ETV Bharat / state

ড্ৰাগছ বিৰোধী ভিডিঅ' প্ৰতিযোগিতা নগাওঁ আৰক্ষীৰ

author img

By

Published : Jun 28, 2020, 1:02 AM IST

Updated : Jun 28, 2020, 1:13 AM IST

ড্ৰাগচ আসক্তি দূৰীকৰণৰ ক্ষেত্ৰত নগাঁও আৰক্ষীৰ বিশেষ পদক্ষেপ । এক মিনিটৰ ভিডিঅ' প্ৰতিযোগিতা আয়োজন ।

ড্ৰাগছ বিৰোধী ভিডিঅ' প্ৰতিযোগিতা নগাওঁ আৰক্ষীৰ
ড্ৰাগছ বিৰোধী ভিডিঅ' প্ৰতিযোগিতা নগাওঁ আৰক্ষীৰ

নগাঁও, 28 জুনঃ এজন ড্ৰাগছ আসক্ত যুৱক । যি নিচাসক্ত হোৱাকলৈ অনুতপ্ত । পিতৃক কেনেদৰে এই বিষয়ে জনাব ইয়াকলৈও তেওঁ চিন্তিত । পিচত তেওঁ ড্ৰাগছ আসক্ত হোৱাৰ বিষয়ে পিতৃক জনালে । পিতৃয়ে তেওঁৰ অনুশোচনাত সুখী হোৱা বুলি কৈ সংশোধন হোৱাত সহায় কৰিব বুলি কলে -এক মিনিটৰ এনে এটা ভিডিঅ ইতিমধ্যেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । এই ভিডিঅটো প্ৰস্তুত কৰিছে মুনজ্যোতি নাথে।

উল্লেখযোগ্য যে, যুৱ প্ৰজন্মৰ মাজত ড্ৰাগচ আসক্তি দূৰীকৰণৰ ক্ষেত্ৰত নগাঁও আৰক্ষীয়ে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ । WHATSAPP যোগে আয়োজন কৰিছিল এক মিনিটৰ এটি বিশেষ ভিডিঅ' প্ৰতিযোগিতা । এই প্ৰতিযোগিতাত বহু কেইগৰাকী নাট্যশিল্পীয়ে অংশগ্ৰহণ কৰিছিল ৷ তাৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিছে ওপৰতে উল্লেখিত কাহিনীটোৰ দ্বাৰা নিৰ্মিত 'ৰিয়েলাইজেশ্যন' নামৰ এক মিনিটৰ বিশেষ ভিডিঅ'টিয়ে ।

ভিডিঅ'টোৰ পৰিচালনা কৰিছে মুনজ্যোতি নাথে আৰু অভিনয় কৰিছে উৎপল কলিতা,উৎপল বৰাই ৷ আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ সৈতে সংগতি ৰাখি এই বিশেষ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল ।

লগতে পঢ়কঃ চুৰি গাড়ী সহ আৰক্ষীৰ জালত বৃহৎ গাড়ী চোৰ চক্ৰ

Last Updated : Jun 28, 2020, 1:13 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.