ETV Bharat / state

৪৯ বছৰীয়া উৎপাদনৰ অভিলেখ ভংগ শিলঘাট অসম সমবায় মৰাপাট কলৰ - ৪৯ বছৰীয়া উৎপাদনৰ অভিলেখ ভংগ শিলঘাট অসম সমবায় মৰাপাট কলৰ

৪৩ দিনৰ অন্তত লকডাউনৰ জটিলতা পাৰ কৰি ৪৯ বছৰীয়া উৎপাদনৰ অভিলেখ ভংগ অসম সমবায় মৰাপাট কল পৰিসীমিত,শিলঘাটৰ ৷ ২০ জুলাইত এদিনতে ২৫. ২৯২ মেট্ৰিক টন বস্তা উৎপাদন কৰি উৎফুল্লিত কলটোৰ শ্ৰমিক-কৰ্মচাৰী, বিষয়া-অংশীদাৰ। দৈনিক গড় উৎপাদন ২১ মেট্ৰিক টনৰ বিপৰীতে এই উৎপাদন এক অভিলেখ।

Jute Mill
শিলঘাট অসম সমবায় মৰাপাট কল
author img

By

Published : Jul 21, 2020, 7:53 PM IST

নগাঁও,21 জুলাইঃ কৰ'ণাৰ গণ সংক্ৰমণ ৰোধৰ বাবে ভাৰত চৰকাৰে ঘোষণা কৰা দীঘলীয় লক ডাউনে দেশৰ সকলো স্তৰৰ দৈনন্দিন কাম-কাজ স্তব্ধ কৰিছিল । ৰাষ্ট্ৰীয় লক ডাউনৰ সময়ছোৱাত দেশৰ জৰুৰী সেৱাৰ বাহিৰে বাকী সকলো বন্ধ ৰখা হৈছিল । বিগত ৪২ দিনীয়া লক ডাউনৰ সময়ছোৱাত দেশৰ আৰ্থিক প্ৰগতিত সেৱা আগবঢ়োৱা সকলো চৰকাৰী-বেচৰকাৰী,সৰু-বৰ উদ্যোগৰ উৎপাদন স্থবিৰ হৈ পৰিছিল ৷ ইয়াৰ ব্যতিক্ৰম নাছিল অসমো ৷ বন্ধ হৈছিল ৰাজ্যৰ কেবাটাও উদ্যোগ ৷ ইয়াৰ ভিতৰতে আছিল অসমৰ অন‍্যতম লাভজনক উদ‍্যোগ বুলি চিহ্নিত হোৱা নগাঁৱৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কল ।

অসম সমবায় মৰাপাট কল

লগতে পঢ়কঃ শিলচৰ মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

১৯৮৪ চনত কলটো বিত্তীয় ঘাটিৰ বাবে সাময়িক ভাৱে বন্ধ হৈ পৰিছিল যদিও ১৯৮৫ চনৰ অসম চুক্তিৰ আধাৰত পুনৰ ১৯৮৬ চনৰ পৰা কাৰ্য‍ক্ষম হৈ উঠিছিল। ৰাষ্ট্ৰীয় লক ডাউনৰ নিৰ্দেশনাৰ প্ৰতি সন্মান জনাই ৪২ দিন বন্ধ ৰখাৰ পিছত ৭ মে'ৰ পৰা পূৰ্ণ গতিত চলিছিল কলিয়াবৰৰ শিলঘাটস্থিত সমবায়খণ্ডৰ একমাত্ৰ উদ্যোগ অসম সমবায় মৰাপাট কল। কলটোৰ প্ৰায় এহাজাৰ শ্ৰমিক তথা বিষয়া-কৰ্মচাৰীয়ে লক ডাউনৰ ৪২ দিনৰ বাবদ পাবলগীয়া প্ৰায় দুই কোটি টকাৰ মজুৰি আৰু দৰমহা ত্যাগ কৰি আৰম্ভ কৰিলে মৰাপাট কলটোৰ উৎপাদন । ফলস্বৰূপে ৪৯ বছৰীয়া উৎপাদনৰ অভিলেখ ভংগ কৰিলে শিলঘাট অসম সমবায় মৰাপাট কলে ৷ দৈনিক গড় উৎপাদন ২১ মেট্ৰিক টনৰ বিপৰীতে ২০ জুলাইত ২৫. ২৯২ মেট্ৰিক টন বস্তা উৎপাদন কৰে মৰাপাট কলটোৱে ৷

শেহতীয়া পৰিস্থিতিৰ বাবে অত্যাধুনিক চেনিটাইজাৰ কেবিন কলৰ মুখ‍্য প্ৰৱেশ দ্বাৰত স্থাপন কৰি শ্ৰমিক-কৰ্মচাৰী আৰু বিষয়াবৰ্গৰ সুৰক্ষাৰ প্ৰতি বিশেষ ব‍্যৱস্থা গ্ৰহণ কৰিছে কল কৰ্তৃপক্ষই ৷ সমান্তৰালকৈ মৰাপাট কলটোৰ সহস্ৰাধিক শ্ৰমিক-কৰ্মচাৰীয়ে কৰ্তৃপক্ষৰে মিলি কলটোৰ উত্তৰণত এই প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে । নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ শিলঘাটৰ বুঢ়া লুইতৰ দাঁতিত ১৯৭১ চনৰ ১৭ জানুৱাৰীত তদানীন্তন কেন্দ্ৰীয় কৃষি মন্ত্ৰী ফখৰুদ্দিন আহমেদে ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰা মৰাপাট কলটোৱে বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে আজি এক সন্তোষজনক স্থিতি লাভ কৰিছে। ইয়াৰ একমাত্ৰ কাৰণ কলটোৰ পৰিচালনা মণ্ডলী,কৰ্তৃপক্ষ,শ্ৰমিক-কৰ্মচাৰী আৰু অংশীদাৰৰ ত‍্যাগ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.