত কৰ্মৰত অসমীয়া বিষয়াৰ আত্মহত্যা ৷ জম্মু-কাশ্মীৰৰ দ'ডা জিলাৰ কুট্‌লি, ভদেৰৱাত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সহকাৰী উপ পৰিদৰ্শক হিচাপে কৰ্মৰত হৈ আছিল কলিয়াবৰৰ অমৃত বৰদলৈ ৷ বিগত 2 ছেপ্তেম্বৰত কুট্‌লিত থকা আৰক্ষী কাৰ্যালয় চৌহদত থকা চাউনীত নিজৰ চাৰ্ভিছ ৰাইফলৰে গুলিয়াই আত্মহত্যা কৰে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সহকাৰী উপ পৰিদৰ্শকগৰাকীয়ে ৷ আনহাতে, পৰিয়ালৰ অভিযোগ এইয়া আত্মহত্যা নহয় হত্যাকাণ্ড ৷ পৰিয়ালৰ লোকে জনোৱা অনুসৰি, 2 ছেপ্তেম্বৰৰ পুৱা 6 মান বজাত পৰিয়ালৰ লোকৰ সৈতে ফোনযোগে যোগাযোগ কৰিছিল অমৃত বৰদলৈয়ে ৷ এইক্ষেত্ৰত পৰিয়ালৰ লোকে তেখেতৰ মৃত্যুৰ উচিত তদন্তৰ দাবী উত্থাপন কৰিছে ৷

বৃহস্পতিবাৰে কলিয়াবাৰৰ নিজ বাসগৃহলৈ অনা হয় অমৃত বৰদলৈৰ নশ্বৰ দেহ ৷ সম্পূৰ্ণ সামৰিক মৰ্যদাৰে সম্পূৰ্ণ কৰা হয় অমৃত বৰদলৈৰ শেষকৃত্য ৷ তেখেতৰ মৃত্যুৱে অঞ্চলজুৰি এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক-শাৰদীয় দূৰ্গোৎসৱ উদযাপনত বাধা আলফা স্বাধীনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.