ETV Bharat / state

কলিয়াবৰত গ্ৰেপ্তাৰ তিনি অসাধু ব্যৱসায়ী

author img

By

Published : Apr 11, 2020, 2:29 PM IST

কলিয়াবৰত লক ডাউন উলংঘা কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ তিনি অসাধু ব্যৱসায়ী ৷ ব্যৱসায়ী তিনিগৰাকীয়ে কলিয়াবৰৰ মহকুমাধিপতিৰ অনুজ্ঞাপত্ৰ জালিয়তি কৰি লক ডাউনৰ সময়ছোৱাত শাক-পাচলিৰ সৰবৰাহ কৰি আছিল ৷

Arrested three persons
কলিয়াবৰত গ্ৰেপ্তাৰ তিনি অসাধু ব্যৱসায়ী

কলিয়াবৰ,11 এপ্ৰিলঃ কলিয়াবৰত আৰক্ষীৰ জালত তিনি অসাধু ব্যৱসায়ী ৷ মহকুমাধিপতিৰ অনুমতি পত্ৰ জালিয়াতিৰে কলিয়াবৰৰ পৰা উজনি অসমৰ ভিন্ন স্থানলৈ লক ডাউনৰ সুযোগতে শাক-পাচলি সৰবৰাহ কৰিছিল ব্যৱসায়ী কেইজনে ৷ অৱশেষত কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওগৰ এজাহাৰৰ ভিত্তিত শুকুৰবাৰৰ নিশা মজিবুৰ ৰহমান, খাইৰুল আলী আৰু মাণিক হুছেইন নামৰ ব্যৱসায়ী তিনিজনক গ্ৰেপ্তাৰ কৰে কলিয়াবৰ আৰক্ষীয়ে । ধৃত ব্যৱসায়ী কেইজনৰ ঘৰ কলিয়াবৰৰ বৰঘূলীত । আৰক্ষীয়ে ব্যৱসায়ী কেইজনে ব্যৱহাৰ কৰা তিনিখন বাহনো জব্দ কৰে ।

আনহাতে, লক ডাউন উলংঘা কৰি অনুমতি অবিহনে অবৈধভাৱে শাক-পাচলি সৰবৰাহ কৰা অন্য দুখন বাহন জব্দ কৰে কলিয়াবৰ আৰক্ষীয়ে । ব্যৱসায়ী কেইজনে বাহন দুখনেৰে দৰং জিলাৰ খাৰুপেটীয়াৰ পৰা উজনি অসমৰ ভিন্ন প্ৰান্তলৈ লক ডাউনৰ সুযোগতে শাক-পাচলি সৰবৰাহ কৰিছিল ৷

লগতে চাওকঃ চৰকাৰৰ বিৰুদ্ধে ৰাজপথত পাঁচগ্রাম কাছাৰ কাগজকলৰ কৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.