চামগুৰি,12 জুলাই : নগাঁৱৰ উৰিয়াগাঁৱত সংঘটিত হৈছে এক অমানৱীয় ঘটনা । অভিযোগ অনুসৰি, এগৰাকী অৱসৰ প্ৰাপ্ত শিক্ষকৰ সৈতে এগৰাকী যুৱতীক উদ্ধাৰ কৰা হৈছে ঘন জংঘলৰ মাজত ৷ অৱসৰ প্ৰাপ্ত শিক্ষকগৰাকীৰ নাম হৈছে চুৰেন চন্দ্ৰ বনিয়া ৷
ঘটনাৰ বিৱৰণি অনুসৰি, স্থানীয় ৰাইজে উৰিয়াগাঁৱৰ জংঘলত অসংযত অৱস্থাত প্ৰত্যক্ষ কৰে চুৰেন চন্দ্ৰ বনিয়া আৰু তেওঁৰ সৈতে এগৰাকী মুকবধিৰ যুৱতীক ৷ তাৰ পাচতে স্থানীয় ৰাইজে খবৰ দিয়ে আৰক্ষীক ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় ইটাচালী আৰক্ষী আৰু আটক কৰে চুৰেন চন্দ্ৰ বনিয়াসহ মুকবধিৰ যুৱতীগৰাকীক ৷
জানিব পৰা মতে, এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ইটাচালী আৰক্ষী চকীত দাখিল কৰা হৈছে এক এজাহাৰ ৷
ইটাচালী আৰক্ষীয়ে সদৰি কৰা অনুসৰি, ইটাচালী আৰক্ষী চকীত দাখিল কৰা গোচৰৰ ভিত্তিত অভিযুক্ত চুৰেন চন্দ্ৰ বনিয়াক আৰক্ষীৰ জিম্মাত ৰখা হৈছে ৷ ইফালে নিশাই যুৱতী গৰাকীক কৰোৱা হয় স্বাস্থ্য পৰীক্ষা ৷ ইফালে অভিযুক্ত চুৰেন চন্দ্ৰ বনিয়াৰ ঘৰ নগাঁৱৰ উৰিয়াগাঁৱত বুলি আৰক্ষীয়ে সদৰি কৰিছে ।
এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ আছে নগাঁৱৰ উৰিয়াগাঁও ৷ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ অসামাজিক কামত লজ্জিত এতিয়া গাঁওবাসীও ৷ সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰিছে এতিয়া গাঁওবাসীয়ে ৷
লগতে পঢ়ক: বোৱাৰী পলুৱাই নিবলৈ আহি ৰঙাঘৰত যুৱক