ETV Bharat / state

প্লাষ্টিকৰ প্ৰদূষণঃ ইটিভি ভাৰতৰ অভিযানত সঁহাৰি নগাঁৱৰ শিল্পীৰ - ARTIST CAMPAIGN AGAINST SINGLE USED PLASTIC WITH COLLABORATION ETV BHARAT

দেশজুৰি প্লাষ্টিকমুক্ত পৰিৱেশ গঢ়াৰ বাবে ইটিভি ভাৰতে চলোৱা সজাগতা অভিযানৰ প্ৰতি সঁহাৰি জনাই শনিবাৰে নগাঁৱত ওলাই আহিল এজন শিল্পী ৷ চ'ছিয়েল মিডিয়াত সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ দৰে অবিকল কণ্ঠৰে গীত গাই জনপ্ৰিয়তা অৰ্জন কৰা এইগৰাকী শিল্পীৰ প্ৰচেষ্টাক শলাগ ল'লে সকলোৱে ৷

প্লাষ্টিকৰ প্ৰদূষণঃ ইটিভি ভাৰতৰ অভিযানত সঁহাৰি নগাঁৱৰ শিল্পীৰ
author img

By

Published : Oct 26, 2019, 11:16 PM IST

Updated : Oct 27, 2019, 12:27 AM IST

নগাঁও, 26 অক্টোবৰঃ প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত দেশৰ প্ৰধানমন্ত্ৰীয়ে দেশবাসীক জনোৱা আহ্বানৰ পিচতে দেশজুৰি আৰম্ভ হৈছে সজাগতা অভিযান ৷ প্ৰধানমন্ত্ৰীগৰাকীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ইটিভি ভাৰতে দেশজুৰি আৰম্ভ কৰিছে প্লাষ্টিক মুক্ত পৰিৱেশ গঢ়াৰ সজাগতা অভিযান ৷ এবাৰ ব্যৱহৃত প্লাষ্টিকৰ ব্যৱহাৰ বৰ্জন কৰা,প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে ইটিভি ভাৰতৰ অভিযানত সঁহাৰি জনাই শনিবাৰে ওলাই আহিল নগাঁৱৰ এজন শিক্ষক তথা শিল্পী ৷

নগাঁৱৰ একাংশ দোকানে দোকানে গৈ পলিথিন,প্লাষ্টিকৰ কাপ-প্লেট আদিৰ দৰে এবাৰ ব্যৱহৃত সামগ্ৰী সমূহ বৰ্জন কৰি প্ৰদূষণ মুক্ত পৰিৱেশৰ বাবে একক ভাৱে নামি পৰিল অভিযানত ৷ তেওঁৰ এই আশাসুধীয়া প্ৰচেষ্টাক সঁহাৰি জনোৱা দেখা গ'ল ৰাইজৰো ৷ এই সম্পৰ্কত চাওক ইটিভি ভাৰতৰ বিশেষ প্ৰতিবেদন-

ARTIST CAMPAIGN AGAINST SINGLE USED PLASTIC WITH COLLABORATION  ETV BHARAT
ইটিভি ভাৰতৰ অভিযানত সহাৰি জনাই সজাগতাৰ বাবে ওলাই আহিল শিল্পী

Intro:সুবহু ভূপেন দা ৰ কণ্ঠ। শুনিলে আপুনিও ক'ব আমাৰ মাজলৈ পুনৰ আহিছে ভূপেন দা। আজি আমি আপোনাক পৰিচয় কৰাই দিম সুবহু ভূপেন দা ৰ কণ্ঠত গীত গোৱা লোকজনক। ভূপেন দা ক লগ পাই অনুপ্ৰাণিত হৈছিল লোকজন। শেহতীয়াকৈ ই টি ভাৰতৰ আহ্বানত প্লাষ্টিকৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে ওলাই আহিছে এইগৰাকী শিল্পী। দোকানে দোকানে গৈ সকলোকে জনাইছে প্লাষ্টিক বর্জনৰ আহ্বান। এই সন্দৰ্ভত ই টি ভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন।

Body:পেছাত এগৰাকী শিক্ষক। কিন্তু নিচা সংগীত। শিক্ষক এইজন। নাম নয়নজ্যোতি শইকীয়া। নগাঁৱৰ পুৰণিগুদাম আৰ কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক নয়নজ্যোতি শইকীয়া। গীত শুনিলে আপুনিও ক'ব পুনৰ আহিছে নেকি ভূপেন দা। যদি বিশ্বাস হোৱা নাই তেন্তে শুনক শিক্ষক তথা সংগীত শিল্পী নয়নজ্যোতি শইকীয়াৰ কণ্ঠত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ কেইটিমান কালজয়ী গীত।
song,
vo, হাতত হাৰমুনিয়াম মূৰত ভূপেন দাই পৰিধান কৰাৰ দৰেই এটা টুপী। শিক্ষতা বৃত্তিত জড়িত নয়নজ্যোতি শইকীয়াই ঘৰত অধিকাংশ সময়েই ব্যস্ত থাকে সংগীত চৰ্চাত। ভূপেন দা ৰ অনুৰাগী নয়নজ্যোতি শইকীয়াই অসমীয়া সংগীত জীয়াই ৰাখিবলৈ গ্ৰহণ কৰিছে নতুন পদক্ষেপ। আৰম্ভ কৰিছে জিলিকাব লুইতৰে পাৰ নামৰ এক ব্যক্তিগত অনুষ্ঠান।
bite,

Conclusion:ইপিনে সমগ্ৰ দেশজুৰি প্লাষ্টিক বর্জনৰ বাবে ই টি ভি ভাৰতে জনোৱা আহ্বানক সঁহাৰি জনাই ওলাই আহিছে এইগৰাকী সংগীত শিল্পী নয়নজ্যোতি শইকীয়া। প্লাষ্টিকৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে দোকানে দোকানে উপস্থিত হয় সংগীত শিল্পী গৰাকী। নগাওঁ চহৰৰ বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠানত উপস্থিত হৈ সকলোকে আহ্বান জনাইছে প্লাষ্টিক বর্জনৰ বাবে। প্লাষ্টিকৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ই টি ভি ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লৈছে শিল্পীগৰাকীৰ লগতে সচেতন লোকে।
bite,
----------------------------------------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
২৬-১০-১৯
Last Updated : Oct 27, 2019, 12:27 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.