ETV Bharat / state

নগাঁৱত তন্ত্ৰ-মন্ত্ৰ কৰাৰ নামত ব্লেকমেইলিং

author img

By

Published : Feb 10, 2021, 3:37 PM IST

Updated : Feb 10, 2021, 10:08 PM IST

নগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ নগাঁও চহৰৰ কচুলখোৱাৰ এজন লোকৰ ঘৰত ভাড়াতীয়া হিচাপে থকা এজন লোকৰ পৰিয়ালে দীৰ্ঘদিনৰ পৰা তন্ত্ৰ-মন্ত্ৰ কৰাৰ নামত ব্লেকমেইলিং কৰি অহাৰ অভিযোগ উত্থাপন হৈছে ।

alleged blackmailling by tenant in nagaon
নগাঁৱত তন্ত্ৰ-মন্ত্ৰ কৰাৰ নামত ব্লেকমেইলিং

নগাঁও, 10 ফেব্ৰুৱাৰী : অন্ধবিশ্বাস, কু-সংস্কাৰে বৰ্তমানৰ পৰিৰ্বতনকামী অসমীয়া সমাজখনক আজিও গ্ৰাস কৰি ৰাখিছে ৷ কিয়নো নগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ তন্ত্ৰ-মন্ত্ৰৰ নামত ঘৰৰ মালিকক ব্লেকমেইলিং কৰাৰ অভিযোগ উত্থাপন হৈছে ভাড়াতীয়া পৰিয়ালৰ বিৰুদ্ধে ।

ঘটনাৰ বিৱৰণ অনুসৰি নগাঁও চহৰৰ কচুলখোৱাৰ এজন লোকৰ ঘৰত ভাড়াতীয়া হিচাপে থকা এটা পৰিয়ালে দীৰ্ঘদিনৰ পৰা তন্ত্ৰ-মন্ত্ৰ কৰাৰ নামত ব্লেকমেইলিং কৰি অহাৰ অভিযোগ উত্থাপন হৈছে। তন্ত্ৰ মন্ত্ৰৰ দ্বাৰা ভাড়াতীয়া পৰিয়ালটোৱে মালিকৰ পৰা কেইবাবাৰো ধন আদায় কৰা বুলিও অভিযোগ তুলিছে ঘৰৰ মালিকে ৷

ইয়াৰ উপৰিও আন এক অভিযোগৰ ভিত্তিত মালিক পৰিয়ালৰ যুৱতীৰ মোবাইলৰ গোপন তথ্য ভাইৰেল কৰাৰ নামতো ধন দাবী কৰি আহিছে ভাড়াতীয়া পৰিয়ালটোৱে ৷ কোনো উপায় নাপাই অৱশেষত এই বিষয়ত নগাঁও সদৰ আৰক্ষীৰ কাষ চাপে ভুক্তভোগী পৰিয়ালটো ৷ নগাঁও আৰক্ষীয়ে ইতিমধ্যে ঘৰৰ মালিকৰ এজাহাৰৰ ভিত্তিত অভিযুক্ত ভাড়াতীয়াজনক আটক কৰি সোধপোচ অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:অখিল গগৈৰ মাতৃৰ বিয়োগ বুলি সামাজিক মাধ্যমত ভুৱা প্ৰচাৰ একাংশৰ

Last Updated : Feb 10, 2021, 10:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.