ETV Bharat / state

১৫ ছেপ্টেম্বৰত মুকলি হ'ব কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয় - Kaliabor Sub Divisional Hospital to be inaugurated

দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ'ব কলিয়াবৰবাসীৰ । কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত (Kaliabor Sub Divisional Hospital) থাকিব সকলো সা-সুবিধা । ১০০ খন বিচনাযুক্ত চিকিৎসালয়খনৰ সকলো কক্ষতে ৰোগীৰ বাবে অক্সিজেনৰ ব্যৱস্থা থাকিব ।

Kaliabor
১৫ ছেপ্টেম্বৰত মুকলি হ'ব কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়
author img

By

Published : Sep 4, 2022, 7:06 PM IST

কলিয়াবৰ,৪ ছেপ্টেম্বৰ : নগাঁৱৰ কলিয়াবৰবাসীৰ বাবে সুখবৰ । অহা ১৫ ছেপ্টেম্বৰত মুকলি হ'ব কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ নতুন ভৱন (Kaliabor Sub Divisional Hospital to be inaugurated)। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব চিকিৎসালয়ৰ নতুন ভৱনটোৰ দ্বাৰ । এই চিকিৎসালয় মুকলিৰ লগে লগে কলিয়াবৰৰ বৃহত্তৰ অঞ্চলটোৰ এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ'ব বুলি আশা কৰিছে ৰাইজে (Assam CM to inaugurates Kaliabor Sub Divisional Hospital)।

১৫ ছেপ্টেম্বৰত মুকলি হ'ব কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়

স্বাস্থ্যমন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্তই দেওবাৰে চিকিৎসালয় মুকলি হোৱাৰ কথা ঘোষণা কৰে । দেওবাৰে জখলাবন্ধাত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰে চিকিৎসালয়খনৰ নৱ-নিৰ্মিত ভৱনটো । চিকিৎসালয়খনৰ প্ৰতিটো কোঠা আৰু সকলো দিশ পৰ্যালোচনা কৰে মন্ত্ৰীগৰাকীয়ে । পৰৱৰ্তী সময়ত চিকিৎসালয়খনৰ মুকলি অনুষ্ঠানক লৈ মন্ত্ৰীগৰাকীয়ে সংবাদমেল সম্বোধন কৰে ।

মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনৰ বিভিন্ন অত্যাধুনিক সা-সুবিধাৰ বিষয়ে অৱগত কৰে । মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে কলিয়াবৰ মহকুমা চিকিৎসালয়খনত CT Scan, Blood Bankকে ধৰি প্ৰায় সকলো ধৰণৰ অত্যাধুনিক সা-সুবিধা থাকিব ।

১৭ গৰাকী অভিজ্ঞ চিকিৎসকে চিকিৎসা প্ৰদান কৰিব । ১০০ খন বিচনাযুক্ত চিকিৎসালয়খনৰ সকলো কক্ষতে ৰোগীৰ বাবে অক্সিজেনৰ ব্যৱস্থা থাকিব বুলি ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ।

লগতে পঢ়ক:2022 বৰ্ষৰ ভবেন বৰুৱা বঁটা বিশিষ্ট অভিনেতা দীনেশ দাসলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.