ETV Bharat / state

শিলঘাট মৰাপাট কলৰ প্ৰাণ বচাব পাৰিব নে চৰকাৰে ?

অসম সমবায় মৰাপাট কল, শিলঘাটৰ অচলাৱস্থা দূৰ কৰাত সহমতত উপনীত কল কৰ্তৃপক্ষ ৷ সমবায় বিভাগসহ কেইবাটাও বিভাগে বাজেটত নিৰ্ধাৰণ কৰা ৮ কোটি টকা সু-পৰিকল্পিতভাৱে কলটোৰ উত্তৰণত ব‍্যৱহৃত হ'ব ৷ তদানীন্তন বিত্তমন্ত্ৰীয়ে ঘোষণা কৰা ১০ কোটি টকাৰ লাভৰ পথ এতিয়াও প্ৰশস্ত ৷

Assam Cooperative Jute Mill to Be Opened Shortly
পুনৰ মুকলিৰ দিশে অসম সমবায় মৰাপাট কল
author img

By

Published : Jul 18, 2021, 7:42 PM IST

কলিয়াবৰ, 18 জুলাই : অসম সমবায় মৰাপাট কললৈ কিছু আশাৰ ৰেঙনি ৷ শীৰ্ঘেই পুনৰ কাৰ্যক্ষম হৈ উঠিব অসম সমবায় মৰাপাট কল ৷ এই কথা ঘোষণা কৰে মন্ত্ৰী কেশৱ মহন্তই ৷

উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে এসময়ৰ একমাত্ৰ লাভজনক উদ্যোগটো হৈছে সমবায় খণ্ডৰ মৰাপাট কলটো ৷ এই উদ্যোগটো বিগত প্ৰায় দুবছৰ ধৰি অদক্ষ পৰিচালনা, অদূৰদৰ্শী সিদ্ধান্ত তথা গ্ৰহণীয় কিছুমান নীতিৰ বাবেই লোকচানৰ সন্মুখীন হৈ আহিছে । যাৰ বাবে বন্ধ হোৱাৰ উপক্ৰম হৈছিল সমবায় খণ্ডৰ এই উদ্যোগটো ৷

বৰ্তমান কলটোৱে মৰাপাট যোগনীয়াৰ সকলক অনাদায় হৈ থকা ধনৰ পৰিমাণ প্ৰায় ১১ কোটি টকা ।

কলটোৰ আৰ্থিক দুৰৱস্থাৰ সময়ত তদানীন্তন বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ১০ কোটি টকা সাহায্য কথা ঘোষণা কৰিছিল । ঘোষণাৰ পাছতেই এই বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা কলটোৰ উৎপাদন কাৰ্য আৰম্ভ হৈছিল যদিও দীৰ্ঘদিনীয়া নহ'ল । আৰ্থিক সংকট আৰু কৰ'ণাৰ বাবে যোৱা দুমাহতকৈও অধিক কাল কলটো বন্ধ হৈ আছে ।

১০ কোটি টকাৰ সাহায্য বিষয়টোও কোনো অগ্ৰগতি লাভ নকৰাৰ ফলত গভীৰ অনিশ্চয়তাৰ দিশে সমবায় খণ্ডটো ৷ সহস্ৰাধিক লোকৰ সংস্থাপনৰ কেন্দ্ৰ হৈছে অসম সমবায় মৰাপাট কলটো । কিন্তু ৰাজ‍্য চৰকাৰৰ যোৱা ১৬ জুলাই তাৰিখে বিধান সভাত উত্থাপন হোৱা ২০২১-২০২২ বৰ্ষৰ বাজেটত কলটোৰ আন্তঃগাঁঠনি নিৰ্মাণৰ বাবে ৮ কোটি টকা ধাৰ্য কৰিছে ।

