ETV Bharat / state

নগাঁৱত উন্মোচন মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰাৰ আৱক্ষ মূৰ্তি

৪৮ বছৰৰ অন্তত সমাধিক্ষেত্ৰত নিৰ্মাণ হ’ল ভাষা আন্দোলনৰ শ্বহীদ অনিল বৰাৰ আৱক্ষ মূৰ্তি। উন্মোচন হ'ল অসম আন্দোলনৰ নগাঁও জিলাৰ শ্বহীদৰ নাম ফলক। নগাঁও জিলা ছাত্ৰ সন্থাৰ পদক্ষেপক প্ৰশংসা শ্বহীদ অনিল বৰাৰ পৰিয়ালৰ।

anil-bora-statue-inauguration-at-nagaon-aasu
নগাঁৱত উন্মোচন মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰাৰ আৱক্ষ মূৰ্তি
author img

By

Published : Nov 17, 2020, 2:04 PM IST

নগাঁও,17 নৱেম্বৰঃ ভাষা আন্দোলনত প্ৰাণ আহুতি দিয়া নগাঁৱৰ শ্বহীদ অনিল বৰাৰ আৱক্ষ মূৰ্তি নিৰ্মাণ সম্পূৰ্ণ হৈছে নগাঁৱত। নগাঁও জিলা ছাত্ৰ সন্থাৰ তৎপৰতাত সম্পূৰ্ণ হৈ উঠিছে শ্বহীদ অনিল বৰাৰ আৱক্ষ মূৰ্তি । মঙলবাৰে শ্বহীদ অনিল বৰাৰ আৱক্ষ মূৰ্তি উন্মোচন কৰে অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক তথা অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই । শ্বহীদ অনিল বৰাৰ সমাধিক্ষেত্ৰত স্থাপন কৰা আৱক্ষ মূৰ্তি উন্মোচন কৰি অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই আজিৰ দিনটো এক স্মৰণীয় দিন বুলি উল্লেখ কৰে । লগতে অসমীয়া ভাষা, সংস্কৃতি জীয়াই ৰাখিবলৈ অসম সাহিত্য সভা, ছাত্ৰ সন্থাকে ধৰি সকলো জাতীয় সংগঠনে একগোট হৈ সংগ্ৰাম কৰিব লাগিব বুলিও মন্তব্য কৰে কুলধৰ শইকীয়াই ।

নগাঁৱত উন্মোচন মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰাৰ আৱক্ষ মূৰ্তি
ইপিনে সুদীর্ঘ ৪৮ বছৰ পিছত নগাঁও চহৰৰ মাজমজিয়াৰ সমাধিক্ষেত্ৰত শ্বহীদ অনিল বৰাৰ আৱক্ষ মূৰ্তি স্থাপন হোৱাত আনন্দ প্ৰকাশ কৰাৰ লগতে সুধীর্ঘ সময়ৰ অন্তত বৰ্তমানৰ নগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰচেষ্টাত স্থাপন হোৱাত জিলা ছাত্ৰ সন্থাৰ পদক্ষেপৰ শলাগ লয় শ্বহীদ অনিল বৰাৰ ভাতৃয়ে । উল্লেখযোগ্য যে, একেটা অনুষ্ঠানতে শ্বহীদ অনিল বৰাৰ সমাধিক্ষেত্ৰতেই অসম আন্দোলনত প্ৰাণ বিসৰ্জন দিয়া শ্বহীদসকলৰ নাম ফলকো উন্মোচন কৰা হয় ।

লগতে পঢ়কঃ জৰা ফুকা নহয় এইবাৰ একেটা কাপত পানীয় সেৱন কৰিলে আজমল বাহিনীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.