ETV Bharat / state

আজি ৰাভা দিৱসঃ কলিয়াবৰত তিনি প্ৰজন্মই সুঁৱৰিলে কলাগুৰুক

author img

By

Published : Jun 20, 2019, 10:49 AM IST

অসমৰ জাউতি-যুগীয়া সংস্কৃতিৰ "মন্দিৰৰ দুৱাৰ খোলা" ৰাখিবলৈ শিল্পী-সৈনিকৰ আদৰ্শেৰে যত্নপৰ হ'ব লাগিব নৱ-প্ৰজন্ম ৷ কলিয়াবৰত তিনি প্ৰজন্মই সোঁৱৰিছে কলাগুৰুক, গালে গীত, ক'লে মনৰ কথা ।

আজি ৰাভা দিৱস!!

কলিয়াবৰ,২০ জুন: আজি বিষ্ণু ৰাভা দিৱস । জীৱন কালতে কিংবদন্তিত পৰিণত হোৱা ‘একমেব দ্বিতীয়ম’ এইগৰাকী বিপ্লৱী চেতনাস্ৰোতৰ চিৰন্তন বাৰ্তাবাহকক এই দিনটোতে ৰজা-প্ৰজা সকলোৱে সুঁৱৰিছে । বিষ্ণুপ্ৰসাদ ৰাভা, কুৰি শতিকাৰ কেইবাটাও দশক জুৰি অসমৰ চিন্তা-জগতখনত তোলপাৰ লগোৱা মানুহজন নিজেই এক অনুষ্ঠান । গীত, কবিতা, চিত্ৰশিল্প, নৃত্য, সংগীত, অভিনয় আৰু ব্যাপক পৰিমাণৰ গৱেষণালব্ধ লেখা-মেলাই ৰাভাদেউক এক অনন্য ৰূপ প্ৰদান কৰিছে । লগতে সোণতে সুৱগা চৰাইছে ৰাভাদেউৰ অনবদ্য সংগ্ৰামী জীৱন আৰু ৰাজনীতিয়ে । এইজনা মহান অসমীয়াক কলিয়াবৰৰ তিনিটা প্ৰজন্মই সোঁৱৰিছে তেখেতৰ গীতেৰে, তেখেতৰ চিন্তাৰে ।

আজি ৰাভা দিৱস!!

বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিৱসত দিশা মুখাৰ্জী আৰু স্নেহা ৰয়ে স্মৰণ কৰিলে দুটি গীতৰ কলিৰে আৰু তবলা সঙ্গত কৰিলে পঞ্চম ভৌমিকে । অসমীয়া চিৰ যুগমীয়া গীতৰ চৰ্চাৰ লগত জড়িত শিক্ষক নয়নজ্যোতি শইকীয়াই ক'লে মনৰ কথা, সমৃদ্ধিশালী অসম গঢ়াৰ কথা । কলিয়াবৰৰ বিশিষ্ট সঙ্গীত শিল্পী, প্ৰশিক্ষক তথা ভ্ৰাম্যমান থিয়েটাৰৰ এসময়ৰ জনপ্ৰিয় গায়ক-সুৰকাৰ যোগেন বৰদলৈয়ে নৱ-প্ৰজন্মক জনালে বিষ্ণু ৰাভা সঙ্গীত চৰ্চাৰ কৰিবলৈ আহ্বান ।

আজি ৰাভা দিৱস!!

কলিয়াবৰত অসম সাহিত্য সভাৰ কলিয়াবৰ জিলা শাখা, অসম লেখিকা সমাৰোহৰ কলিয়াবৰ জিলা শাখা আৰু কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ যুটীয়া উদ্যোগত দিনজোৰা কাৰ্য্যসূচীৰে ৰাভা দিৱসৰ আয়োজন ।

Intro:অসমৰ জাউতি-যুগীয়া সংস্কৃতিৰ "মন্দিৰৰ দুৱাৰ খোলা" ৰাখিবলৈ শিল্পী-সৈনিকৰ আদৰ্শেৰে যত্নপৰ হ'ব লাগিব নৱ-প্ৰজন্ম

কলিয়াবৰত তিনি প্ৰজন্মই সোঁৱৰিছে কলাগুৰুক, গালে গীত, ক'লে মনৰ কথা।
Body:২০ জুন। বিষ্ণু ৰাভা দিৱস। জীৱন কালতে কিংবদন্তিত পৰিণত হোৱা ‘একমেব দ্বিতীয়ম’ এইগৰাকী বিপ্লৱী চেতনাস্ৰোতৰ চিৰন্তন বাৰ্তাবাহকক এই দিনটোতে ৰজা-প্ৰজা সকলোৱে সুঁৱৰিছে।

বিষ্ণুপ্ৰসাদ ৰাভা। কুৰি শতিকাৰ কেইবাটাও দশক জুৰি অসমৰ চিন্তা-জগতখনত তোলপাৰ লগোৱা মানুহজন নিজেই এক অনুষ্ঠান। গীত, কবিতা, চিত্ৰশিল্প, নৃত্য, সংগীত, অভিনয় আৰু ব্যাপক পৰিমাণৰ গৱেষণালব্ধ লেখা-মেলাই ৰাভাদেউক এক অনন্য ৰূপ প্ৰদান কৰিছে। লগতে সোণতে সুৱগা চৰাইছে ৰাভাদেউৰ অনবদ্য সংগ্ৰামী জীৱন আৰু ৰাজনীতিয়ে।

এইজনা মহান অসমীয়াক কলিয়াবৰৰ তিনিটা প্ৰজন্মই সোঁৱৰিছে তেখেতৰ গীতেৰে, তেখেতৰ চিন্তাৰে।
বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত‍্যু দিৱসত দিশা মুখাৰ্জী আৰু স্নেহা ৰয়ে স্মৰণ কৰিলে দুটি গীতৰ কলিৰে আৰু তবলা সঙ্গত কৰিলে পঞ্চম ভৌমিকে।
অসমীয়া চিৰ যুগমীয়া গীতৰ চৰ্চাৰ লগত জড়িত শিক্ষক নয়নজ‍্যোতি শইকীয়াই ক'লে মনৰ কথা, সমৃদ্ধিশালী অসম গঢ়াৰ কথা।
কলিয়াবৰৰ বিশিষ্ট সঙ্গীত শিল্পী, প্ৰশিক্ষক তথা ভ্ৰাম‍্যমান থিয়েটাৰৰ এসময়ৰ জনপ্ৰিয় গায়ক-সুৰকাৰ যোগেন বৰদলৈয়ে নৱ-প্ৰজন্মক জনালে বিষ্ণু ৰাভা সঙ্গীত চৰ্চাৰ আহ্বান।
কলিয়াবৰত অসম সাহিত‍্য সভাৰ কলিয়াবৰ জিলা শাখা, অসম লেখিকা সমাৰোহৰ কলিয়াবৰ জিলা শাখা আৰু কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ যুটীয়া উদ‍্যোগত দিনজোৰা কাৰ্ভায‍্যসূচীৰে ৰাভা দিৱসৰ আয়োজন।Conclusion:visuals, bites
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.