ETV Bharat / state

মৃত ব্ৰইলাৰৰ দুৰ্গন্ধত অতিষ্ঠ কামপুৰবাসী - নগাঁৱৰ কামপুৰত মৃত ব্ৰইলাৰৰ দূৰ্গন্ধ‌

নগাঁৱৰ কামপুৰৰ বৰক'লা সংযোগী পথৰ কাষত পেলাই থোৱা মৃত ব্ৰইলাৰৰ দুৰ্গন্ধ‌ই অতিষ্ঠ কৰিছে সাধাৰণ জনতাক ৷ কোনো দূস্কৃতিকাৰীয়ে মৃত ব্ৰইলাৰসমূহ পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

মৃত ব্ৰইলাৰৰ দুৰ্গন্ধত অতিষ্ঠ কামপুৰবাসী

author img

By

Published : Mar 19, 2020, 12:45 PM IST

বঢ়মপুৰ, 19 মাৰ্চঃ সমগ্ৰ বিশ্বতে কৰ'ণা ভাইৰাছৰ আতংকৰ সময়তে নগাঁৱৰ কামপুৰত মৃত ব্ৰইলাৰৰ দুৰ্গন্ধ‌ই অতিষ্ঠ কৰিছে সাধাৰণ জনতাক ৷ কামপুৰৰ বৰক'লা সংযোগী পথৰ কাষত কোনো দূস্কৃতিকাৰীয়ে মৃত ব্ৰইলাৰসমূহ পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ ৷ মৃত বইলাৰৰ দুৰ্গন্ধৰ বাবে পথটোৰে পাৰ হ'ব পৰা নাই ৰাইজ ৷ কৰ'ণা ভাইৰাছৰ আতংকৰ বাবে স্বাস্থ্য বিভাগে ঠায়ে ঠায়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও কামপুৰত মৃত বইলাৰৰ দুৰ্গন্ধই অসুবিধাত পেলাইছে ৰাইজক ৷

মৃত ব্ৰইলাৰৰ দুৰ্গন্ধত অতিষ্ঠ কামপুৰবাসী
ইফালে কৰ'ণা ভাইৰাছৰ সুবিধা লৈ কামপুৰত একাংশ অসাধু ব্যৱসায়ীয়ে ৰামঠগন দিছে গ্ৰাহকক ৷ কোম্পানীৰ পৰা ২০/২৫ টকাত ব্ৰইলাৰ মুৰ্গী ক্ৰয় কৰি গ্ৰাহকক ১৬০/১৮০ টকা প্ৰতিকিলো দৰত বিক্ৰী কৰি আছে ৷ বৰ্তমানেও জিলা প্ৰশাসন আৰু কামপুৰ পৌৰসভা কুম্ভকৰ্ণ নিদ্ৰাত থকাৰ অভিযোগ উত্থাপন কৰে কামপুৰবাসীয়ে ৷

লগতে পঢ়কঃ কৰ’ণা ভাইৰাছক লৈ কিমান সজাগ ৰাইজ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.