ETV Bharat / state

ঐতিহাসিক শিলঘাটত অশোকাষ্টমী মেলাৰ আয়োজন - ঐতিহাসিক শিলঘাটত অশোকাষ্টমী মেলাৰ আয়োজন

1935  চনতেই ব্ৰিটিছে স্থাপন কৰা শিলঘাট চহৰৰ কামাখ্যা পাহাৰস্থিত কামাখ‍্যা মন্দিৰৰ নামনিত অশোকাষ্টমীৰ আয়োজন ৷

silghat
author img

By

Published : Apr 2, 2019, 9:36 AM IST

শিলঘাট, 2 এপ্ৰিল:শিলঘাটত 12এপ্ৰিলৰ পৰা মহা অশোকাষ্টমী মেলাৰ আয়োজন। কলিয়াবৰৰ ঐতিহাসিক শিলঘাটত ব'হাগ বিহুৰ সময়তে অনুষ্ঠিত হ'ব মহা অশোকাষ্টমী মেলা।

কালিকা পুৰাণত চ'ত মাহৰ অষ্টমী তিথিত ব্ৰহ্মপুত্ৰৰ জলৰাশিৰ লগত সকলো নদ-নদী, সাগৰাদিৰ জলৰাশি সন্মিলিত হয় বুলি উল্লেখ আছে ৷ সেয়ে ব্ৰহ্মপুত্ৰত স্নান কৰিলে "স যাতি ব্ৰহ্মণঃ পদম্" বুলি কোৱা হয়।

শিলঘাটত অশোকাষ্টমী মেলা

এনে জনবিশ্বাসৰ ভিত্তিতেই অশোকাষ্টমীৰ দিনা মহাবাহু ব্ৰহ্মপুত্ৰত স্নানৰ বাবে অজস্ৰ ভক্তৰসমাগম ঘটে । শিলঘাটৰ এই অশোকাষ্টমী মেলা 1921 চনৰে পূৰ্বৰ বুলি ঠাৱৰ কৰা হৈছে । মেলা অনুষ্ঠিত হৈ অহা দিনৰে পৰা মেলাৰ সু-পৰিচালনাৰ বাবে একোখন পৰিচালনা সমিতি গঠন কৰা হৈছিল যদিও 1939 চনত 'শিলঘাট অশোকাষ্টমী মেলা সমিতি" নামেৰে এক স্থায়ী সমিতি গঠন কৰা হয়।এই বছৰো 'শিলঘাট অশোকাষ্টমী মেলা সমিতি'য়ে অহা 12 এপ্ৰিলৰ 17 এপ্ৰিল তাৰিখলৈকে অশোকাষ্টমী মেলাৰ আয়োজন কৰিছে। ইতিমধ‍্যে মেলা সমিতিৰ বিষয়ববীয়াই যাবতীয় প্ৰস্তুতি চলোৱা বুলি জনাইছে ৷

Intro:অহা ১২ এপ্ৰিলৰ পৰা শিলঘাটত মহা অশোকাষ্টমী মেলাৰ আয়োজন।
কলিয়াবৰৰ ঐতিহাসিসক শিলঘাটত বহাগ বিহুৰ সময়তে অনুষ্ঠিত হ'ব মহা অশোকাষ্টমী মেলা।
কালিকা পুৰাণত "চ'ত মাহৰ অষ্টমী তিথিত ব্ৰহ্মপুত্ৰৰ জলৰাশিৰ লগত সকলো নদ-নদী, সাগৰাদিৰ জলৰাশিসন্মিলিত হয় আৰু সেয়ে ব্ৰহ্মপুত্ৰত স্নান কৰিলে "স যাতি ব্ৰহ্মণঃ পদম্" বুলি কোৱা হয়।
এনে জন-বিশ্বাসৰ ভিত্তিতেই অশোকাষ্টমীৰ দিনা মহাবাহু ব্ৰহ্মপুত্ৰত স্নানৰ বাবে অজস্ৰ ভক্ত সমবেত হয়।Body:১৯৩৫ চনতেই বৃটিছে পতা শিলঘাট টাউনৰ কামাখ‍্যা পাহাৰ স্থিত কামাখ‍্যা মন্দিৰৰ নামনিত অশোকাষ্টমীৰ স্নান আৰম্ভ হোৱাৰ প্ৰমাণিক তথ‍্য নাই যদিও বৃটিছ শাসন কালত উন্নত যাতায়ত ব‍্যৱস্থাৰ বাবে বহিঃ স্থানৰ বাবে ভক্তৰ সমাগম বৃদ্ধি পালে যাৰ ফলত প্ৰসাৰ আৰু প্ৰচাৰ দুয়োটাই বৃদ্ধি পালে। প্ৰতি বছৰে অশোকাষ্টমী তিথিত গড়ে প্ৰায় কুৰি হাজাৰৰো অধিক ভক্তই শিলঘাট কামাখ‍্যা পাহাৰৰ নামনিৰ ব্ৰহ্মপুত্ৰত স্নান কৰে।
অশোকাষ্টমী স্নানৰ সমান্তৰালকৈ কেতিয়াৰ পৰা অশোকাষ্টমী মেলা আৰম্ভ হ'ল কোৱা টান যদিও, ১৯২১ চনত অশোকাষ্টমী মেলা আৰম্ভ হৈছিল বুলি থকা তথ‍্যৰ ভিত্তিত ইয়াৰ আৰম্ভণী তাৰো আগৰ বুলি ক'ব পাৰি। মেলা অনুষ্ঠিত হৈ অহা দিনৰে পৰা মেলাৰ সু-পৰিচালনাৰ বাবে একোখন পৰিচালনা সমিতি গঠন কৰা হৈছিল যদিও ১৯৩৯ চনত 'শিলঘাট অশোকাষ্টমী মেলা সমিতি" নামেৰে এক স্থায়ী সমিতি গঠন কৰা হয়।
এই বেলিও 'শিলঘাট অশোকাষ্টমী মেলা সমিতি"য়ে অহা ১২ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিল তাৰিখলৈকে অশোকাষ্টমী মেলাৰ আয়োজন কৰিছে। ইতিমধ‍্যে মেলা সমিতিৰ বিষয়-ববীয়াই যাবতীয় ব‍্যৱস্থা হাতত লোৱাৰ বিষয়ে সাংবাদিকসকলক অৱগত কৰে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.