ETV Bharat / state

Anniversary Of Nagaon Municipality: নগাঁও পৌৰসভাৰ বৰ্ষপূৰ্তিত এশ আঁচনিৰ শুভ উদ্বোধন - নগাঁও পৌৰসভাৰ এশখন আঁচনি

ব্যতিক্ৰমী পদক্ষেপ নগাঁও পৌৰসভাৰ । নগাঁও পৌৰসভাৰ বৰ্ষপূৰ্তি অনুষ্ঠানত শুভ উদ্বোধন কৰা হয় এশখনকৈ আঁচনিৰ । ৰাজহুৱা অনুষ্ঠানত খতিয়ান দাঙি ধৰিলে নগাঁও পৌৰসভাই (Anniversary Of Nagaon Municipality)।

Nagaon Municipality One Hundred new Schemes
নগাঁও পৌৰসভাৰ বৰ্ষপূৰ্তি
author img

By

Published : Apr 13, 2023, 10:56 PM IST

নগাঁও পৌৰসভাৰ বৰ্ষপূৰ্তি

নগাঁও, 13 এপ্ৰিল : ১৩০ বছৰীয়া নগাঁও পৌৰসভাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে নাগৰিকক আমন্ত্ৰণ জনাই ৰাজহুৱা অনুষ্ঠানত কামৰ খতিয়ান দাঙি ধৰিলে নগাঁও পৌৰসভাই । লগতে একেদিনাই এশখন আঁচনিৰো শুভ উদ্বোধন কৰে নগাঁও পৌৰসভাই । "এয়া নগাঁও পৌৰসভাৰ এক উল্লেখযোগ্য পদক্ষেপ", নগাঁও পৌৰসভাৰ বৰ্ষপূৰ্তি অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই (Nagaon Municipality program )।

পৌৰপতি অম্বিকা মজুমদাৰ আৰু উপ পৌৰপতি সীমান্ত বৰাৰ নেতৃত্বত গঠিত নগাঁও পৌৰসভাৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানৰ আয়োজন কৰি বৃহস্পতিবাৰে নগাঁও পৌৰসভাৰ এশখন আঁচনিৰ শুভ উদ্বোধন কৰা হয় । নগাঁও সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হোৱা বৰ্ষপূৰ্তি অনুষ্ঠানতেই এশখন আঁচনিৰ শুভ উদ্বোধন কৰে বিধায়ক ৰূপক শৰ্মাই । বিধায়ক ৰূপক শৰ্মাৰ প্ৰচেষ্টাত গঠিত নগাঁও পৌৰসভাই বিগত এটা বছৰত নগাঁও পৌৰ এলেকাত ৰাস্তা ঘাটকে ধৰি আমোদ প্ৰমোদৰ বাবে উদ্যান, চহৰখনৰ সৌন্দৰ্যবৰ্দ্ধনৰ ক্ষেত্ৰত গ্ৰহণ কৰা আঁচনিসমূহৰ বিষয়ে ৰাইজক অৱগত কৰা হয় এই বৰ্ষপূৰ্তি অনুষ্ঠানত (Nagaon Municipality One Hundred new Schemes) ৷

বিশেষকৈ নগাঁও চহৰৰ বিভিন্ন প্ৰান্তত পূৰ্বে জমা হৈ থকা জাৱৰৰ দ'ম পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ কৰিবলৈ সক্ষম হোৱা বুলি বৰ্ষপূৰ্তি অনুষ্ঠানত ভাষণ প্ৰদান কৰোতে এই কথা উল্লেখ কৰে নগাঁও পৌৰসভাৰ উপ পৌৰপতি সীমান্ত বৰাই । লগতে নগাঁও চহৰৰ সৌন্দৰ্যবৰ্দ্ধনৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহৰ বিষয়েও ভাষণত উল্লেখ কৰে তেওঁ । বিগত এটা বছৰত নগাঁও পৌৰসভাই কৰা উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰাৰ লগতে বৰ্তমানেও চলি থকা আঁচনিৰ বিষয়েই ৰাইজক অৱগত কৰে উপ পৌৰপতি সীমান্ত বৰাই (Anniversary Of Nagaon Municipality) ।

ইপিনে নগাঁও পৌৰসভাৰ বৰ্ষপূৰ্তি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও পৌৰসভাৰ ব্যাসাৰ্ধ বৃদ্ধিৰ কথাও উল্লেখ কৰে বিধায়ক ৰূপক শৰ্মাই । নগাঁও পৌৰসভাৰ এলেকা বৃদ্ধিৰ বাবে ইতিমধ্যেই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে বিধায়ক গৰাকীয়ে । উল্লেখযোগ্য যে, বিগত এটা বছৰতে স্বচ্ছতাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল নগাঁও পৌৰসভাই ।

লগতে পঢ়ক : Pepa Assamese Traditional instrument : ম’হৰ শিঙৰ পেঁপাৰ পৰিৱৰ্তে বাঁহৰ পেঁপা নিৰ্মাণত ব্যস্ত পাপু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.