নগাঁও, 17 মে’: ক্ৰমাৎ যেন বিপদ চাপি আহিছে এছ আই জোনমণি ৰাভাৰ (Jonmani Rabha in trouble) । SI জোনমণি ৰাভাৰ সৈতে বিয়াৰ সম্পৰ্ক গঢ়াৰ চেষ্টা কৰা প্ৰৱঞ্চণাৰ অভিযুক্ত ৰাণা প’গাগক নিজৰ জিম্মাত ল’লে মাজুলী আৰক্ষীয়ে । মঙলবাৰে সন্ধিয়া নগাঁৱৰ বিশেষ কাৰাগাৰৰ পৰা আদালতৰ অনুমতি লৈ ৰাণা পগাগক লগত লৈ মাজুলীলৈ ৰাওনা আৰক্ষীৰ দল ৷
ONGC ত চাকৰি কৰাৰ ভুৱা পৰিচয়ৰে (Fake ONGC officer) মাজুলীৰ বহু কেইগৰাকী লোকক ঠিকা দিয়াৰ নামত লাখে লাখে ধন লৈ প্ৰৱঞ্চনা কৰিছিল ৰাণা প’গাগে ৷ পৰৱৰ্তী সময়ত SI জোনমণি ৰাভাই দিয়া এজাহাৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল প্ৰৱঞ্চনাৰ অভিযুক্তজনক ৷
ইফালে, মাজুলীত প্ৰৱঞ্চনাৰ বলি হোৱা ভুুক্তভোগীয়ে দিয়া এজাহাৰত SI জোনমণি ৰাভাৰ নামো সংযোজিত হোৱাত সমগ্ৰ বিষয়টোক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে । অৱশ্যে, SI জোনমণি ৰাভাৰ বিৰুদ্ধে মাজুলী আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই । মাজুলী আৰক্ষীয়ে ৰানা পগাগক জেৰা চলোৱাৰ পিছত বহু চাঞ্চল্যকৰ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে ।
উল্লেখ্য যে, এছ আই জোনমণি ৰাভাৰ হ’বলগীয়া স্বামী ৰাণা পগাগৰ বিৰুদ্ধে উত্থাপন হৈছিল ONGC ৰ ঠিকা দিয়াৰ নামত বিভিন্নজনৰ পৰা ধন লোৱাৰ লগতে নিজকে ONGC ৰ বিষয়া বুলি পৰিচয় দি জোনমণি ৰাভাক বিয়া কৰোৱাৰ চেষ্টা কৰাৰ অভিযোগ (Fraudulent target Sub Inspector Jonmani Rabha)। শেহতীয়াকৈ মাজুলীৰ অজিত বৰা নামৰ এগৰাকী লোকে গড়মূৰ আৰক্ষী থানাত ৰাণা পগাগৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰত উল্লেখ কৰিছিল উৎকোচৰ লেনদেনত জোনমণি ৰাভা জড়িত থকাৰ কথা ।
লগতে পঢ়ক : বৰষুণৰ বাবে স্থগিত মথাউৰি নিৰ্মাণৰ কাম: চৰকাৰৰ বিৰুদ্ধে ঠিকাদাৰৰ ক্ষোভ