ETV Bharat / state

উচ্ছেদ হ'ব নেকি ডুমডুমীয়া বালিসত্ৰ বজাৰ ? - নগাঁও জিলা

ধিঙৰ ডুমডুমীয়া বালিসত্ৰ অৰ্ধ সাপ্তাহিক বজাৰ বেদখলৰ অভিযোগ ৷ এই অভিযোগৰ পাচতে জাঙুৰ খাই উঠিছে বজাৰখনৰ একাংশ ব্যৱসায়ী ৷ বেদখলৰ অভিযোগ সম্পূৰ্ণ মিছা বুলি দাবী স্থানীয় ব্যৱসায়ীৰ ৷

alleged encroachment in dumdumia balisatra bazar
ধিঙৰ ডুমডুমীয়া বালিসত্ৰ অৰ্ধ সাপ্তাহিক বজাৰ বেদখল
author img

By

Published : Aug 5, 2021, 7:43 AM IST

চামগুৰি, 5 আগষ্ট: একাংশ ব্যৱসায়ীয়ে নগাঁও জিলাৰ ধিঙৰ ডুমডুমীয়া বালিসত্ৰ অৰ্ধ সাপ্তাহিক বজাৰ বেদখল কৰাৰ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন হোৱাৰ পাচতে এতিয়া জাঙুৰ খাই উঠিছে বজাৰখনৰ বহু ব্যৱসায়ী ৷ বেদখলকাৰীৰ কৱলৰ পৰা বজাৰখন ৰক্ষা কৰাৰ বাবে উচ্ছেদ অভিযান চলাক লৈ এতিয়া সৃষ্টি হৈছে বহু বিতৰ্কৰ ৷

একাংশ ব্যৱসায়ীয়ে ব্যৱসায়িক প্ৰতিষ্ঠান খুলি বজাৰ বেদখলৰৰ চেষ্টা চলোৱা বুলি কেইজনমান লোকে অভিযোগ উত্থাপন কৰাৰ বিপৰীতে ব্যৱসায়ীসকলেও উক্ত লোককেইজনৰ বিৰুদ্ধে প্ৰতিঅভিযোগ অনা পৰিলক্ষিত হৈছে ৷ বালিসত্ৰ বজাৰ ব্যৱসায়ী সন্থাই দাবী কৰিছে যে, এসময়ত বজাৰখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ধণ্টি বৰা আৰু পদুম বৰুৱা নামৰ লোক দুজনে বজাৰখন বেদখল হৈছে বুলি কৰা অভিযোগ সম্পূৰ্ণ মিছা ৷

ধিঙৰ ডুমডুমীয়া বালিসত্ৰ অৰ্ধ সাপ্তাহিক বজাৰ বেদখলৰ অভিযোগ

ধন্টি বৰা আৰু পদুম বৰুৱাই প্ৰায় 20 বছৰ পূৰ্বেই বজাৰত ঠাই দিয়াৰ নামত টকা লোৱা বুলিও একাংশ ব্যৱসায়ীয়ে অভিযোগ উত্থাপন কৰিছে ৷ একাংশ ব্যৱসায়ীৰ অভিযোগ , প্ৰকৃতাৰ্থত ধন্টি বৰা আৰু পদুম বৰুৱাইহে বজাৰৰ দোকান ঘৰৰ ভেটি বিক্ৰী কৰাৰ লগতে চৰকাৰী ভূমি বেদখলৰ চেষ্টা চলাইছে ৷

উল্লেখ্য যে, বৃহত্তৰ চৰাঞ্চলৰ কৃষকসকলৰ কেঁচা মাল ৰপ্তানিৰ ক্ষেত্ৰত এই ডুমডুমীয়া বালিসত্ৰ অৰ্ধ সাপ্তাহিক বজাৰখনে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ৷ বজাৰখন বেদখলকাৰীৰ কৱলত পৰা বুলি কিছুদিন পূৰ্বে প্ৰশাসনে বজাৰখনৰ বেদখলকৃত ভূমিত উচ্ছেদ চলাব বুলিও ঘোষণা কৰিছিল ৷ কিন্তু, গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি থকা এক গোচৰৰ বাবে প্ৰশাসনে বজাৰখনত উচ্ছেদ অভিযান স্থগিত ৰাখিছিল ৷

লগতে পঢ়ক: আমাৰ ছাৰে টকা খাইছে বুলি ক’ত ক’লে ছাত্ৰ-ছাত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.