ETV Bharat / state

মহাঅষ্টমীত নগাঁৱত দুৰ্গতিনাশিনীৰ আশীষ ল’লে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই - ভাৰত দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট

মহাঅষ্টমীত নগাঁৱত উপস্থিত হৈ দুৰ্গতি নাশিনী দেৱী দুর্গাৰ আশীষ ল’লে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । নগাঁৱৰ সাতখনকৈ পূজা মণ্ডপ দৰ্শন মুখ্যমন্ত্ৰীৰ । দেৱীৰ আশীষ লৈ সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীৰ মন্তব্য, ‘‘মা ভাগৱতীয়ে সকলোৰে মংগল কৰক’’ ৷

Himanta Biswa Sarma at Puja Mandaps in Nagaon
মহাঅষ্টমীত নগাঁৱত দুৰ্গতিনাশিনীৰ আশীষ ল’লে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই
author img

By

Published : Oct 3, 2022, 6:36 PM IST

নগাঁও, 3 অক্টোবৰ : দেওবাৰে কেবাটাও কাৰ্যসূচী হাতত লৈ নগাঁৱত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । প্ৰতিকূল বতৰৰ মাজতো নগাঁৱত উপস্থিত হৈ প্ৰথমে নগাঁও চহৰৰ আমোলাপট্টি নাট্যমন্দিৰৰ পূজা মণ্ডপত উপস্থিত হৈ পূজা অৰ্চনা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM visits in Nagaon) ।

ইয়াৰ পিছতেই নগাঁও চহৰৰ শতবৰ্ষ গৰকা বাঙালী সন্মিলনীৰ পূজা মণ্ডপতো উপস্থিত হৈ দুৰ্গতিনাশিনী দেৱী দুর্গাৰ আশীষ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে । পৰৱৰ্তী সময়ত মনসা মন্দিৰ আৰু ৰামকৃষ্ণ মিছন পূজা মণ্ডপতো উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ শৰ্মা । কেৱল এয়াই নহয়, মহা অষ্টমীৰ দিনা হিন্দু মিলন মন্দিৰ পূজা মণ্ডপ, বিনাপানী নাট্যমন্দিৰ পূজা মণ্ডপ, বাঙালী নাট্য সন্মিলনী পূজা মণ্ডপতো উপস্থিত হৈ ৰাজ্যৰ মংগলাৰ্থে পূজা অৰ্চনা কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

Himanta Biswa Sarma at Puja Mandaps in Nagaon
দুৰ্গতিনাশিনীৰ আশীষ ল’লে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই

লগতে পঢ়ক : বাতিল হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হোজাই ভ্ৰমণ

লগতে সোমবাৰৰ অন্তিম কাৰ্যসূচী অনুসৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কলা মন্দিৰ পূজা মণ্ডপতো উপস্থিত হৈ মা দুৰ্গাৰ অশীষ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে (Himanta Biswa Sarma at Puja Mandaps) ৷ মা দুৰ্গাৰ আশীষ গ্ৰহণ কৰি সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয়, ‘‘মা ভাগৱতীয়ে সকলোৰে মংগল কৰক । মাৰ পৰাই সকলোৱে ভাল খবৰ পাব’’ ৷

মহাঅষ্টমীত নগাঁৱত দুৰ্গতিনাশিনীৰ আশীষ ল’লে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই

দেওবাৰে গুৱাহাটীৰ বর্ষাপৰা ষ্টেডিয়ামত অসম ক্ৰিকেট সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা ভাৰত-দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট খেলখনকলৈয়ো মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । দেওবাৰে অসম ক্ৰিকেট সন্থাই নিয়াৰিকৈ অনুষ্ঠিত কৰা ক্ৰিকেট খেলখনে অসমৰ নাম বহুগুণে বৃদ্ধি কৰিছে বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে তেওঁ কয়, দুয়োটা দলে মিলি চাৰি শতাধিক স্ক’ৰ কৰা খেলপথাৰ কমেই আছে ৷ পৰৱৰ্তী সময়ত অসমত টেষ্ট শৃংখলা অনুষ্ঠিত কৰাৰ কথাও সাংবাদিকৰ আগত উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক : পূজাৰ মণ্ডপত বিমল-শিখৰ-ৰজনীগন্ধা: নিষিদ্ধকৰণৰ বিপৰীতে মুকলি প্ৰচাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.