ETV Bharat / state

মঙলবাৰৰ পুৱাৰে পৰা আৰম্ভ হৈছে অম্বুবাচীৰ প্ৰবৃত্তি পৰ্ব

অম্বুবাচী হিন্দুধৰ্মৰ এক বছেৰেকীয়া উৎসৱ ৷ অসমৰ গুৱাহাটীৰ কামাখ্যা মন্দিৰত যথেষ্ট আড়ম্বৰপূৰ্ণভাবে অম্বুবাচীৰ সময়ত অম্বুবাচী মেলাৰ আয়োজন কৰা হয় ৷ কামাখ্যা ধামৰ অম্বুবাচী মেলাই আন্তৰ্জাতিক আৰু জাতীয় সম্প্ৰীতি ৰক্ষা কৰাত ভালেখিনি অৰিহণা যোগাইছে ৷

author img

By

Published : Jun 22, 2021, 9:23 PM IST

ambubasi-ritual-start-from-tuesday
মঙলবাৰৰ পুৱাৰে পৰা আৰম্ভ হৈছে অম্বুবাচীৰ প্ৰবৃত্তি পৰ্ব

চামগুৰি,22 জুন: মঙলবাৰৰ পুৱাৰে পৰা সমগ্ৰ ৰাজ্যতে আৰম্ভ হৈছে অম্বুবাচীৰ প্ৰবৃত্তি পৰ্ব ৷ ইতিমধ্যেই সমগ্ৰ ৰাজ্যৰ ভক্তপ্ৰাণ ৰাইজে প্ৰায় পুৱাৰ ভাগৰে পৰা পালন কৰিছে অম্বুবাচীৰ প্ৰবৃত্তি পৰ্ব ৷ প্ৰবৃত্তি পৰ্ব পালনৰ লগে-লগে বন্ধ হৈ পৰিছে ৰাজ্যৰ মঠ-মন্দিৰ-দেৱালয় সমূহৰ দ্বাৰ ৷ অনুৰূপ ধৰণেৰে বন্ধ হৈ পৰিছে চামগুৰি সমষ্টিৰ অন্তৰ্গত ন'নৈ চাহ বাগিছাৰ নিকটৱৰ্তী পাহাৰত থকা অঞ্চলটোৰ একমাত্ৰ গোহা মন্দিৰৰ দ্বাৰো ৷

উল্লেখ্য যে,এটি জাগ্ৰত শিৱ লিংগৰে সমাদ্বিত গোহা মন্দিৰ ভাগ পাহাৰৰ প্ৰায় 200 ফুট উচ্চতাত অৱস্থিত ৷ প্ৰবাদ মতে, প্ৰায় 30/35 বছৰ পূৰ্বে লোকচক্ষুৰ আগত ধৰা দিয়া গোহা মন্দিৰ ভাগত ধূপ-দীপ-নৈবদ্য আগবঢ়ালে পুৰণ হয় ভক্তপ্ৰাণ ৰাইজৰ মনৰ সৎ বাঞ্চা৷ অৱশ্যে অম্বুবাচীৰ প্ৰবৃত্তি আৰম্ভ হোৱাৰ বাবে অহা 25 জুন তাৰিখ পৰ্যন্ত বন্ধ থাকিব মন্দিৰ ভাগৰ দ্বাৰ ৷ ভক্তপ্ৰাণ ৰাইজে আগবঢ়াব নোৱাৰিব ধূপ-দীপ-নৈবদ্য ৷

উল্লেখ্য যে,অম্বুবাচী হিন্দুধৰ্মৰ এক বছেৰেকীয়া উৎসৱ ৷ জনবিশ্বাস মতে আহাৰ মাহত মৃগ শিৰা নক্ষত্ৰৰ তিনি পদ শেষ হ’লে চতুৰ্থ পদৰপৰা আৰম্ভ কৰি আদ্যা নক্ষত্ৰৰ প্ৰথম পদৰ ভিতৰত পৃথিৱী বা মা ধৰিত্ৰী ঋতুমতী হয় ৷ এই সময় খিনিতে হিন্দুসকলে পালন কৰে অম্বুবাচী প্ৰবৃত্তি পৰ্ব ৷ সমগ্ৰ উত্তৰ-পূব ভাৰততে পালন কৰা হয় অম্বুবাচী ৷

নীতি অনুসৰি অম্বুবাচীৰ সময়ছোৱাত হাল বোৱা, কোনো ধৰণৰ মাংগলিক কাৰ্য সম্পন্ন কৰা নহয় ৷ এই সময়ছোৱাত মঠ-মন্দিৰৰ দুৱাৰসমূহ বন্ধ থাকে৷ ঘৰুৱা নীতি নিয়মৰ ক্ষেত্ৰত, মাটিত কোনোধৰণৰ আচাৰ বা টেঙাজাতীয় সামগ্ৰী, লগতে লোহাৰ সামগ্ৰী ৰখা নহয় ৷ অম্বুবাচী মেলা হৈছে হিন্দু ধৰ্মৰ লোকসকলে অম্বুবাচীৰ সময়ত সংগতি ৰাখি শক্তিপূজাৰ স্থান সমূহ আদিত আয়োজন কৰা এক উৎসৱ ৷

অসমৰ গুৱাহাটীৰ কামাখ্যা মন্দিৰত যথেষ্ট আড়ম্বৰপূৰ্ণভাবে অম্বুবাচীৰ সময়ত অম্বুবাচী মেলাৰ আয়োজন কৰা হয় ৷ অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা ধামৰ দুৱাৰ বন্ধ ৰখা হয় ৷ ফলস্বৰূপে, সেইকেইদিন দেৱী দৰ্শন নিষিদ্ধ হয় ৷ চতুৰ্থ দিনত মন্দিৰ খোলাৰ লগে লগে দেৱীৰ স্নান,পূজা, প্ৰভৃতি সমাপন হোৱাৰ পৰাহে দৰ্শকে দেৱীক দৰ্শন কৰিব পাৰে ৷ কামাখ্যা ধামৰ অম্বুবাচী মেলাই আন্তৰ্জাতিক আৰু জাতীয় সম্প্ৰীতি ৰক্ষা কৰাত ভালেখিনি অৰিহণা যোগাইছে ৷

লগতে পঢ়কঃ ‘আপোন ঘৰ’ আঁচনিৰ হিতাধিকাৰীৰ ঋণ ৰেহাইৰ বাবে ৩৮.৫০ কোটি টকা মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.