ফলস্বৰূপে কলটোৰ ভৱিষ‍্যতক লৈ এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে বুলি অনুভৱ কৰিছে কল কৰ্মী, কৰ্তৃপক্ষ তথা কলিয়াবৰীয়া ৰাইজে । আনহাতে, পূৰ্বে ঘোষণা কৰা ১০ কোটি টকাৰ সাহয্য লাভ কৰাৰ পথ এতিয়াও প্ৰশস্ত হৈ আছে বুলি মৰাপাট কলটোৰ পৰিচালনা মণ্ডলীৰ অধ‍্যক্ষ মন্ত্ৰী কেশৱ মহন্তই জানিবলৈ দিয়ে । শনিবাৰে নিশা কলিয়াবৰ প্ৰেছ ক্লাৱৰ জখলাবন্ধাৰ কাৰ্যালয়ত সাংবাদিক সকলৰে সৈতে মন্ত্ৰী কেশৱ মহন্ত এই কলটোৰ ভৱিষ‍্যতৰ বিষয় সন্দৰ্ভত এক আলোচনাত মিলিত হয় ৷

মুকলিৰ দিশে অসম সমবায় মৰাপাট কল

ইতিমধ‍্যে, কলিয়াবৰৰ অন‍্যতম সম্পদ মৰাপাট কলটোৰ অচলাৱস্থা দূৰ কৰিবলৈ কলিয়াবৰ প্ৰেছ ক্লাৱে কল প্ৰৱন্ধন কৰ্তৃপক্ষ আৰু কল কৰ্মী সন্থাৰে পৃঠকে-পৃঠকে আলোচনাত মিলিত হয় । শনিবাৰে নিশা মন্ত্ৰী কেশৱ মহন্ত তথা কল পৰিচালন মণ্ডলীৰ অধ‍্যক্ষ কেশৱ মহন্তৰ সৈতে কলটোৰ অচলাৱস্থা দূৰ কৰাৰ ক্ষেত্ৰত ল'বলগীয়া প্ৰয়োজনীয় ব‍্যৱস্থা আৰু পৰিকল্পনাৰ বিষয়ে এক স্মাৰক পত্ৰ প্ৰদান কৰা হয় । স্মাৰক পত্ৰত সন্নিবিষ্ট বিষয়সমূহ খৰচি মাৰি আলোচনা কৰাৰ লগতে বিষয়সমূহৰ ওপৰত যাৱতীয় ব‍্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে ।

কলটো যাতে অনাগত দিনত সুকলমে চলে এই ক্ষেত্ৰত স্মাৰক পত্ৰত সন্নিবিষ্ট বিশেষজ্ঞ সমিতিৰ দ্বাৰা তদন্ত কৰাৰ ব‍্যৱস্থা কৰা হ'ব বুলি আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে । কলটো পুনৰ চলোৱাৰ ক্ষেত্ৰত সমবায় মন্ত্ৰী অতুল বৰাকে ধৰি ৰাজ‍্য চৰকাৰৰ কলটোৰে সংলগ্ন কেইবাটাও বিভাগৰ লগত হোৱা আলোচনা মৰ্মে ঐক‍্য মতত উপনীত হয় । তথাপিও কলটোৰ উৎপাদনৰ কাৰ্যৰ আনুসংগিক কাৰিকৰী বিষয়বোৰ তন্ন-তন্নকৈ পৰীক্ষা কৰি অনতি পলমে ব‍্যৱস্থা গ্ৰহণ কৰিবলৈ কাম-কাজ চলি আছে । যাতে অদূৰ ভৱিষ‍্যতে কলটোৰ কোনো হানি-বিঘিনি নোহোৱাকৈ চলাই নিব পৰা যাব । কলিয়াবৰ প্ৰেছ ক্লাৱৰ অসম সমবায় কলটো পুনৰ উৎপাদনমুখী কৰাৰ স্বাৰ্থত লোৱা পদক্ষেপক ভূয়সী প্ৰশংসা কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: অসম আৰক্ষীক নিৰুৎসাহিত কৰাসকলৰ আছে অপৰাধীৰে সম্পৰ্ক: পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.